Samantha Ruth Prabhu latest news: আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী হিচাপে পৰিগণিত হ’ল সামান্থা ৰুথ প্ৰভু

author img

By

Published : Nov 24, 2022, 4:56 PM IST

samantha ruth prabhu

দীপিকা-আলিয়াকে ধৰি বহু শীৰ্ষ অভিনেত্ৰীক পিছ পেলাই সৰ্বাধিক জনপ্ৰিয় অভিনেত্ৰীৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে দক্ষিণৰ ছবি জগতৰ অতি সুন্দৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে (most popular actress october 2022) ।

চিটাৰা ডেস্ক, 24 নৱেম্বৰ : কেৱল ছবিৰ ক্ষেত্ৰতেই নহয় সৌন্দৰ্যৰ ক্ষেত্ৰতো যেন বলীউডতকৈ আগবাঢ়িল টলীউড । দীপিকা পাডুকন, আলিয়া ভাট আৰু কেটৰিণা কাইফকে আদি কৰি শীৰ্ষস্থানীয় অভিনেত্ৰী সকলক পিছ পেলাই দক্ষিণৰ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভু সৰ্বাধিক জনপ্ৰিয় অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি 2022 চনৰ অক্টোবৰ মাহৰ সৰ্বাধিক জনপ্ৰিয় মহিলা তাৰকাৰ তালিকা প্ৰকাশ পাইছে (most popular actress october 2022), য’ত সামান্থাই বলীউডৰ লগতে দক্ষিণৰ অন্যান্য অভিনেত্ৰীসকলকো পিছ পেলাই শীৰ্ষস্থান অধিকাৰ কৰিছে ।

আপোনালোকক জনাওঁ যে ভাৰতীয় অভিনেত্ৰীসকলৰ এখন তালিকা প্ৰকাশ পাইছে, যিসকলক দৰ্শকে আটাইতকৈ বেছিকৈ পছন্দ কৰিছে । জানি আচৰিত হ’ব যে সামান্থাই সৰ্বাধিক জনপ্ৰিয় মহিলা তাৰকাৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে । একে সময়তে দ্বিতীয় স্থানত আলিয়া ভাট আৰু পঞ্চম স্থানত আছে দীপিকা পাডুকন । কেটৰিণা কাইফে লাভ কৰিলে সপ্তম স্থান ৷ ৰশ্মিকা মন্দানা তেওঁতকৈ এটা স্থান আগত আছে । অষ্টম, নৱম আৰু দশম স্থানত ক্ৰমান্বয়ে আছে অনুষ্কা শেট্টী, কীৰ্তি সুৰেশ আৰু তৃষা ৷

এই তালিকা মুক্তিৰ পিছত দেখা গৈছে যে বলীউডৰ মাত্ৰ তিনিগৰাকী অভিনেত্ৰীয়েহে স্থান লাভ কৰিবলৈ সক্ষম হ’ল ৷ একে সময়তে চাউথ চিনেমাৰ অভিনেত্ৰীসকলে সাতটাকৈ পদত নিজৰ নাম সুনিশ্চিত কৰে । শেহতীয়াকৈ মুক্তি পোৱা সামান্থাৰ ‘যশোদা’ ছবিখনে বক্স অফিচত অতি উত্তম প্ৰদৰ্শন কৰিছে । ‘পুষ্পা’ ছবিখনত সামান্থাৰ আইটেম নম্বৰ ‘অ অন্তভা’ও দৰ্শকে ভাল পাইছিল ।

লগতে পঢ়ক :Naga Chaitanya Birthday:জন্মদিন উপলক্ষে নাগা চৈতন্যৰ নতুন ছবি কাষ্টডিৰ ফাৰ্ষ্ট লুক মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.