বলীউডত 30 বছৰ সম্পূৰ্ণ কিং খানৰ, শ্বেয়াৰ কৰিলে পাঠান ছবিখনৰ পৰা তেওঁৰ নতুন লুক

author img

By

Published : Jun 25, 2022, 10:18 PM IST

Shahrukh khan

শ্বাহৰুখ খানে ২৫ জুনত হিন্দী চিনে জগতত সম্পূৰ্ণ কৰিলে 30 টা বছৰ ৷ এই বিশেষ দিনটোত অভিনেতাজনে পাঠান চলচ্চিত্ৰখনৰ পৰা তেওঁৰ নতুন ৰূপ প্ৰকাশ কৰিছে (Pathan film) ।

চিটাৰা ডেস্ক, 25 জুন : আজি শ্বাহৰুখ খানৰ বাবে এটা বিশেষ দিন ৷ বলীউডৰ 'বাদশ্বাহ' শ্বাহৰুখ খানে আজি বলীউডত ৩০ বছৰ সম্পূৰ্ণ কৰিছে । অভিনেতাজনৰ এই বিশেষ দিনটোত তেওঁ নিজেই অনুৰাগীসকলৰ বাবেও বিশেষ কৰি তুলিলে ৷ শ্বাহৰুখ অভিনীত বহু প্ৰতীক্ষিত ছবি পাঠানৰ পৰা তেওঁৰ নতুন লুক এটা শ্বেয়াৰ কৰিলে অনুৰাগীৰে সৈতে ৷

শ্বাহৰুখে শ্বেয়াৰ কৰা পোষ্টটোত শ্বাহৰুখ খানে এখন হাতত বন্দুক লৈ থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে । শ্বাহৰুখৰ এই নতুন ৰূপ দেখি অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে । 'পাঠান'ৰ এই মোচন পোষ্টাৰে এতিয়ালৈকে ৫ লাখতকৈও অধিক লাইক লাভ কৰিছে । এইটো অনুমান কৰিব পাৰি যে শ্বাহৰুখৰ অনুৰাগীসকলে তেওঁৰ চিনেমাখন চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে (Pathan film)।

বলীউডত শ্বাহৰুখে ৩০ বছৰ আগতে আৰম্ভ কৰিছিল যাত্ৰা

'পাঠান' ছবিখনত দীপিকা পাডুকন আৰু জন আব্ৰাহামো গুৰুত্বপূৰ্ণ ভূমিকাত আছে (Pathaan cast) । পাঠান ছবিখন 2023 বৰ্ষৰ 25 জানুৱাৰীত মুক্তি লাভ কৰিব (pathan release date) ৷ শ্বাহৰুখ খানে আজিৰ পৰা 30 বছৰৰ আগতে ছবি জগতত ভৰি থৈছিল ৷ ৰাজ কানৱাৰৰ 'দিৱানা'ৰ সৈতে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ ১৯৯২ চনত মুক্তি লাভ কৰিছিল ছবিখনে ।

ছবিখনত দিব্যা ভাৰতী আৰু ঋষি কাপুৰে তেওঁৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ছবিখন বক্স অফিচত সফল হিচাপে প্ৰমাণিত হৈছিল আৰু প্ৰথমখন ছবিৰ পৰাই শ্বাহৰুখ খান বলীউডত জিলিকি উঠিছিল ।

লগতে পঢ়ক : ভাইজানৰ সৈতে এটা সময়ত খুব চৰ্চালৈ আহিছিল এই গৰাকী বলীউড হাছিনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.