Jawan release date Postponed : কিয় পিছুৱাই দিবলগীয়া হ’ল শ্বাহৰুখ খানৰ ছবি জৱানৰ মুক্তিৰ তাৰিখ ?

author img

By

Published : Mar 15, 2023, 5:21 PM IST

Shah Rukh khan jawan postponed, actor and atlee discussing probable new release date

বলীউডৰ কিং শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবি জৱানক লৈ অনুৰাগীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে (Jawan release date Postponed) ৷ কিন্তু অনুৰাগীৰ এই অপেক্ষা আৰু অধিক দীঘলীয়া হ’ব ৷ কাৰণ পূৰ্বৰ নিৰ্ধাৰিত তাৰিখত এতিয়া মুক্তি লাভ নকৰে জৱান ছবিখন ৷ জানি লওক কেতিয়া ছবিগৃহত মুক্তি লাভ কৰিব জৱানে ৷

চিটাৰা ডেস্ক, 15 মাৰ্চ: পাঠান ছবিখনৰ জৰিয়তে সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰা বলীউডৰ কিং শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবি হৈছে জৱান (Pathan On OTT) ৷ সম্প্ৰতি জৱান ছবিখনক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে ৷ যোৱা বছৰ অৰ্থাৎ ২০২২ চনৰ ২ জুনত ছবিখনৰ টিজাৰ মুকলি হৈছিল ৷ ইয়াৰ পিচতে ভাৰতীয় চলচ্চিত্ৰ জগতত জৱানক লৈ আৰম্ভ হৈছিল ব্যাপক চৰ্চা (Shah rukh khan jawan postponed) ৷

ছবিখনৰ টিজাৰ মুকলি হোৱাৰ পিচতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছিল সেইসময়ত । ছবি নিৰ্মাতাসকলে তাৰিখ ঘোষণা কৰা অনুসৰি অহা ২ জুনত ছবিখন মুক্তি লাভ কৰাৰ কথা আছিল (Jawan Postpone) । কিন্তু জানিব পৰা মতে এতিয়া জৱান ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে । কেতিয়া মুক্তি লাভ কৰিব ছবিখন ?

কোনে পৰিচালনা কৰিছে জৱান ছবিখন ?

দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ বিখ্যাত পৰিচালক অৰুণ কুমাৰ ওৰফে এটলীৰ কাম দেখি শ্বাহৰুখ খানে নিজেই পৰিচালকগৰাকীৰ সৈতে এখন ছবি নিৰ্মাণৰ ইচ্ছা প্ৰকাশ কৰিছিল । ইয়াৰ পিচত এটলীয়ে শ্বাহৰুখ খানৰ বাবে জৱান ছবিখন ৰচনা কৰিছিল । এই ছবিখনত প্ৰথমবাৰৰ বাবে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে একেলগে দেখা পোৱা যাব লেডী শ্বাহৰুখ নামেৰে পৰিচিত দক্ষিণৰ বিখ্যাত অভিনেত্ৰী নয়নতাৰাক ।

একে সময়তে শ্বাহৰুখ খানে দক্ষিণৰ আন এজন জনপ্ৰিয় অভিনেতা বিজয় সেতুপতিৰো কাম ভাল পাইছিল আৰু তেওঁৰ সৈতে জৱান ছবিত একেলগে দেখা পোৱা যাব শ্বাহৰুখ খানক (Shah Rukh khan upcoming movie) ৷ আনহাতে ছবিখনত ভিলেইনৰ চৰিত্ৰত দেখা পোৱা যাব বিজয়ক ।

ছবিখন কেতিয়া মুক্তি লাভ কৰিব ?

জৱান ছবিখনৰ শ্বুটিং পূৰ্ণগতিত চলি আছে (Jawan movie release date) । কিন্তু প্ৰাৰম্ভিক খবৰ অনুসৰি জানিব পৰা মতে নিৰ্মাতাসকলে এই ছবিখনক অধিক সময় লৈ পাঠানতকৈও ভাল ছবি নিৰ্মাণৰ বাবে কাম কৰি আছে । যাৰবাবে ছবিখন অক্টোবৰ মাহত ছবিগৃহত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ৷ ছবিখনৰ সম্পাদনাৰ কাম সম্পূৰ্ণ হ’লেই ছবিখন কেতিয়া মুক্তি লাভ কৰিব সেয়া জানিব পৰা যাব ৷

লগতে পঢ়ক: Hunter trailer out now: সুনীল শ্বেট্টীৰ একচন থ্ৰিলাৰ ছিৰিজ হাণ্টাৰৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.