IIFA 2023: বিকি কৌশলক আওকাণ কৰিলে নেকি ছলমানে ? ভাইজানৰ দেহৰক্ষীয়ে ঠেলি দিলে বিকিক !

author img

By

Published : May 26, 2023, 11:03 AM IST

Salman Khans bodyguard pushes Vicky Kaushal aside viral video divides internet

আইআইএফএৰ সংবাদমেলত বিকি কৌশলক আওকাণ কৰিলে নেকি ছলমান খানে? ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে ছলমান আৰু বিকিৰ এটা ভিডিঅ’ (Viral video of Salman and Vicky)। এই ভিডিঅ’টো চোৱাৰ পিচত ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

চিটাৰা ডেস্ক, 26 মে’: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান বৰ্তমান আইফা ২০২৩ ৰ বাবে আবু ধাবিত আছে (IIFA 2023 in abu dhabi)। আইফা ২০২৩ ৰ বাবে ছুপাৰষ্টাৰগৰাকীৰ সৈতে যোগ দিব অভিষেক বচ্চন, বিকি কৌশল, ফাৰাহ খান আৰু ৰাজকুমাৰ ৰাওৱে । ইয়াৰ মাজতে আইফাৰ সংবাদমেলৰ পৰা ছলমান খান আৰু বিকি কৌশলৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Viral video of Salman and Vicky) ৷ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে অনুৰাগীয়ে ছলমান খানক সমালোচনা কৰা দেখা যায় ৷ কিন্তু ভিডিঅ’টোত আচলতে কি আছিল যাৰ বাবে অনুৰাগীয়ে ছলমান খানক সমালোচনা কৰে ? সেয়া জানিবলৈ আপুনি পঢ়িব লাগিব এই প্ৰতিবেদন ৷

কি আছিল ভাইৰেল ভিডিঅ’টোত ?

ভাইৰেল ভিডিঅ’টোত ছলমান খানে নিজৰ দেহৰক্ষীৰ সৈতে ভিতৰত প্ৰৱেশ কৰাৰ সময়ত বিকি কৌশলক এগৰাকী অনুৰাগীৰ সৈতে চেলফি লৈ থকা দেখা যায় ৷ ইয়াৰ পিচত ছলমানে লাহে লাহে ওচৰ চাপি অহাৰ লগে লগে বিকিয়ে ছলমানক সম্ভাষণ জনাবলৈ ছলমানৰ ফালে হাতখন আগবঢ়াই থকা দেখা যায় (Salman ignores Vicky kaushal at IIFA) ।

অৱশ্যে এজন নিৰাপত্তাৰক্ষীয়ে বিকিক ছুপাৰষ্টাৰগৰাকীৰ পৰা আঁতৰাই ঠেলি দিয়ে, কিয়নো ছলমানে তেওঁৰ ফালে হাতখন আগবঢ়াই নিদি মাত্ৰ এবাৰ চকু ফুৰাই আঁতৰি যায় । বিকিৰ মুখৰ ভাব স্পষ্টকৈ দেখা গৈছে ভিডিঅ’টোত (Salman bodyguard pushes Vicky) । দ্বিতীয়বাৰৰ বাবেও বিকিয়ে হাত মিলাবলৈ চেষ্টা কৰে যদিও ছলমানে আওকাণ কৰি গুচি যোৱা যেন লাগে ।

ভিডিঅ’টো দেখি অনুৰাগীসকলে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া

এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে যে, “এজন সাধাৰণ মানুহৰ দৰে একাষৰীয়া কৰি দিছে, কিন্তু ছলমান খানৰ নিৰাপত্তাৰ আঁৰৰ কাৰণ আমি সকলোৱে জানো ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘ছলমানে বিকিৰ প্ৰতি ইমান এটিটুউড দেখুৱাইছে । ভাল দেখা নাই।' আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, ‘বহুত বন্ধুত্বপূৰ্ণ দেখা নাযায় । দুয়োকে খঙাল যেন লাগিছে । বিকিয়ে কোৱা কথাৰ উত্তৰতো ছলমানে একো কোৱা নাছিল ।’

'টাইগাৰ ৩'ৰ শ্বুটটো সামৰিলে ছলমানে

আইআইএফএ ২০২৩ৰ সংবাদমেলত ছলমানে প্ৰকাশ কৰে যে অৱশেষত তেওঁ ‘টাইগাৰ ৩’ৰ শ্বুটিং সমাপ্ত কৰিছে আৰু ছবিখন চলিত বৰ্ষৰ দীপাৱলীত মুক্তি পাব । এই ছবিখনত কেটৰিনা কাইফো আছে আৰু খবৰ অনুসৰি শ্বাহৰুখ খানৰ কেমিঅ’ দেখা যাব ছবিখনত ।

লগতে পঢ়ক: Salman Khan: বিমানবন্দৰত ভাইজানক দেখি দৌৰি আহিল এটি কণমানি অনুৰাগী, তাৰ পিচত কি হ’ল চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.