Salman Khan: টাইগাৰ ৩ ৰ শ্বুটিং সম্পূৰ্ণ কৰিলে ভাইজানে, দীপাৱলীত ছবিগৃহত মুক্তি পাব ছবিখন

author img

By

Published : May 26, 2023, 3:47 PM IST

Salman Khan Upcoming film Tiger 3 shooting completed

ছলমান খানৰ আগন্তুক ছবি টাইগাৰ-৩ৰ শ্বুটিং সম্পূৰ্ণ হৈছে। এই কথা স্বয়ং ছলমান খানে এক অনুষ্ঠানৰ সময়ত নিশ্চিত কৰিছে ৷

চিটাৰা ডেস্ক, 26 মে’: বৰ্তমান আবুধাবিত আছে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান । কিছুদিন পূৰ্বে ছুপাৰষ্টাৰগৰাকী ব্যস্ত হৈ আছিল তেওঁৰ আগন্তুক ছবি ‘টাইগাৰ ৩’ ৷ কিন্তু এতিয়া জানিব পৰা মতে ‘টাইগাৰ ৩’ৰ শ্বুটিং সম্পূৰ্ণ হৈছে । উল্লেখনীয় যে টাইগাৰ ছিৰিজৰ তৃতীয়খন ছিকুৱেল পৰিচালনা কৰিছে মনীষ শৰ্মাই । ৰূপালী পৰ্দাত টাইগাৰৰ চৰিত্ৰত ছলমান পুনৰবাৰ দেখিবলৈ যথেষ্ট উৎসাহিত হৈ আছে অনুৰাগীসকল (Salman Khan Upcoming film Tiger 3)।

অৱশ্যে বৰ্তমান এৱাৰ্ড শ্ব’ত অংশগ্ৰহণ কৰিবলৈ আবু ধাবিলৈ গৈছে ছলমান (Tiger 3 shooting completed) । গ্ৰেণ্ড ইভেণ্টৰ পূৰ্বে ছুপাৰষ্টাৰগৰাকীয়ে তাত থকা সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰা দেখা পোৱা যায় । ছবিখনৰ শ্বুটিঙৰ বিষয়ে প্ৰকাশ কৰাৰ সময়ত তেওঁ কয় যে টাইগাৰ ৩ ৰ শ্বুটিং ‘ব্যস্ততাপূৰ্ণ’ । ভাইজানে জনোৱা মতে, তেওঁ বৃহস্পতিবাৰে নিশা টাইগাৰ ৩ ৰ শ্বুটিং সম্পূৰ্ণ কৰিলে। তেওঁ ক’লে, ‘ইনশ্বাল্লাহ, এই দীপাৱলীত আপুনি ‘টাইগাৰ’ চাব পাৰিব । বৰ ব্যস্ত শ্বুটিং আছিল যদিও ভাল আছিল (Tiger 3 shooting completed)।’

ছবিখনত ছলমান আৰু কেটৰিনা কাইফৰ উপৰিও ইমৰাণ হাছমীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । হিন্দী ভাষাৰ লগতে তামিল আৰু তেলেগু ভাষাতো মুক্তি পাব ছবিখন । উল্লেখ্য যে, আবু ধাবিলৈ যোৱাৰ পূৰ্বে ডাবাং তাৰকাগৰাকীয়ে বলীউডৰ ‘পাঠান’ শ্বাহৰুখ খানৰ সৈতে মুম্বাইত শ্বুটিং সম্পূৰ্ণ কৰিছিল । ছবিখনত কিং খানক বিশেষ ৰূপত দেখা পোৱা যাব । খবৰ অনুসৰি দুয়োজনে শ্ৰেষ্ঠ একচন দৃশ্যৰ বাবে শ্বুটিং কৰিছে । এই দৃশ্যটোৰ বাবে চহৰত এটা ডাঙৰ শ্বুটিং চেট ৰখা হৈছিল।

উল্লেখ্য যে ছলমান খানক শেহতীয়াকৈ পূজা হেগড়েৰ বিপৰীতে দেখা গৈছিল পাৰিবাৰিক ৰোমান্টিক নাটক ছবি ‘কিচি কা ভাই কিছি কি জান’ ছবিখনত । এতিয়া টাইগাৰৰ তৃতীয় ছিকুৱেলত কেটৰিনাৰ বিপৰীতে দেখা যাব অভিনেতাগৰাকীক । ইয়াৰ পিচত তেওঁ আৰম্ভ কৰিব কিক-২ ৰ দৃশ্যগ্ৰহণ ।

লগতে পঢ়ক : IIFA 2023: বিকি কৌশলক আওকাণ কৰিলে নেকি ছলমানে ? ভাইজানৰ দেহৰক্ষীয়ে ঠেলি দিলে বিকিক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.