Richa Chadha Hollywood movie : হলীউডত ভূমুকি মৰাৰ দিশে অভিনেত্ৰী ৰিছা চড্ডা

author img

By

Published : Apr 2, 2022, 2:22 PM IST

Richa Chadha hollywood movie

হিন্দী ছবিজগতৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী ৰিছা চড্ডাই বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকক সদায় আপ্লুত কৰি আহিছে ৷ সম্প্ৰতি ৰিছাৰ হাতলৈ আহিছে হলীউডৰ অফাৰ (Richa Chadha hollywood movie) ৷

চিটাৰা ডেস্ক, 2 এপ্ৰিল : বলীউডৰ ষ্টাইলিছ অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম হৈছে ৰিছা চড্ডা ৷ হিন্দী ছবিজগতত ৰিছাই কেইবাটাও উল্লেখনীয় চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ ছবি দৰ্শকক উপহাৰ দিছে (Richa Chadha films) ৷ এতিয়া নতুনকৈ খবৰ আহিছে যে, ৰিছাই হলীউডৰ ছবিতো অভিনয় কৰিবলৈ আগবাঢ়িছে (Richa Chadha hollywood movie) ৷

হলীউডৰ এখন ছবিত অভিনয়ৰ বাবে ৰিছা চড্ডাৰ সৈতে বৰ্তমানে কথা-বতৰা চলাইছে নিৰ্মাতাই ৷ ছবিখনত ভাৰতীয় মূলৰ এগৰাকী ঘোঁৰা চালকৰ চৰিত্ৰ ৰূপায়ণৰ অফাৰ আহিছে ৰিছালৈ (Richa Chadha hollywood debut) ৷ ইতিমধ্যে ৰিছাই চৰিত্ৰটোৰ বাবে অনুশীলন আৰম্ভ কৰাৰ খবৰো আহি পৰিছে ৷ ইয়াৰ লগতে ৰিছাই ঘোঁৰা চালনাৰো অনুশীলন অব্যাহত ৰাখিছে ৷

Richa Chadha hollywood movie
প্ৰেমিক আলীৰ সৈতে ৰিছা

অলপতে ৰিছাৰ প্ৰেমিক আলী ফজলে এখন বিগ বাজেটৰ ছবিত অভিনয় কৰিছিল ৷ ৰিছাই নিজৰ ইনষ্টাগ্ৰামত ছবিখনৰ বিভিন্ন ভিডিঅ’ আৰু পোষ্টাৰ শ্বেয়াৰ কৰি প্ৰেমিক আলীক প্ৰশংসা কৰা দেখা গৈছিল ৷

হলীউডৰ কেইবাটাও প্ৰজেক্টত কাম কৰা আলী ফজলৰ পিছত প্ৰেমিকা ৰিছাও আগবাঢ়িছে একেটা দিশতে (Richa Chadha latest news) ৷ ৰিছা আৰু আলীয়ে দীৰ্ঘসময় ধৰি প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে ৷ সামাজিক মাধ্যমত দুয়োৱে এজনে আনজনৰ পোষ্টবোৰত লাইক, কমেণ্ট কৰি অনুৰাগীক মনোৰঞ্জন দি থকাও দেখা গৈছে ৷ ৰিছা আৰু আলীক একেলগে ফুকৰে 3 ত দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক: Kangana reaction after watching RRR: এছ এছ ৰাজামৌলীৰ অনুৰাগী হৈ পৰিল কংগনা ৰানাৱট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.