Richa Chadha Ali Fazal wedding খাদ্যৰ তালিকাৰ পৰা বিয়াৰ সাজলৈকে ৰিছা আলীৰ বিয়াৰ সকলো খবৰ ইয়াতে

author img

By

Published : Sep 28, 2022, 1:56 PM IST

Richa Chadha Ali Fazal

তুংগত উঠিছে ৰিছা চড্ডা আৰু আলী ফজলৰ বিয়াৰ প্ৰস্তুতি । যিহেতু বিবাহৰ পূৰ্বৰ সকলো অনুষ্ঠান দিল্লীত অনুষ্ঠিত হ’ব, সেয়েহে তাৰকাদ্বয়ে অতিথিসকলক দিল্লীৱালা ট্ৰিটমেণ্ট দিয়াৰ সিদ্ধান্ত লৈছে (Richa Chadha Ali Fazal wedding) । বুধবাৰে পুৱাই দিল্লী অভিমুখে ৰাওনা হয় ৰিছা আৰু আলী ।

চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ : বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰিছা চড্ডা আৰু আলী ফজল বিবাহপাশত আবদ্ধ হ’বলৈ সাজু হৈছে । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিবাহৰ পূৰ্বৰ অনুষ্ঠান সমূহৰ বাবে বুধবাৰে দিল্লীলৈ যাত্ৰা কৰে দুয়োৱে । খোৱাৰ মেনুৰ পৰা বিবাহৰ পোছাকলৈকে, দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰিছা আৰু আলীৰ বিয়াৰ পৰা সবিশেষ ইয়াতে জানি লওক (Richa Chadha Ali Fazal wedding details) ৷

Richa Chadha Ali Fazal
ৰিছা আলীৰ বিয়াৰ সকলো খবৰ ইয়াতে

বিয়াৰ কাৰ্যসূচী বৃহস্পতিবাৰ আৰু শুক্ৰবাৰৰ পৰা দিল্লীৰ দুটা পৃথক স্থানত অনুষ্ঠিত হ'ব (Richa Chadha Ali Fazal wedding)। অমৃতসৰত জন্ম গ্ৰহণ কৰা আৰু দিল্লীত ডাঙৰ দীঘল হোৱা ৰিছাৰ ৰাষ্ট্ৰীয় ৰাজধানীৰ সৈতে এক বিশেষ সম্পৰ্ক আছে । বিয়াখনত আন সকলো উপাদানৰ লগতে অতিথিৰ বাবে থাকিব তেওঁলোকৰ প্ৰিয় খাদ্য ৷ বিয়াখনৰ সা-সজ্জাও চকুত লগাকৈ সজোৱা হ’ব ৷

ৰিছা-আলীৰ বিয়াৰ পোছাক :

বিবাহৰ পূৰ্বৰ অনুষ্ঠানবোৰত ক্ৰেশা বাজাজ আৰু ৰাহুল মিশ্ৰৰ দ্বাৰা নিৰ্মিত পোছাক পৰিধান কৰিব ৰিছা চড্ডাই আৰু আলীক আবু জানি, সন্দীপ খোচলা, শান্তনু আৰু নিখিলৰ দ্বাৰা তৈয়াৰী সুন্দৰ পোছাকত দেখিবলৈ পোৱা যাব ।

বিকানেৰৰ পৰা ৰিছাৰ কাষ্টম-মেড গহণা :

কইনাৰ গহণা বিকানেৰৰ পৰা অনা হৈছে । দিল্লীৰ অনুষ্ঠানসমূহৰ বাবে অভিনেত্ৰীগৰাকীৰ গহণাসমূহ বিকানেৰৰ এটা 175 বছৰীয়া অলংকাৰ তৈয়াৰ কৰা পৰিয়ালে নিৰ্মাণ কৰি আছে । খাজাঞ্চী পৰিয়ালটোৰ অলংকাৰৰ এক স্বকীয়তা আছে আৰু তেওঁলোক যথেষ্ট জনাজাত ৷ তেওঁলোকে ৰিছাৰ বাবে অদ্বিতীয় গহণা ডিজাইন কৰিব ।

ৰিছা-আলী বিবাহৰ খাদ্য তালিকা :

খাদ্যৰ ক্ষেত্ৰত মেনুখন এক আমোদজনক ধৰণে তৈয়াৰ কৰা হৈছে ৷ ৰাজৌৰী গাৰ্ডেনৰ চোলে ভাটুৰৰ পৰা নটৰাজৰ চাটলৈকে ধৰি দিল্লীস্থিত ৰিছাৰ প্ৰিয় ব্যঞ্জনবোৰৰ অন্তৰ্ভূক্ত কৰি প্ৰস্তুত কৰা হৈছে খাদ্য তালিকা ।

ৰিছা-আলীৰ বিয়াৰ স্থান :

বিবাহৰ আগৰ অনুষ্ঠানৰ বাবে ৰিছাৰ ঘনিষ্ঠ বন্ধুৰ ঘৰৰ বিশাল ঘাঁহনি এডৰা বাছনি কৰা হৈছে য'ত তেওঁৰ মেহেন্দী আৰু সংগীত অনুষ্ঠান পতা হ’ব । ঠাইডোখৰ ৰিছাৰ বাবে নষ্টালজিক কিয়নো ৰিছাই য'ত পঢ়িছিল ই তেনেই তাৰ ওচৰতে । ঠাইডোখৰৰ সা-সজ্জাটো প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত ৷ কাঠ, ফুল, পাত আদিৰে সজোৱা হ’ব ঠাইডোখৰ ৷ দুয়োজন তাৰকাৰে প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমক প্ৰতিফলিত কৰিব ইয়ে ।

ফোন ব্যৱহাৰৰ অনুমতি আছে :

বলীউডৰ বহু তাৰকাই বিয়াৰ সময়ত যি কৰে তাৰ বিপৰীতে ৰিছা আৰু আলীয়ে নিজৰ বিয়াৰ অনুষ্ঠানত "নো ফোন নীতি" বৰ্জন কৰিছে । তেওঁলোকে বিচাৰিছে বিয়াৰ অনুষ্ঠান সমূহ ধেমালিৰ মাজেৰে পাৰ হওক আৰু তেওঁলোকৰ অতিথিসকলে যাতে নিজৰ মতে অনুষ্ঠান উপভোগ কৰিব পাৰে । তেওঁলোকৰ আমন্ত্ৰণ পত্ৰত লিখা আছিল যে "আপোনাৰ ফোন এৰি মুহূৰ্তবোৰ উপভোগ কৰক। সময়বোৰ কেমেৰাত বন্দী কৰাটো লৈ চিন্তা নকৰিব । মুহূৰ্তবোৰ সঠিক সময়ত ধৰি ৰাখক"। তেওঁলোকে দৃঢ়ভাৱে অনুভৱ কৰে যে যেতিয়া অতিথিৰ ওপৰত বাধা আৰোপ কৰা নহয় তেতিয়া তেওঁলোকে অধিক মুকলি মনেৰে বিয়া উপভোগ কৰিব পাৰিব । তেওঁলোকে বিচাৰিছে যে মানুহৰ হাতত ফোন থকাৰ পিছতো যাতে সকলোৱো ভাল সময় অতিবাহিত কৰে !

বহনক্ষম বিবাহ :

ৰিছা আৰু আলীৰ বিয়াখন এক বহনক্ষম বিয়া হ'ব । প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি থকা প্ৰেমৰ বাবে জনাজাত ৰিছা আৰু আলীয়ে দুয়োৱে তেওঁলোকৰ বিয়াখনৰ পৰা পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ প্ৰতি সচেতনতা অৱলম্বন কৰিছে । দম্পতীহালে যুটীয়াভাৱে তেওঁলোকৰ দলৰ সহায়ত পুনৰ্ব্যৱহাৰ কৰা বা পুনৰ নিৰ্মাণ কৰা কাঠ আৰু বহনক্ষম সামগ্ৰী ব্যৱহাৰ কৰি সাজসজ্জা কৰোৱাইছে ।

ইয়াৰ পূৰ্বে ৰিছা আৰু আলীৰ প্ৰায় দুবাৰকৈ বিয়া ঠিক হৈছিল কিন্তু মহামাৰীৰ বাবে বিবাহৰ পৰিকল্পনা পিছুৱাই দিয়া হৈছিল । ৰিছা আৰু আলী প্ৰথমবাৰৰ বাবে 2012 চনত ফুক্ৰেৰ ছেটত লগ পাইছিল আৰু সোনকালেই প্ৰেমত পৰিছিল ।

লগতে পঢ়ক : Richa Chadha Hollywood movie : হলীউডত ভূমুকি মৰাৰ দিশে অভিনেত্ৰী ৰিছা চড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.