Raju Srivastava Funeral:পঞ্চভূতত বিলীন হ’ল ৰাজু শ্ৰীবাস্তৱ

author img

By

Published : Sep 22, 2022, 2:04 PM IST

Raju Srivastava

দিল্লীৰ নিগম বোধ ঘাটত শেষকৃত্য সম্পন্ন হয় বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ (Gajodhar bhaiya last rite)। এতিয়া কেৱল ৰাজুৰ স্মৃতি আৰু তেওঁৰ হাঁহিমুখীয়া মুখখনহে আমাৰ মাজত চিৰদিনৰ বাবে ৰৈ যাব ৷

চিটাৰা ডেস্ক, 22 ছেপ্টেম্বৰ : 'গজোধৰ ভৈইয়া' খ্যাত ৰাজু শ্ৰীবাস্তৱ, যিয়ে তেওঁৰ আশ্চৰ্যকৰ কৌতুকেৰে ঘৰে ঘৰে সকলো মানুহৰে চকুত আনন্দৰ চকুপানী বোৱাইছিল সেই ৰাজু আজি মিলি গ’ল পঞ্চভূতত । পৰিয়ালৰ সদস্য আৰু নিকট আত্মীয়ৰ উপস্থিতিত ৰাজুৰ 22 ছেপ্টেম্বৰত দিল্লীৰ নিগম বোধ ঘাটত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । উত্তৰ প্ৰদেশৰ পৰ্যটন মন্ত্ৰীয়েও শ্মশানত ৰাজুক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহে ।

ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৱে মনোৰঞ্জন ক্ষেত্ৰখনকে ধৰি সমগ্ৰ দেশৰ অনুৰাগীসকলক শোকাকুল কৰি তুলিছে । ৰাজুক অন্তিম বিদায় দিয়াৰ পৰত পৰিয়াল আৰু অনুৰাগীসকলৰ চকু সেমেকি উঠে । শ্ৰীবাস্তৱৰ অন্তিম যাত্ৰাটো দিল্লীৰ দশৰথপুৰীৰ পৰা পুৱা 4 বজাত উলিয়াই অনা হৈছিল, য'ত বহু সংখ্যক অনুৰাগীয়ে তেওঁলৈ শেষ শ্ৰদ্ধা জনাবলৈ গোট খাইছিলহি । তেওঁৰ কানপুৰৰ পৰিয়ালবৰ্গও দিল্লীত উপস্থিত হৈছেহি ।

  • Delhi | Mortal remains of comedian #RajuSrivastav being taken to Nigambodh Ghat crematorium for last rites.

    He passed away at AIIMS yesterday after being admitted here on August 10 after experiencing chest pain & collapsing while working out at the gym. pic.twitter.com/xosdquZoAY

    — ANI (@ANI) September 22, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজুৰ অন্তিম যাত্ৰা

চেলেব্ৰিটীৰ পৰা অনুৰাগীলৈকে সকলোৱে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । তেওঁৰ মৃতদেহ প্ৰথমে এম্বুলেন্সত খোজকাঢ়ি দশৰথপুৰী বাসগৃহৰ পৰা পালমলৈ লৈ যোৱা হয় আৰু তাৰ পিছতে নিগমবোধ ঘাটত তেওঁৰ মৃতদেহ সৎকাৰ কৰা হয় । তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত বৃহৎ সংখ্যক অনুৰাগী উপস্থিত আছিল, যাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছিল ।

42 দিন অসুস্থতাৰ সৈতে যুঁজিছিল ৰাজুৱে

42 দিন ধৰি চিকিৎসালয়ৰ আই চি ইউ ৱাৰ্ডত ভৰ্তি হৈ থাকি অৱশেষত 21 ছেপ্টেম্বৰত দিল্লীৰ এইমছ হাস্পতালত ৰাজুৰ মৃত্যু হয় (Raju Srivastava death) । স্বামীৰ মৃত্যুত পত্নী শিখা ৰায় সম্পূৰ্ণৰূপে ভাঙি পৰিছে । ৰাজু সুস্থ হৈ উভতি আহিব বুলি আশাবাদী আছিল শিখা ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাজু শ্ৰীবাস্তৱৰ ভায়েকে জনাইছে দৰাচলতে 21 ছেপ্টেম্বৰত ঘটিছিল কি ? বুধবাৰে ৰাজুৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু সেই দিনটোতে ৰাজুৰ ৰক্তচাপ হঠাতে হ্ৰাস হ'বলৈ ধৰে । এনে পৰিস্থিতিত, ৰাজুক চিপিআৰ (কাৰ্ডিওপালমোনাৰী ৰিচাচিটেচন) দিয়া হৈছিল । ইয়াৰ পিছত ৰাজুৱে অলপ লৰচৰ কৰে যদিও পিছত মৃত্যু বৰণ কৰে । চিকিৎসকৰ মতে, ৰাজুৰ স্বাস্থ্যৰ উন্নতি দেখা গৈছিল আৰু অহা দুই-তিনি দিনৰ ভিতৰত তেওঁক ভেণ্টিলেটৰৰ পৰা আঁতৰ কৰোৱাৰ কথা ভাবিছিল তেওঁলোকে । চিকিৎসাৰ সময়ত তেওঁৰ ঔষধৰ পৰিমাণো হ্ৰাস কৰা হৈছিল, কিন্তু ৰাজুৱে সকলোকে কন্দুৱাই এৰি গুচি গ’ল ৷

লগতে পঢ়ক : Raju Srivastava news: শ্বাহৰুখ, ছলমান আৰু হৃতিকৰ সৈতে ৰূপালী পৰ্দাত দেখা গৈছিল ৰাজু শ্ৰীবাস্তৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.