সকলোকে শোক সাগৰত পেলাই বিদায় মাগিলে ৰাজু শ্ৰীবাস্তৱে

author img

By

Published : Sep 21, 2022, 10:53 AM IST

Updated : Sep 21, 2022, 11:43 AM IST

RAJU SRIVASTAV

কমেডিয়ান ৰাজু শ্ৰী শ্ৰীবাস্তৱ আৰু আমাৰ মাজত নাই (Raju Srivastav passes away) ৷ 58 বছৰ বয়সত জীৱন যাত্ৰাৰ সামৰণি পেলাই জনপ্ৰিয় তাৰকাজনে (Comedian Raju Srivastav)৷

চিটাৰা ডেস্ক, 21 ছেপ্টেম্বৰ : অন্ত পৰিল এটা যুগৰ ৷ নিদ্ৰা দেৱীৰ কোলাত চিৰদিনৰ বাবে শুই পৰিল দেশবাসীক হাঁহিৰ খোৰাক যোগোৱা ব্যক্তিজন (Raju Srivastav passes away)৷ হৃৎক্ৰিয়াৰ সমস্যাত ভুগি হাস্পতালত ভৰ্তি হৈ থকা ৰাজু শ্ৰী বাস্তৱৰ মৃত্যু ঘটে ৷ 10 আগষ্টত ৰাজু শ্ৰীবাস্তৱক ভৰ্তি কৰোৱা হৈছিল দিল্লীস্থিত এইমছত ৷ নিউজ এজেঞ্চি এ এন আইয়ে জানিবলৈ দিয়ে যে শ্ৰীবাস্তৱৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে ৷

42 দিন ধৰি AIIMS ত ভৰ্তি হৈ আছিল ৰাজু শ্ৰীবাস্তৱ ৷ জিমত ট্ৰেডমিলত খোজ কাঢ়ি থকাৰ সময়তে অকস্মাতে ঢলি পৰে তেওঁ ৷ ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ বিগত 41 দিন ধৰি তেওঁৰ চিকিৎসা চলি আছিল আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল ৷ চিকিৎসকে যেতিয়া তেওঁৰ মূৰৰ চিটি স্কেন কৰিছিল তেতিয়া মগজুৰ এটা অংশ ফুলি থকা দেখা গৈছিল ।

চিকিৎসা চলি থকাৰ মাজতে চিকিৎসকৰ দলে তেওঁৰ কেইবাবাৰো সম্বিত ঘূৰাই পোৱাৰ কথা সদৰি কৰিছিল ৷ ৰাজুৰ চিকিৎসাৰ সময়ত তেওঁক অমিতাভ বচ্চনৰ কণ্ঠও শুনোৱা হৈছিল ৷ ভেণ্টিলেটৰত থকা ৰাজুক কন্যা অন্তৰাইয়ো লগ কৰি পুনৰ সুস্থ হৈ উঠাৰ বাবে কাতৰ অনুৰোধ জনাইছিল ৷

AIIMS ত ৰাজুৰ এঞ্জিওপ্লাষ্টিও কৰা হৈছিল, য’ত হৃদযন্ত্ৰৰ এটা বৃহৎ অংশত 100% ব্লকেজ পোৱা গৈছিল । ইহসংসাৰত ৰাজুৱে পত্নী শিখা, কন্যা অন্তৰা, পুত্ৰ আয়ুষ্মান, জ্যেষ্ঠ ভাতৃ চি পি শ্ৰীবাস্তৱ, সৰু ভাতৃ দীপু শ্ৰীবাস্তৱ, ভতিজা মায়ংক আৰু মৃদুলক এৰি থৈ যায় ।

ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম সত্য প্ৰকাশ শ্ৰীবাস্তৱ । 1963 চনৰ 25 ডিচেম্বৰত কানপুৰৰ নয়াপুৰৱাত জন্মগ্ৰহণ কৰিছিল । 1993 চনত তেওঁ কমেডীৰ জগতখনত প্ৰৱেশ কৰে । 1980 চনত কানপুৰৰ পৰা মুম্বাইলৈ সপোন পূৰাবলৈ দৌৰিছিল তেওঁ ।

1980 চনৰ পৰা মনোৰঞ্জন জগতৰ চিনাকি মুখ হিচাপে পৰিগণিত হোৱা শ্ৰীবাস্তৱে 2005 চনত ৰিয়েলিটী ষ্টেণ্ড-আপ কমেডী শ্ব’ The Great Indian Laughter Challengeৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰাৰ পিছত খ্যাতি লাভ কৰে ৷ শ্ৰীবাস্তৱে হিন্দী চলচ্চিত্ৰ যেনে Maine Pyar Kiya, Baazigar, Bombay to Goa আৰু Aamdani Atthani Kharcha Rupaiyaৰ ৰিমেকত অভিনয় কৰিছিল ।

Last Updated :Sep 21, 2022, 11:43 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.