Rajinikanth honoured by IT Department: আয়কৰ বিভাগৰ দ্বাৰা সন্মানিত চুপাৰষ্টাৰ ৰজনীকান্ত; গৌৰৱান্বিত কন্যা ঐশ্বৰ্য

author img

By

Published : Jul 25, 2022, 1:30 PM IST

Rajinikanth

২৪ জুলাইত চেন্নাইত আয়কৰ দিৱস পালন কৰা হয় । তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰাৰাজনে সভাপতিত্ব কৰা অনুষ্ঠানটোত ঐশ্বৰ্যই তেওঁৰ চুপাৰষ্টাৰ পিতৃ ৰজনীকান্তৰ হৈ এই বঁটা গ্ৰহণ কৰে (Rajinikanth honoured by IT Department) ।

চিটাৰা ডেস্ক, 25 জুলাই : নিয়মীয়াকৈ কৰ আদায় দিয়াৰ বাবে চেন্নাইৰ আয়কৰ বিভাগে চুপাৰষ্টাৰ ৰজনীকান্তক সন্মান জনাইছে (Rajinikanth honoured by IT Department) । ২৪ জুলাইত চেন্নাইত অনুষ্ঠিত আয়কৰ দিৱসৰ এই অনুষ্ঠানটোত এই সন্মান জনোৱা হয় ৰজনীকান্তক (Rajinikanth income tax) ৷ দেওবাৰে ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য্য ৰজনীকান্তে ইনষ্টাগ্ৰামৰ জৰিয়েত অভিনেতাজনৰ অনুৰাগীসকলৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰে । তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰাৰাজনে সভাপতিত্ব কৰা অনুষ্ঠানটোত ঐশ্বৰ্য্যই পিতৃৰ হৈ এই বঁটা গ্ৰহণ কৰে ।

"এজন উচ্চ আৰু তৎপৰ কৰদাতাৰ গৌৰৱান্বিত কন্যা । তামিলনাডু আৰু পুডুচেৰীৰ #incometaxdepartment এ #incometaxday2022 উপলক্ষে মোৰ দেউতাক সন্মান জনোৱাৰ বাবে বহুত ধন্যবাদ #onbehalfofmyfather" ৷ কেইখনমান ফটোৰে সৈতে এই কেপছনেৰে ঐশ্বৰ্য্যই ইনষ্টাগ্ৰামত পোষ্ট কৰে ৷

ঐশ্বৰ্য্যই খবৰটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলে কমেণ্ট ছেকচনত ৰজনীকান্তক অভিনন্দন জনায় । এজন ছ’চিয়েল মিডিয়া ইউজাৰে মন্তব্য কৰে যে, "থালাইৱাৰৰ অনুৰাগী হোৱাটোৱে গৌৰৱ । থালাইৱালৈ অভিনন্দন" । "ৰজনীকান্ত ছাৰ নিশ্চয় এজন দায়িত্বশীল নাগৰিক"- আন এজনে লিখিছে (Rajinikanth latest updates) ।

ইফালে, ৱৰ্ক ফ্ৰণ্টত ৰজনীকান্তে ছবি নিৰ্মাতা নেলছন দিলীপকুমাৰৰ সৈতে মিলি জেইলাৰ নামৰ এখন নতুন ছবি নিৰ্মাণ কৰিছে (Rajinikanth latest news) । কানাড়া অভিনেতা শিৱৰাজকুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰা এই প্ৰজেক্টটো শীঘ্ৰেই ছবিপ্ৰেমী দৰ্শকৰ মাজলৈ আহিব ৷

খবৰ অনুসৰি, ঐশ্বৰ্য ৰায় বচ্চনে মহিলাৰ মূখ্য চৰিত্ৰত অভিনয় কৰিবলৈ আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে । যদিহে খবৰটো সঁচা হয়, তেন্তে এই যুটি ১১ বছৰৰ পাছত পুনৰ একেলগ হ’ব ৷ তেওঁলোকে পূৰ্বে তেলেগু ভাষাত ৰ’ব’ নামৰ এখন ব্লকবাষ্টাৰ ছবি ইথিৰণত কাম কৰিছিল । ৰজনীকান্তক 2021 চনত শিৱৰ দ্বাৰা পৰিচালিত 'অন্নথে'ত দেখা গৈছিল ৷

লগতে পঢ়ক : আপুনি জানেনে অপৰ্ণা বালামুৰালী এগৰাকী স্থপতিবিদ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.