Priyanka Chopra age: নষ্টালজিক হৈ 22 বছৰীয়া পুৰণি ফটো শ্বেয়াৰ কৰিলে প্ৰিয়ংকা চোপ্ৰাই

author img

By

Published : Jun 10, 2022, 11:00 AM IST

Priyanka Chopra age

প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিছে বহুবছৰীয়া পুৰণি এখন ফটো ৷ 22 বছৰীয়া এই পুৰণি ফটোখনত বিকিনিত দেখা গৈছে প্ৰিয়ংকাক(Priyanka chopra shared her 22 years old bikini picture) ৷ চাওক ফটো-

চিটাৰা ডেস্ক, 10 জুন : গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰা প্ৰায়ে চৰ্চাত থাকে । কেতিয়াবা তেওঁ পৰিধান কৰা পোছাকৰ বাবে নতুবা কেতিয়াবা তেওঁৰ নতুন প্ৰকল্পকলৈ । শেহতীয়াকৈ পেৰিছত বুলগাৰী ব্ৰেণ্ডৰ গহনাৰ প্ৰচাৰত দেখা গৈছিল অভিনেত্ৰীগৰাকীক । এইবাৰ প্ৰিয়ংকা চোপ্ৰা চৰ্চালৈ আহিছে এখন পুৰণি ফটোকলৈ (Priyanka chopra latest bikini pictures) ৷

প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰামত তেওঁৰ 22 বছৰীয়া ফটোশ্বুটৰ এখন ফটো অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে (Priyanka chopra instagram) ৷ সাগৰৰ পাৰৰ পৰা বিকিনি পিন্ধি ফটোৰ বাবে প’জ দিছিল অভিনেত্ৰীগৰাকীয়ে ৷ প্ৰিয়ংকাৰ বয়স আছিল তেতিয়া মাত্ৰ 18 বছৰ ৷

ৰণবীৰ সিঙে প্ৰিয়ংকা চোপ্ৰাৰ ফটোখনত লিখিছে, "Bruhhh 😂" । আন এজন অনুৰাগীয়ে মন্তব্য কৰিছে, "আপোনাক ইয়াত অভিনেত্ৰী ভাগ্যশ্ৰীৰ দৰে দেখা গৈছে, মই নাজানো কিয়" । প্ৰিয়ংকাই আপলোড কৰা ছবিখনত হাতত ক'লা খাৰুৰে সৈতে তেওঁক বিকিনিত দেখা গৈছে । খোলা চুলি আৰু কপালত এটা ফোটৰ সৈতে 18 বছৰীয়া প্ৰিয়ংকাৰ আকৰ্ষণীয় চেহেৰা দেখিবলৈ পোৱা গৈছে । প্ৰিয়ংকাই ২০ চনত 'দ্য হিৰো' চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল (Priyanka chopra debut film)।

প্ৰিয়ংকা চোপ্ৰাই ২০১৮ চনত আমেৰিকান গায়ক নিক জোনাছৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । এই বছৰৰ জানুৱাৰীত চাৰোগেছীৰ জৰিয়তে এজনী কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ লাভ কৰে দুয়োৱে ।

লগতে পঢ়ক : তেলেগু অভিনেত্ৰী নেইনা গাংগুলীৰ ব’ল্ড অৱতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.