Pathaan Twitter review: পাঠান চাই মতলীয়া অনুৰাগী, 10 মিনিটৰ কেমিঅ’ চৰিত্ৰত ছলমান খান

author img

By

Published : Jan 25, 2023, 2:02 PM IST

Pathaan

টুইটাৰত পাঠানৰ পৰ্যালোচনা দেখিবলৈ পোৱা গৈছে আৰু চিনেমাপ্ৰেমী দৰ্শকে কিং অৱ ৰোমাঞ্চক এক্সন অৱতাৰত পছন্দ কৰা যেন অনুমান হৈছে । পাঠানক লৈ প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া মূলতঃ ইতিবাচক । দীপিকা পাডুকনৰ ‘আকৰ্ষণীয় ভূমিকা’ আৰু ছলমান খানৰ কেমিঅ’ৰ বিষয়ে ছ’চিয়েল মিডিয়াত বহুলভাৱে চৰ্চা হৈছে ।

চিটাৰা ডেস্ক, 25 জানুৱাৰী : বলীউডৰ কিং খান শ্বাহৰুখ খান এক দীঘলীয়া বিৰতিৰ মূৰত ৰূপালী পৰ্দালৈ উভতি আহিছে ৷ বহু প্ৰতীক্ষিত ছবিখনে আজি পৰ্দাত মুক্তি লাভ কৰিছে । ৰাতিপুৱাৰে পৰা ছবিখনৰ শ্ব’ ৰখা হৈছিল ছবিখন ৷ শ্বাহৰুখৰ এইখন প্ৰথম ছবি যাৰ শ্ব’ পুৱা 6/7 বজাৰ পৰা ৰখা হৈছে ৷ প্ৰথম দিনাই প্ৰথম শ্ব’ত পাঠান চাবলৈ চিনেমা হলত ভিৰ কৰিছিলহি শ্বাহৰুখৰ অনুৰাগীসকলে । এতিয়া ছ’চিয়েল মিডিয়া হেণ্ডেলত মুকলিৰ দিনা পাঠান চোৱা দৰ্শকৰ প্ৰতিক্ৰিয়াৰ দেখা পোৱা গৈছে ।

টুইটাৰত প্ৰশংসিত হৈছে বাদশ্বাহৰ এক্সন অৱতাৰ :

টুইটাৰ ব্যৱহাৰকাৰী সকলে মাইক্ৰ’ ব্লগিং চাইটত পাঠানৰ ওপৰত নিজৰ দৃষ্টিভংগী মুকলিকৈ প্ৰকাশ কৰিছে । সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত শ্বাহৰুখ ৰূপালী পৰ্দালৈ ঘূৰি অহা ছবিখনক লৈ অনুৰাগীসকল আপাত দৃষ্টিত আপ্লুত হৈছে । পাঠানত এছ কে আৰক এক্সন অৱতাৰত দেখা গৈছে আৰু বলীউডত কিং অৱ্ ৰোমাঞ্চ হিচাপে জনাজাত তাৰকা গৰাকীয়ে লোৱা তীব্ৰ ভূমিকাক ছবিপ্ৰেমী দৰ্শকে যেন আকোঁৱালি লৈছে ।

এছ.আৰ.কেৰ এক্সন অৱতাৰ সন্দৰ্ভত মতামত প্ৰকাশ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "#PathaanReview #Pathaan হৈছে বিশ্বাসযোগ্য কাহিনীৰ সৈতে হাই ভল্টেজ এক্সন ড্ৰামা, কাহিনীৰ বৰ্ণনা আমি সিদ আনন্দৰ পৰা বিচৰা ধৰণেই উজ্জ্বল #ShahRukhKhan প্ৰদৰ্শন অসামান্য #JohnAbraham আৰু #deepikapadukone ভাল, বহুত আচৰিত আৰু টুইষ্ট" ৷

আন এজন অনুৰাগীয়ে লিখিছে, "ব্লকবাষ্টাৰ - প্ৰথমাৰ্ধ 🔥👏শেহতীয়া সময়ত ভগৱানৰ স্বাৰ্থত বেষ্ট প্ৰথমাৰ্ধ পোষ্ট কৰাৰ পৰা নিজকে বাধা দিব নোৱাৰিলোঁ । গোটেইখিনি সময়ত উপভোগ কৰিলোঁ । সুখী, চকুলো ওলাই আহিছে । ৰজা ঘূৰি আহিছে । তেওঁৰ বাবে বাট মুকলি কৰক" ৷

পাঠানত ছলমান খানৰ কেমিঅ’:

পাঠানত এছ আৰ কে আৰু ছলমান খানে স্ক্ৰীণ শ্বেয়াৰ কৰা দেখি ৰোমাঞ্চিত হৈ পৰিছে চিনেমা প্ৰেমীসকল । ছবিখনত ছলমান খানৰ 10 মিনিটৰ কেমিঅ’ চৰিত্ৰ আছে বুলি কোৱা হৈছে । পাঠানত তেওঁৰ প্ৰৱেশ কাহিনীটোৰ এটা গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আছে । নিৰ্মাতাই ছবিখনৰ কোনো ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিবলৈ দৰ্শকক আহ্বান জনোৱাৰ বিপৰীতে পাঠানত ছলমানৰ প্ৰৱেশ দৃশ্যৰ ভিডিঅ’ৰে ভৰি পৰিছে টুইটাৰ ।

পাঠানত দীপিকা পাডুকনৰ ‘আকৰ্ষণীয়’ চৰিত্ৰ :

পাঠান মুক্তিৰ পূৰ্বে ছবিখনত দীপিকা পাডুকনৰ নেতিবাচক চৰিত্ৰ সম্পৰ্কে খবৰ বিয়পি পৰিছিল । টুইটাৰত কাহিনী আৰু ছবিখনত দীপিকাৰ চৰিত্ৰৰ বিষয়ে কোনেও একো মুকলিকৈ প্ৰকাশ কৰা নাই কিন্তু ইয়াক "আকৰ্ষণীয়" বুলি অভিহিত কৰিছে ।

হৃত্বিক ৰোশন চৰিত্ৰটো এটা ডাঙৰ চাৰপ্ৰাইজ :

বিপুল জনপ্ৰিয়তা থকাৰ পিছতো হৃত্বিক ৰোশনক পাঠানত দেখা নাযাব । অৱশ্যে মেকাৰসকলে এছ আৰ কে অভিনীত ছবিখনত হৃতিক চৰিত্ৰটোৰ বিষয়ে এটা আকৰ্ষণীয় লিংক সন্নিৱিষ্ট কৰি টাইগাৰ, ৱাৰ আৰু পাঠান চোৰাংচোৱা বিশ্বব্ৰহ্মাণ্ড গঢ়ি তুলিছে বুলি কোৱা হৈছে । টুইটাৰত এজন ব্যৱহাৰকাৰীয়ে লিখিছে,"প্ৰথম পাঠান পৰ্যালোচনা : CINEMATIC JOY Visual Delight" ৷ শেহতীয়াকৈ এছ আৰ কেৰ শ্ৰেষ্ঠ ছবি । জন আৰু দীপিকা বৰ ভাল আছিল । আচৰিত কেমিঅ'। অবিশ্বাস্য ক্লাইমেক্স । স্পাই ইউনিভাৰ্ছ অন এ ৰোল" ৷

  • #PathaanReview From My auckland and saudi friends
    - Villain Powerful
    - Interval Scene Suspense
    - Film's Entertainment factor at Top notch
    Overall a movie jisko aap dekh kar ye kahogey ki khatam kyu hogai yar
    No hritik roshan 😭
    But A very big suspense related to him

    — Sahil Ahmed Khan (@Hello_MrKhan) January 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আজি 5200 পৰ্দাত হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি পালে পাঠান । যশ ৰাজ ফিল্মছৰ বেংকৰোলত নিৰ্মিত এই এক্সন থ্ৰিলাৰখন প্ৰথম দিনাই 45 ৰ পৰা 50 কোটি টকাৰে মুকলি হ’ব বুলি কোৱা হৈছে কাৰণ ছবিখন কৰ্মদিনত মুক্তি পোৱাৰ পিছতো এডভান্স বুকিঙে সকলো ৰেকৰ্ড অতিক্ৰম কৰিছিল । পাঠান হৈছে 100 তকৈ অধিক দেশত মুকলি হোৱা প্ৰথম শ্বাহৰুখ চলচ্চিত্ৰ, যি এতিয়ালৈকে যিকোনো YRF চলচ্চিত্ৰৰ বাবে সৰ্বাধিক ।

লগতে পঢ়ক : Egypt and Bollywood: বলীউডৰ সৈতে ইজিপ্তৰ প্ৰেমৰ সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.