Pathaan box office : মুক্তিৰ পূৰ্বেই ১৫ কোটি টকাৰ টিকট বিক্ৰী 'পাঠান'ৰ

Pathaan box office : মুক্তিৰ পূৰ্বেই ১৫ কোটি টকাৰ টিকট বিক্ৰী 'পাঠান'ৰ
ভাৰতত আগতীয়া টিকট বুকিং মুকলি কৰাৰ পাছতে শ্বাহৰুখ খানৰ পাঠানে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে । এদিনৰ ভিতৰতে ছবিখনৰ প্ৰায় ১৫ কোটি টকাৰ আগতীয়া টিকট বিক্ৰী হৈছে (Pathaan advance ticket sales crossed Rs 15 crore)। আগতীয়া টিকট বিক্ৰীৰ ক্ষেত্ৰত ব্ৰহ্মাস্ত্ৰৰ অভিলেখ ভংগৰ দিশে পাঠান ।
চিটাৰা ডেস্ক,২১ জানুৱাৰী : মুক্তিৰ পূৰ্বেই বহু চৰ্চিত 'পাঠান' বোলছবিয়ে অভিলেখ গঢ়াৰ পথত । বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ একচন থ্ৰিলাৰ 'পাঠান'ৰ ২০ জানুৱাৰীত ভাৰতত আগতীয়া টিকট বুকিং মুকলি কৰা হৈছিল । মাত্ৰ এদিনতে পাঠানৰ ১৫ কোটি টকাৰ টিকট বুকিং অতিক্ৰম কৰিছে (Pathaan advance ticket sales crossed Rs 15 crore)। ইতিমধ্যে পাঠানে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ অভিনীত 'ব্ৰহ্মাস্ত্ৰ'ৰ আগতীয়া টিকট বুকিঙৰ ব্যৱসায়ক অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে (Pathaan to surpassing Brahmastra)।
-
As of now, #Pathaan First Day Advance Booking✅💥
— Sacnilk Entertainment (@SacnilkEntmt) January 21, 2023
15.18 Cr [486424 tickets sold]🔥💥💥#PathaanAdvanceBooking
এক দীঘলীয়া বিৰতিৰ অন্তত চুপাৰষ্টাৰ শাহৰুখ খান ডাঙৰ পৰ্দালৈ উভতি অহাৰ বাবেই এইধৰণৰ সঁহাৰি লাভ কৰা বুলি আশা কৰা হৈছে । অৱশ্যে এয়া অতি শীঘ্ৰে স্পষ্ট হৈ পৰিব । ইফালে আগতীয়া টিকট বিক্ৰী পাঠান, য়াশ ৰাজ ফিল্মছ আৰু শ্বাহৰুখ খানৰ বাবে এক টাৰ্ণিং পইণ্ট হ'ব পাৰে । সূত্ৰৰ মতে, পাঠানে ইতিমধ্যে আগতীয়া টিকট বুকিঙৰ জৰিয়তে প্ৰায় ১৫.১৮ কোটি টকা সংগ্ৰহ কৰিছে (Collection of Pathaan through advance ticket sales)।
-
Crossed 2 lacs last night at 11.15 pm [Day 1 ticket sales]. 🔥🔥🔥 https://t.co/MSREYn8XkI
— taran adarsh (@taran_adarsh) January 21, 2023
পাঠানৰ হিন্দী আৰু তেলুগু সংস্কৰণৰ বাবে সৰ্বাধিক সংখ্যক টিকট বিক্ৰী হৈছে (Hindi and Telegu version of Pathaan)। তামিল সংস্কৰণৰ বাবেও একে ধৰণৰ সঁহাৰি লাভ কৰাৰ দিশে আগবাঢ়িছে । যদি তামিল সংস্কৰণেও অনুৰূপ সঁহাৰি দিয়ে তেন্তে পাঠানৰ বাবে সন্মুখত কোনো বাধা নাথাকিব । ইফালে পাঠানৰ আৰম্ভণিৰ দিনটোৰ ব্যৱসায় প্ৰায় ৪০ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে । এতিয়ালৈকে, পাঠান ছবিখনৰ প্ৰায় ৪,৮৬,৪২৪ টা টিকট বিক্ৰী হৈছে (Pathaan ticket sales through advance sales)।
-
#Pathaan *advance booking* status at *national chains*… Update till Friday, 6 pm…
— taran adarsh (@taran_adarsh) January 20, 2023
⭐️ #PVR: 75,500
⭐️ #INOX: 60,500
⭐️ #Cinepolis: 35,500
⭐️ Total tickets sold: 1,71,500
All set for a MONSTROUS START. pic.twitter.com/oydQQOmWOI
বিশেষজ্ঞৰ মতে, পাঠান এক বিশাল আৰম্ভণিৰ বাবে সাজু হৈছে । ৰাষ্ট্ৰীয় শৃংখলাই আগতীয়া বিক্ৰীত যথেষ্ট সঁহাৰি দেখুৱাইছে । শুকুৰবাৰে সন্ধিয়া ৬ বজালৈকে আপডেটটো শ্বেয়াৰ কৰি তৰণে কয় যে তিনিটা ৰাষ্ট্ৰীয় শৃংখলা - পিভিআৰ, আইএনঅ'এক্স আৰু চিনেপলিছে একেলগে ১,৭১,৫০০ টা টিকট বিক্ৰী কৰিছে ।
উল্লেখ্য যে বহু চৰ্চিত পাঠান ছবিখন ২৫ জানুৱাৰীত মুক্তি পাব (Pathaan to release on January 25)। কিছুদিনৰ ভিতৰতে পাঠানে আগতীয় টিকট বিক্ৰীৰ ক্ষেত্ৰত ব্ৰহ্মাস্ত্ৰৰ অভিলেখ ভংগ কৰিব বুলি আশা কৰা হৈছে । আয়ন মুখাৰ্জী পৰিচালিত কাল্পনিক কাহিনীৰ ব্ৰহ্মাস্ত্ৰ ছবিখনে আগতীয়া টিকট বিক্ৰীৰ জৰিয়তে ১৯.৬৬ কোটি টকা সংগ্ৰহ কৰিছিল । পাঠান বোলছবিখনক লৈ দেশত হোৱা চৰ্চা আৰু দৰ্শকৰ প্ৰত্যাশাৰ কথা বিবেচনা কৰি,য়াশ ৰাজ ফিল্মছে মুক্তিৰ ৫ দিন পূৰ্বেই ছবিখনৰ আগতীয়া টিকট বুকিং মুকলি কৰাৰ সিদ্ধান্ত লৈছিল ।
শ্বাহৰুখ খানৰ উপৰিও দীপিকা পাডুকন আৰু জন আব্ৰাহামক মুখ্য চৰিত্ৰত দেখা যাব এই ছবিখনত । অহা ২৬ জানুৱাৰী যিহেতু বন্ধৰ দিন । সেয়ে উক্ত দিনা দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিব বুলিও আশা কৰা হৈছে ।
লগতে পঢ়ক :Pathan controversy: গুৱাহাটীত পাঠানৰ পোষ্টাৰ জ্বলালে বজৰং দলে
