Pathaan advance booking: আগতীয়া বুকিঙলৈ চাই KGF ৰ ৰেকৰ্ড ভঙাৰ দিশে Pathaan

author img

By

Published : Jan 24, 2023, 1:57 PM IST

Updated : Jan 24, 2023, 4:14 PM IST

Pathaan

পাঠানে যেন শ্বাহৰুখ খানক পূৰ্বৰ স্থানলৈ ঘূৰাই লৈ গৈছে । সমগ্ৰ দেশতে আগতীয়া বুকিং ট্ৰেণ্ডৰ পৰা অনুমান কৰিব পাৰি যে ছবিখনে পূৰ্বৰ আগতীয়া বুকিঙৰ অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে । সমগ্ৰ ভাৰততে 5 হাজাৰ পৰ্দাত মুক্তি পাবলগীয়া এই ছবিখন 25 জানুৱাৰীত চিনেমা হললৈ আহিব ।

চিটাৰা ডেস্ক, 24 জানুৱাৰী : আগতীয়া বুকিঙত চলচ্চিত্ৰ প্ৰেমী দৰ্শকসকলৰ অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগটোৰ বিশেষজ্ঞসকল নিশ্চিত যে শ্বাহৰুখ খান অভিনীত পাঠানে বক্স অফিচত 45 ৰ পৰা 50 কোটি টকাৰ ভিতৰত মুক্তি লাভ কৰিব । 2018 চনৰ Zero ছবিখনৰ পিছত শ্বাহৰুখ মুখ্য অভিনেতা হিচাপে ঘূৰি আহিছে পাঠানত ৷ যশ ৰাজ ফিল্মছৰ এই ছবিখন গণৰাজ্য দিৱসৰ এদিন আগতে ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ।

যশ ৰাজ ফিল্মছৰ সমৰ্থিত পাঠানৰ বাবে আগতীয়া বুকিং 20 জানুৱাৰীত মুকলি হৈছিল । খবৰ অনুসৰি ছবিখন সমগ্ৰ ভাৰততে 5,000 খন পৰ্দাত মুক্তি দিয়াৰ কথা আছে । পুৱা 6 বজাত প্ৰদৰ্শনী কৰা এইখন শ্বাহৰুখ খানৰ প্ৰথম খন ছবি । বাণিজ্য বিশেষজ্ঞ তৰণ আদৰ্শই কৈছে যে পাঠানে বলীউডক পুনৰুজ্জীৱিত কৰিব আৰু বছৰটোৰ আৰম্ভণিতে উদ্যোগটোৰ বাবে এক চমৎকাৰ চিহ্নিত কৰিব, যিটো উদ্যোগ ক’ভিডৰ বাবে আৰু 2022 চনত বিভিন্ন সংবেদনশীল কাৰণত যথেষ্ট কঠোৰ সময়ৰ মাজেৰে পাৰ হৈছিল ।

Pathaan opening day box office, estimated:

বাণিজ্য বিশেষজ্ঞসকলৰ মতে, পাঠানে বক্স অফিচত এক ঐতিহাসিক আৰম্ভণি কৰিবলৈ গৈ আছে । বৰ্তমানৰ বুকিঙলৈ চাই বিশেষজ্ঞই কৈছে পাঠানৰ আৰম্ভণিৰ দিনৰ সংগ্ৰহ প্ৰায় 45 ৰ পৰা 50 কোটি টকা হ'ব । বক্স অফিচ পুনৰুজ্জীৱিত হ’ব পাঠানৰ সৈতে ৷ ছবিখনৰ আগতীয়া বুকিং দেখি ক’ব পাৰি এনে আগতীয়া বুকিং অতি বিৰল । ৱৰ্কিং ডে হোৱা স্বত্বেও এইটো 2023 চনৰ এটা ভাল আৰম্ভণি ।

Phenomenal advance booking at multiplex chains:

পিভিআৰ লিমিটেডৰ যুটীয়া পৰিচালনা সঞ্চালক সঞ্জীৱ কুমাৰ বিজুলীয়ে কয় যে তেওঁলোকে সমগ্ৰ ভাৰতত তেওঁলোকৰ 903 টা হলত এক অভূতপূৰ্ব আগতীয়া বুকিং প্ৰত্যক্ষ কৰিছে । "চলচ্চিত্ৰখনৰ প্ৰথম দীঘলীয়া উইক এণ্ডত প্ৰায় 5 লাখ আগতীয়া বুকিঙৰ সৈতে আমাৰ পাঠানৰ এক অভূতপূৰ্ব আৰম্ভণি আছে । এইখন প্ৰথম SRK চলচ্চিত্ৰ হ'ব যিখন পুৱা 6 বজাত পিভিআৰ চিনেমাগৃহত মুকলি হ'ব," বিজুলীয়ে এক বিবৃতিত কয় ।

Over 1 mn tickets booked:

আগশাৰীৰ টিকেটিং প্লেটফৰ্ম বুকমাইশ্ব'ৰ (বিএমএছ) মতে, এক মিলিয়নতকৈও অধিক টিকট বুক কৰা হৈছে । পাঠানৰ বাবে আগতীয়া বিক্ৰী পৰ্যায়ক্ৰমে মুকলি হৈ আহিছে আৰু এতিয়ালৈকে বিএমএছত 3,500 ৰো অধিক স্ক্ৰীণ উপলব্ধ হৈছে, লগতে ৰাতিপুৱা শ্ব'বোৰ খোলাৰ চাহিদা বৃদ্ধি হৈছে ।

Pathaan to break KGF record:

আগশাৰীৰ মাল্টিপ্লেক্স চেইন INOX আশাবাদী যে পাঠানে ৰেকৰ্ড ভাঙিব । সমগ্ৰ ভাৰতত তেওঁলোকৰ 722 খন পৰ্দাত INOX ৰ সৰ্বশ্ৰেষ্ঠ অগ্ৰগতিৰ ভিতৰত এইটো অন্যতম । INOX এ কেৱল বুধবাৰৰ বাবে 1.5 লাখতকৈ অধিক টিকট আৰু দেওবাৰলৈকে 3.5 লাখতকৈ অধিক টিকট বিক্ৰী কৰিছে । মাল্টিপ্লেক্স চেইন INOXৰ মুখ্য প্ৰগ্ৰামিং বিষয়া ৰাজেন্দ্ৰ সিং জায়ালাই কয়, "এই ছবিখনে কেজিএফ 2 ৰ আগতীয়া বুকিং ভংগ কৰিবলৈ গৈ আছে আৰু 45 ৰ পৰা 50 কোটি টকাৰ ব্যৱসায় কৰিব" ।

Single screens witness bumper advance booking:

কেৱল মাল্টিপ্লেক্সেই নহয়, ছবিখনে একক পৰ্দাৰ থিয়েটাৰতো যথেষ্ট সংখ্যক আগতীয়া বুকিং উপভোগ কৰি আছে । মুম্বাইৰ জনপ্ৰিয় একক পৰ্দাৰ থিয়েটাৰ গাইটি, গেলেক্সী আৰু মাৰাঠা মন্দিৰত টিকট বুকিং 70 ৰ পৰা 80 শতাংশ । "প্ৰথমবাৰৰ বাবে, আমি এছআৰকে ফেন ক্লাবসমূহৰ বাবে ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ কৰি মৰ্ণিং শ্ব' ৰাখিছো, যিসকলে প্ৰায় গোটেই থিয়েটাৰটো বুক কৰিছে," দেশায়ে কয় ৷ টিকটৰ মূল্য 130 টকাৰ পৰা 160 টকাৰ ভিতৰত নামমাত্ৰ ৰখা হৈছে ।

Pathaan gets encouraging response from South:

পাঠান বলীউডৰ প্ৰথম খন চলচ্চিত্ৰৰ ভিতৰত এখন যিয়ে দেশৰ দক্ষিণ প্ৰান্তত আগতীয়া বুকিঙৰ তালিকাত নেতৃত্ব দি আছে । "দক্ষিণ ভাৰত বিশেষভাৱে আকৰ্ষণীয় হৈ আছে আৰু হায়দৰাবাদ, চেন্নাই আৰু বেংগালুৰুয়ে এতিয়ালৈকে সামগ্ৰিক আগতীয়া বিক্ৰীত প্ৰায় 30 শতাংশ অৰিহণা যোগাইছে । টিকট বিক্ৰীৰ গতি আৰু চিনেমাখনৰ মুক্তিৰ তাৰিখ অধিক ওচৰ চাপি অহাৰ লগে লগে, আমি নিশ্চিত যে পাঠানে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে," তেওঁ লগতে কয় ।

ভাৰতৰ দক্ষিণৰ পৰা পাঠানৰ আগতীয়া বুকিঙৰ প্ৰতি সঁহাৰি অতি উৎসাহজনক । চলচ্চিত্ৰখন তামিল আৰু তেলুগু ভাষাত মুক্তি দিয়া হৈছে আৰু কেৰালাত হিন্দী ভাষাতে ছবিখনৰ ভালদৰে মুকলি হৈছে ।

25 জানুৱাৰীত হিন্দী, তামিল আৰু তেলুগু ভাষাত ৰূপালী পৰ্দাত মুক্তি পাব পাঠান ।

লগতে পঢ়ক : Tu Jhoothi Main Makkaar trailer: নিজ নিজ বুদ্ধিমত্তাৰে প্ৰেমত পৰে ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ

Last Updated :Jan 24, 2023, 4:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.