Naatu Naatu singers: ৰিহানাক লগ পাই উৎফুল্লিত নাটু নাটু গীতটিৰ কণ্ঠশিল্পী কালা ৰাহুল
Published: Mar 14, 2023, 2:56 PM


Naatu Naatu singers: ৰিহানাক লগ পাই উৎফুল্লিত নাটু নাটু গীতটিৰ কণ্ঠশিল্পী কালা ৰাহুল
Published: Mar 14, 2023, 2:56 PM
বাৰ্বাডিয়ান গায়িকা তথা অভিনেত্ৰী ৰিহানাৰ সৈতে ফটো শ্বেয়াৰ কৰিলে নাটু নাটু গীতটিৰ দুগৰাকী কণ্ঠশিল্পীয়ে ৷ কণ্ঠশিল্পী কালা-ৰাহুলে ৰিহানাৰ বিষয়ে ক’লে এই কথা (Oscars 2023) ৷
চিটাৰা ডেস্ক, ১৪ মাৰ্চ : দক্ষিণৰ ব্লকবাষ্টাৰ ছবি আৰ আৰ আৰৰ ছুপাৰহিট গীত ‘নাটু নাটু’ৱে আঁজুৰি আনিবলৈ সক্ষম হৈছে অস্কাৰৰ সন্মান (Oscars 2023) ৷ ‘নাটু নাটু’ গীতটিৰ কণ্ঠশিল্পী কালা ভৈৰৱ আৰু ৰাহুল ছিপ্লিগঞ্জে ২০২৩ চনৰ অস্কাৰ এৱাৰ্ডত পাৰফৰ্ম কৰি সকলোকে আচৰিত কৰি তুলিছিল (Naatu Naatu singer Kaala Bhairava)। ডলবি থিয়েটাৰত অনুষ্ঠিত হোৱা অস্কাৰ অনুষ্ঠানত ভৈৰৱ আৰু ৰাহুলে ষ্টেণ্ডিং অভেচন লাভ কৰে লছ এঞ্জেলছত (Los Angeles) । অনুষ্ঠানৰ অন্তত এই যুটিয়ে গায়িকা ৰিহানাক লগ পায় ।
শেহতীয়াকৈ অস্কাৰত বাৰ্বাডিয়ান গায়িকা তথা অভিনেত্ৰী ৰিহানাৰ সৈতে সাক্ষাৎকাৰ হয় কালা আৰু ৰাহুলৰ (Naatu Naatu singer Rahul Sipligunj) ৷ ৰিহানা সৈতে দুয়ো এখন ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত (Naatu Naatu singers met Rihanna) ৷ ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি কালায়ে লিখিছে, "মোৰ শব্দৰ অভাৱ পৰিছে । এগৰাকী শিল্পীক মই সদায় চাইছিলো আৰু গভীৰভাৱে প্ৰশংসা কৰিছিলো ! মোৰ প্ৰেৰণা,কুইন @badgalriri.. ক ক’ব বিচাৰিছিলো যে মই 'ষ্টে'ক কিমান ভাল পাওঁ আৰু মই নিশ্চয় লাখতকৈ অধিক বাৰ শুনিছো, কিন্তু হয় মোৰ শব্দৰ অভাৱ আছিল ! এই স্মৃতি মোৰ হৃদয়ত চিৰদিনৰ বাবে থাকিব ।"
ইফালে ৰাহুলে ৰিহানাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে নিজৰ ব্য়ক্তিগত ইনষ্টাগ্ৰামত ৷ ফটো শ্বেয়াৰ কৰি ইয়াক সপোন বাস্তৱায়িত হোৱা মুহূৰ্ত বুলি অভিহিত কৰিছে ৰাহুলে (Rahul Sipligunj share fanboy moment with Rihanna) । ৰাহুলে পোষ্টটোৰ কেপচনত লিখিছে, "মই অতি সুন্দৰ হৃদয়ৰ আটাইতকৈ ভদ্ৰমহিলাগৰাকীক লগ পাইছো ? আপোনাৰ নম্ৰতা #rihana @badgalriri আৰু আপুনি কিমান ডাউন টু আৰ্থ দেখি স্তম্ভিত হৈছো ! বহুত বহুত ধন্যবাদ প্ৰশংসা কৰাৰ বাবে... 'মোৰ বাবে ই এক আৱেগিক মুহূৰ্ত !! শান্ত হৈ থাকিব নোৱাৰো #mydreamcometrue ."
উল্লেখ্য যে, কালা আৰু ৰাহুলৰ বাবে অস্কাৰ ২০২৩ সঁচাকৈয়ে বিশেষ আছিল ৷ কাৰণ ‘নাটু নাটু’ গীতটোৱে ৯৫ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ মৌলিক গীতৰ বঁটা লাভ কৰিছিল । ২০২৩ চনৰ অস্কাৰত ‘নাটু নাটু’ গীতটিক বিজয়ী ঘোষণা কৰাৰ পিচতে এএনআইৰ সৈতে কথা পাতিছিল ৰাহুলৰ পিতৃ ৰাজকুমাৰে ।
ৰাহুলৰ পিতৃ ৰাজকুমাৰে কয় "এয়া ভাৰতৰ বাবে গৌৰৱৰ মুহূৰ্ত । আমাৰ পূৰ্বপুৰুষসকলে গীত গাইছিল আৰু ৰাহুলৰো একে জিন আছে । সৰুতে ৰাহুলে কেতিয়াবা গান গাইছিল আৰু মই তাক লক্ষ্য কৰিছিলো ।" ৰাহুলৰ মাতৃ সুধা ৰাণীয়ে কয়, "আমি বহুত সুখী । সৰ্বশক্তিমানৰ কৃপাত আমি নিজকে অত্যন্ত সৌভাগ্যৱান বুলি গণ্য কৰোঁ । কীৰাৱনী ছাৰ আৰু ৰাজামৌলি ছাৰেও আমাক বহুত সহায় কৰিলে ।"
তেওঁ লগতে কয়, "ৰাহুলে টেবুলত সংগীত বজাইছিল । দেউতাকে সেয়া দেখি সংগীতৰ বিদ্যালয়ত নাম ভৰ্তি কৰাইছিল ৰাহুলক । ৰাহুলে পণ্ডিত বিঠাল ৰাওৰ পৰা সংগীতৰ ক্লাছ লৈছিল ।" উল্লেখ্যে যে, গীতটিৰ সংগীত ৰচনা কৰিছে এম.এম. কিৰাভানী, আনহাতে গীতটি লিখিছে চন্দ্ৰবোছেয়ে । (ANI)
লগতে পঢ়ক: Naatu Naatu Records: নাটু নাটু গীতটিয়ে অস্কাৰ লাভ কৰি নিজৰ নাম কৰিলে তিনিটা ৰেকৰ্ড
