Naatu Naatu Records: নাটু নাটু গীতটিয়ে অস্কাৰ লাভ কৰি নিজৰ নাম কৰিলে তিনিটা ৰেকৰ্ড

author img

By

Published : Mar 14, 2023, 1:27 PM IST

NAATU NAATU SETS THREE RECORDS AFTER WINNING OSCAR AWARD 2023

নাটু-নাটু গীতটিয়ে অস্কাৰ লাভ কৰাৰ পিচত নিজৰ নাম কৰিলে তিনিটা ৰেকৰ্ড (Naatu Naatu Records) । RRR ছবিখনৰ গীত নাটু নাটুৰ জৰিয়তে এনে এক কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে যিটো এতিয়ালৈকে কোনো ভাৰতীয় ছবিয়ে লাভ কৰা নাই (Oscars 2023) ।

চিটাৰা ডেস্ক, 14 মাৰ্চ: দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰহিট ছবি হৈছে ‘আৰ আৰ আৰ’ৰ (RRR Movie) ৷ এই ছুপাৰহিট ছবিখনৰ ছুপাৰহিট গীত ‘নাটু-নাটু’য়ে শেহতীয়াকৈ অস্কাৰ লাভ কৰি ইতিহাসত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে । এইবাৰ সপ্তমবাৰৰ বাবে ভাৰতীয় শিল্পীয়ে অস্কাৰ লাভ কৰি দেশবাসীৰ নামেৰে নামাকৰণ কৰিছে এই বঁটা (Naatu Naatu Records)। সমগ্ৰ বিশ্ববাসীয়ে সম্প্ৰতি নাটু-নাটুৰ ওপৰত চুটি ভিডিঅ’ অৰ্থাৎ ৰিল বনাইছে । ‘নাটু-নাটু’ গীতটিয়ে অস্কাৰ বঁটা লাভ কৰি তিনিটা ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে (Oscars 2023) ।

  • " class="align-text-top noRightClick twitterSection" data="">

১/ ভাৰতীয় ছবিয়ে প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । অৰ্থাৎ ইয়াৰ পূৰ্বে কোনো এখন ছবিয়ে, ১০০ বছৰ পুৰণি ভাৰতীয় ছবিয়ে এনে কৃতিত্ব লাভ কৰা নাই।

২) অস্কাৰ বঁটা লাভ কৰা বিশ্বৰ চতুৰ্থটো অনা ইংৰাজী গীত হৈছে নাটু-নাটু ।

৩) এছিয়াৰ চলচ্চিত্ৰ জগতৰ প্ৰথমটো গীত ‘নাটু-নাটু’, যিয়ে অস্কাৰ বঁটা লাভ কৰিছে ।

জানো আহক নাটু-নাটু’ৰ বিষয়ে কিছু কথা

নাটু-নাটু’ হৈছে তেলেগু শব্দ ৷ ইয়াক হিন্দীত ‘নাচো-নাচো’ বুলি কোৱা হয় । এই গীতটিৰ কথা ৰচনা কৰিছে চন্দ্ৰ বসুৱে । একে সময়তে দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ সংগীত পৰিচালক এম এম কিৰাৱণীয়ে নিজৰ বেংগিং সুৰেৰে গীতটিত অন্য এক মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হয় । এই গীতটোৰ নৃত্য পৰিচালনাৰ কৰিছিল দক্ষিণৰ সুপৰিচিত নৃত্য পৰিচালক প্ৰেম ৰক্ষিতে ৷ পৰিচালকগৰাকীয়ে ইয়াৰ প্ৰতিটো খোজ নিজে প্ৰস্তুত কৰিছিল । গীতটিয়ে সম্প্ৰতি সমগ্ৰ বিশ্বত খলকনি তুলিবলৈ সক্ষম হৈছে ৷

ইফালে দক্ষিণৰ ছুপাৰষ্টাৰ অভিনেতা ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰে এই গীতটোক সম্পূৰ্ণ ৰূপ দিয়াৰ ক্ষেত্ৰত সঁহাৰি প্ৰদান কৰিছে । এই গীতটো ২০ দিনত আৰু ৪৩ টা টেকত সম্পূৰ্ণ হৈ উঠিছিল । এই গীতটোৰ শ্বুটিং ইউক্ৰেইনৰ কিয়েভ চহৰত কৰা হৈছিল ৷ অৱশ্যে ৰাছিয়াই বোমা বিস্ফোৰণ কৰি ধ্বংসস্তুপত পৰিণত কৰি পেলাইছে ইউক্ৰেইনৰ কিয়েভ চহৰ ।

লগতে পঢ়ক: Oscar Gift Bag: অস্কাৰত পৰাজিত হোৱাসকলৰ বাবে সাজু কৰা হৈছে কোটি টকাৰ উপহাৰ, চাওক কি আছে গিফ্ট বেগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.