Malaika Arora on marriage plans: অৰ্জুন কাপুৰৰ সৈতে বিবাহ সম্পৰ্কে কি ক’লে মালাইকাই ?
Published: Mar 19, 2023, 1:49 PM


Malaika Arora on marriage plans: অৰ্জুন কাপুৰৰ সৈতে বিবাহ সম্পৰ্কে কি ক’লে মালাইকাই ?
Published: Mar 19, 2023, 1:49 PM
বিবাহৰ পৰিকল্পনা কৰিছে নেকি মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰে ? বিবাহ সম্পৰ্কে শেহতীয়াকৈ কি ক’লে মালাইকাই ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন (Malaika Arora on marriage plans with Arjun Kapoor) ৷
চিটাৰা ডেস্ক, 19 মাৰ্চ: মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ সম্পৰ্কৰ বিষয়ে হয়তো সকলোৱে জানে (Malaika Arora and Arjun Kapoor) ৷ প্ৰায়ে যুটিটোক একেলগে দেখা পোৱা যায় ৷ সেয়া লাগিলে কোনো চেলিব্ৰিটিৰ বিবাহ হওক, জন্মদিনৰ পাৰ্টিয়েই হওক অথবা মালাইকাৰ মাতৃৰ জন্মদিনেই হওক ৷ মুঠৰ ওপৰত প্ৰায়ে একেলগে দেখা পোৱা যায় মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰক ৷ অৱশ্যে বহু সময়ত এই যুটিয়ে সন্মুখীন হ’বলগীয়া হয় ট্ৰলৰো ৷
বয়সৰ ব্যৱধান আৰু আৰ্বাজ খানৰ ভগ্নী অৰ্পিতা খানৰ সৈতে অৰ্জুনৰ বিতৰ্কক লৈ ছ’চিয়েল মিডিয়াত প্ৰায়ে ৰোষৰ সন্মুখীন হ’বলগীয়া হয় এই যুটিটোৱে । কিন্তু যি ধুমুহাই আহক এই যুটিটোৱে হাতে হাতে ধৰি সকলো সমস্যাক পৰাস্ত কৰা দেখা যায় ৷ অৱশ্যে দুয়ো সম্পৰ্কত থকাৰ কথা প্ৰথমে উৰাবাতৰি ওলাইছিল ৷ কাৰণ দুই প্ৰেমিক-প্ৰেমিকাই প্ৰথমে মুকলিকৈ দুয়োৰে সম্পৰ্কৰ বিষয়ে আলোচনা কৰা নাছিল ৷ যদিও বৰ্তমান দুই প্ৰেমিক-প্ৰেমিকাই ৰাজহুৱা কৰিলে দুয়োৰে সম্পৰ্ক (Malaika Arora on marriage plans with Arjun Kapoor) ৷
উল্লেখ্য যে, অভিনেতা আৰ্বাজ খানৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিচত মালাইকাই নিজতকৈ এদশকৰো অধিক সৰু অৰ্জুনৰ প্ৰেমত পৰিছিল ৷ অভিনেত্ৰীগৰাকীয়ে কয় যে, অৰ্জুনে তেওঁক সৰু অনুভৱ কৰায় আৰু তেওঁলোকৰ সম্পৰ্কই তেওঁক আৱেগিক স্থিৰতা প্ৰদান কৰে ৷ যিটো অভিনেত্ৰীগৰাকীৰ মতে যিকোনো বন্ধন শক্তিশালী হোৱাৰ ভেটি । শেহতীয়াকৈ অনুষ্ঠিত হোৱা এখন সন্মিলনৰ সময়ত মালাইকাই কয় যে দুয়ো বৰ্তমান প্ৰি-হানিমুন পৰ্যায়ত আছে ৷ প্ৰি-হানিমুনৰ পৰাই তেওঁলোকৰ সম্পৰ্কৰ পৰবৰ্তী সিদ্ধান্ত ল’ব ৷
ইফালে অৰ্জুনৰ সৈতে বিবাহৰ পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত ৪৯ বছৰীয়া অৰ্জুনে কয় যে, যদিও তেওঁলোকৰ সম্পৰ্ক পৰিপক্ক, তথাপিও এই সিদ্ধান্ত লোৱাৰ পূৰ্বে ইগৰাকীয়ে সিগৰাকীৰ বিষয়ে আৰু বহু কথা জানিব লাগিব (Malaika Arora and Arjun Kapoor relationship)। ইফালে ছুপাৰমডেলগৰাকীয়ে কয়, "মই আৰু অৰ্জুনে বিবাহৰ কথা-বতৰাবোৰক লৈ ধেমালি কৰো যদিও এই বিষয়ত আমি ছিৰিয়াছ ।”
মালাইকাই লগতে কয় যে, তেওঁলোকে নিজৰ সম্পৰ্কক নিৰাপত্তা আৰু ইতিবাচকতাৰে গঢ়ি তুলিছে । মালাইকাৰ মতে, দুয়োগৰাকীয়ে ইগৰাকী সিগৰাকীক আস্থা আৰু নিশ্চয়তা দিয়ে । বিয়াৰ পৰিকল্পনাৰ বিষয়ে বিশেষ কথা প্ৰকাশ নকৰাকৈয়ে মালাইকাই কয় যে, তেওঁ একেবাৰে সকলো কাৰ্ড একেলগে খুলিব নিবিচাৰে কিন্তু অৰ্জুনৰ সৈতে বুঢ়া হ’ব বিচাৰে । কিন্তু অভিনেত্ৰীগৰাকী জানে যে অৰ্জুন তেওঁৰ মানুহ ৷
লগতে পঢ়ক: Valentine Day 2023: মালাইকাৰ লগত নেদেখা ফটো শ্বেয়াৰ কৰিলে অৰ্জুন কাপুৰে
