Snehalata passes away: মাধুৰী দীক্ষিতৰ মাতৃ স্নেহলাতা দীক্ষিতৰ দেহাৱসান

author img

By

Published : Mar 12, 2023, 1:45 PM IST

Madhuri Dixits mother Snehlata Dixit dies at 90

মাধুৰী দীক্ষিতৰ মাতৃ স্নেহলাতা দীক্ষিত আৰু নাই (Snehalata passes away) । জানিব পৰা মতে মুম্বাইত অনুষ্ঠিত হ’ব স্নেহলাতা দীক্ষিতৰ শেষকৃত্য ।

চিটাৰা ডেস্ক, 12 মাৰ্চ: মাতৃক হেৰুৱাৰ দুখ হয়তো যিসকলে মাতৃ হেৰুৱাইছে তেওঁলোকেই হে বুজিব পাৰিব ৷ কাৰণ মাতৃক হেৰুৱাটো পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন কাম । শেহতিয়াকৈ বলীউডৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতে হেৰুৱাইছে মাতৃক ৷ শনিবাৰে শেষ নিঃশ্বাস ত্যাগ কৰে মাধুৰীৰ মাতৃ স্নেহলাতা দীক্ষিতে (Madhuri Dixits mother Snehalata passes away) ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ । মুম্বাইৰ বাসগৃহত মৃত্যুক সাৱটি লয় স্নেহলাতা দীক্ষিতে (Madhuri Dixits mother Snehalata Dixit no more) । বৰ্তমানলৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও মুম্বাইত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ আজি বিয়লি প্ৰায় ৩:০০ বজাত ৱৰ্লি শ্মশানত সম্পন্ন কৰা হ’ব শেষকৃত্য । ইফালে তেওঁৰ মৃত্যুৰ কাৰণ সম্পৰ্কে অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে ।

এক যৌথ বিবৃতিত মাধুৰী দীক্ষিত আৰু তেওঁৰ স্বামী শ্ৰীৰামে এই হৃদয়বিদাৰক খবৰটো শ্বেয়াৰ কৰে (Madhuri Dixits mother Snehlata Dixit died) । বিবৃতিটোত লিখা আছিল, "আমাৰ প্ৰিয় আই স্নেহলতা দীক্ষিত আজি পুৱা আপোনজনৰ পৰা বিদায় লৈ শান্তিপূৰ্ণভাৱে মৃত্যুবৰণ কৰে।"

যোৱা বছৰ মাতৃৰ ৯০ সংখ্যক জন্মদিন উদযাপন কৰিছিল মাধুৰী দীক্ষিতে ৷ অভিনেত্ৰীগৰাকীয়ে মাতৃক ছ’চিয়েল মিডিয়াত এক সুন্দৰ পোষ্টযোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছিল ৷ মাতৃৰ সৈতে কেইখনমান ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছিল, "হেপী বাৰ্থডে, আই ! মানুহে কয় যে মাতৃ হৈছে কন্যাৰ আটাইতকৈ ভাল বন্ধু । সঁচাকৈয়ে কৈছিল মানুহে । আপুনি মোৰ বাবে কৰা সকলো কাম, আপুনি দিয়া মোক শিক্ষাই হৈছে আপোনাৰ পৰা পোৱা মোৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ । মই আপোনাৰ বাবে কেৱল সুস্বাস্থ্য আৰু সুখ কামনা কৰিছো ।"

ইফালে যোৱা মাহত মাধুৰীৰ স্বামী শ্ৰীৰামে শাহুৱেকৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছিল । তেওঁ টুইট কৰি কয়, ‘‘মোৰ ৯০ বছৰীয়া শাহুৱেকে ৰং কৰে । তেওঁ পৃথিৱীৰ আটাইতকৈ মৰম লগা, আটাইতকৈ ইতিবাচক ব্যক্তি । আমি তেওঁৰ প্ৰতিভাৰ কথা সোঁৱৰাই দিবলৈ তেওঁৰ ফটোবোৰ সাঁচি ৰাখিছো ।’’

(এই লিখনিটো ইটিভি ভাৰতৰ দ্বাৰা সম্পাদনা কৰা হোৱা নাই আৰু এটা চিণ্ডিকেটেড ফীডৰ পৰা লোৱা হৈছে)

লগতে পঢ়ক: Satish Kaushik death: সতীশ কৌশিকৰ মৃত্যুৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ দিল্লী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.