কৰণ জোহৰক ‘হোম ব্ৰেকাৰ’ অভিহিত বৰুণ ধাৱনৰ, চাওক কফি উইথ কৰণ ৮ ৰ শেহতীয়া প্ৰ’ম’
Published: Nov 20, 2023, 4:32 PM

কৰণ জোহৰক ‘হোম ব্ৰেকাৰ’ অভিহিত বৰুণ ধাৱনৰ, চাওক কফি উইথ কৰণ ৮ ৰ শেহতীয়া প্ৰ’ম’
Published: Nov 20, 2023, 4:32 PM
Koffee With Karan 8: কৰণ জোহৰৰ শ্ব’ কফি উইথ কৰণ ৮ৰ পৰৱৰ্তী অতিথি হৈছে বৰুণ ধাৱন আৰু সিদ্ধাৰ্থ মালহোত্ৰা । মুকলি হ’ল শ্ব’টোৰ পৰৱৰ্তী এপিচ’ডটোৰ প্ৰ’ম’ ।
চিটাৰা ডেস্ক, 20 নৱেম্বৰ: কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ কফি উইথ কৰণ ৮ বৰ্তমান চৰ্চাত । এতিয়ালৈকে শ্ব’টোৰ ৪ টা খণ্ড প্ৰকাশ পাইছে, যিবোৰ খণ্ড অনুৰাগীয়ে বহুত ভাল পাইছে । একে সময়তে শ্ব’টোৰ পৰৱৰ্তী খণ্ডটো অতি সোনকালে টেলিকাষ্ট হ’ব । ইয়াৰ প্ৰ’ম’ ইতিমধ্যেই মুকলি কৰিছে কৰণ জোহৰে ।
কৰণৰ এই শ্ব’টোৰ পৰৱৰ্তী অতিথি হৈছে বৰুণ ধাৱন আৰু সিদ্ধাৰ্থ মালহোত্ৰা
এইবাৰ শ্ব’টোৰ পৰৱৰ্তী অতিথি হ’ব ‘Student of the year’ ছবিখনৰ দুই বন্ধু অৰ্থাৎ বৰুণ ধাৱন আৰু সিদ্ধাৰ্থ মালহোত্ৰা । এই শ্ব’টোত দুয়োজনে যথেষ্ট আনন্দ কৰে, যাৰ আভাস প্ৰ’ম’টোত দেখা গৈছে । এই প্ৰ’ম’ ভিডিঅ’টোত কৰণ জোহৰে অভিনেতা সকলক আদৰণি জনোৱা দেখা গৈছে । য’ত তেওঁক কোৱা শুনা যায় যে আজি বিশ্বৰ দুগৰাকী পাৰফেক্ট স্বামী তেওঁৰ শ্ব’টোলৈ আহিছে ।
কৰণ জোহৰক হোম ব্ৰেকাৰ বুলি অভিহিত বৰুণ ধাৱনৰ
ভিডিঅ’টোত পূৰ্বৰ এটা ঘটনা শ্বেয়াৰ কৰি কৰণ জোহৰে কৈছে যে তেওঁ লছ এঞ্জেলছত ‘মাই নেম ইজ খান’ৰ শ্বুটিং কৰি আছিল আৰু বৰুণে তাত ছোৱালীৰ সৈতে ফটো তুলি আছিল । এই কথা শুনি সিদ্ধাৰ্থই কয় যে বৰুণে শ্বাহৰুখ খানৰ ফটো ছোৱালীবোৰক বিক্ৰী কৰি আছিল ।
একেটা ভিডিঅ’তে কৰণে বৰুণ ধাৱনৰ প্ৰসংগ সম্পৰ্কে অধিক কথা কোৱা শুনা যায় । ইয়াৰ উত্তৰত বৰুণে কয় যে মোৰ দেউতাকৰ এখন ছবিৰ চৰিত্ৰটোৰ নাম আছিল ‘‘শ্বাদী ৰাম ঘৰজোড়ে, লেকিন কৰণ জোহৰ ঘৰ টোড়ে ।’’ উল্লেখ্য যে এই খণ্ডটো এই বৃহস্পতিবাৰে ডিজনী প্লাছ হটষ্টাৰত প্ৰচাৰ হ’ব।
