বলীউডত কিংখানৰ সৈতে এণ্ট্ৰি মৰা মাহিৰা খানৰ ভাৰতত আছে অসংখ্য অনুৰাগী

author img

By

Published : Jun 29, 2022, 5:28 PM IST

mahira khan

পাকিস্তানী মোহময়ী অভিনেত্ৰী মাহিৰা খানে RAEES চলচ্চিত্ৰৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত আত্মপ্ৰকাশ কৰিছিল । RAEES বোলছবিখনত তেওঁ তেওঁৰ অভিনয়েৰে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰি থৈছে । তেওঁৰ বিষয়ে কিছু জানো আহক-

চিটাৰা ডেস্ক, 29 জুন: পাকিস্তানৰ বিখ্যাত জনপ্ৰিয় অভিনেত্ৰী মাহিৰা খানে বলীউডত তেওঁৰ অভিনয়েৰে অনুৰাগীৰ মনত এক সুকীয়া স্থান দখল কৰি থৈছে ৷ সৌন্দৰ্য আৰু শক্তিশালী অভিনয়ৰ সংমিশ্ৰণ মাহিৰা খান । অভিনেত্ৰীগৰাকী মুখ্যতঃ 'হামচফৰ' নামৰ তেওঁৰ টিভি অনুষ্ঠানৰ বাবে বিখ্যাত হৈছিল ।

মাহিৰা খানে RAEES বোলছবিখনেৰে বলীউডত ভৰি দিছিল ৷ শ্বাহৰুখ খানৰ বিপৰীতে মাহিৰাৰ অভিনয় সকলোৱে আদৰি লৈছিল ৷ মাহিৰাৰ অভিনয়ৰ চাপ আজিও আছে বলীউডত ৷

কৰাচীত জন্মগ্ৰহণ কৰা অভিনেত্ৰীগৰাকীয়ে ২০০৬ চনত VJ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । একে সময়তে গায়ক আতিফ আছলাম (২০১১)ৰ সৈতে ছোৱেব মনচুৰে পৰিচালিত কৰা 'বোল' চলচ্চিত্ৰখনৰ দ্বাৰা ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰে । চিনেমাখন সেই সময়ৰ এখন হিট চিনেমা আছিল । কেৱল এয়াই নহয়, শ্ৰেষ্ঠ অভিনেত্ৰী (চলচ্চিত্ৰ)ৰ লাক্স ষ্টাইল বঁটাও মাহিৰাই লাভ কৰিছিল । মাহিৰাৰ চলচ্চিত্ৰ কেৰিয়াৰ যথেষ্ট সফল বুলি ক’ব পাৰি ।

mahira khan
বলীউডত কিংখানৰ সৈতে এণ্ট্ৰি মৰা মাহিৰা খানৰ ভাৰতত আছে অসংখ্য অনুৰাগী

মাহিৰা খানে বহুতো ব্লকবাষ্টাৰ চিনেমা উপহাৰ দিছে । তেওঁক তেওঁৰ নতুন ছবি 'কায়দে আজম জিন্দাবাদ'ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব । মাহিৰাই বিখ্যাত লাইভ শ্ব' 'মোষ্ট ৱান্টেডো আয়োজন কৰিছিল ।

এক সাক্ষাৎকাৰৰ সময়ত মাহিৰাই আহিবলগীয়া ছবি 'কায়দে আজম জিন্দাবাদ'ত তেওঁৰ চৰিত্ৰৰ বিষয়ে কয়, "ছবিখনত মোৰ চৰিত্ৰটো আনন্দদায়ক আৰু মনোৰঞ্জনদায়ক । অৱশ্যে, মই দৰ্শকসকলক কওঁ যে মই ছবিখনত টমবয় চৰিত্ৰতৰে সম্পূৰ্ণ পৃথককৈ নিজকে প্ৰকাশ কৰিম" । 'কায়দে আজম জিন্দাবাদ' ছবিখনে ঈদত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক: সৌভাগ্যৱতী ভবঃ ৰ ভয়াতুৰ জাহ্নৱীয়ে প্ৰৱেশ কৰিছে Khatron Ke Khiladi 12 ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.