K L Rahul Athiya Shetty wedding: যুগ্ম জীৱনৰ বান্ধোনত বান্ধ খালে আথিয়া-ৰাহুল
Updated on: Jan 25, 2023, 1:38 PM IST

K L Rahul Athiya Shetty wedding: যুগ্ম জীৱনৰ বান্ধোনত বান্ধ খালে আথিয়া-ৰাহুল
Updated on: Jan 25, 2023, 1:38 PM IST
দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত সম্পৰ্কৰ এটা নতুন নাম দিলে ক্ৰিকেটাৰ কে এল ৰাহুল আৰু তেওঁৰ প্ৰেয়সী তথা বলীউডৰ অভিনেতা সুনীল শেট্টীৰ কন্যা আথিয়াই ৷ সীমিত সংখ্যক অনুৰাগীৰ উপস্থিতিৰে অতি ধুমধামেৰে সম্পন্ন হ’ল দুয়োৰে বিয়া ৷ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰা দুয়োকে শুভাকাংক্ষীসকলে জনালে অফুৰন্ত শুভেচ্ছো ৷
চিটাৰা ডেস্ক, 23 জানুৱাৰী : অৱশেষত বিয়াত বহিল আথিয়া-ৰাহুল ৷ অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল ৷ ৰাহুলৰ বাবে কইনা সাজি ওলাল অভিনেতা সুনীল শেট্টীৰ কন্যা আথিয়া শেট্টী ৷ ৰাহুলৰ নামৰ সেন্দুৰ শীৰত আঁকি ল’লে আথিয়াই ৷ অনুৰাগীৰ উৎকণ্ঠাৰ ওৰ পৰিল ৷ প্ৰেমৰ পূৰ্ণতা প্ৰাপ্তিত সকলোৰে মন-প্ৰাণ ভৰি উঠিছে ৷ যদিও খুব ঘনিষ্ঠ মানুহৰ উপস্থিতিতহে এইখন বিয়া পতা হৈছে তথাপিও অনুৰাগীকে ধৰি সকলোৱে দূৰৈৰ পৰাই যাচিছে শুভেচ্ছা ৷
সুনীল শেট্টীৰ খাণ্ডালাস্থিত বাসগৃহত অনুষ্ঠিত হৈছে এই বহুল চৰ্চিত বিয়াখন ৷ এক দীৰ্ঘ সময় ধৰি আথিয়া আৰু ৰাহুলৰ বিয়াৰ কথা আলোচনা হৈ আছিল ৷ পাৰিবাৰিক ৰীতি-নীতিৰে অনুষ্ঠিত হয় বিয়াখন ৷ কইনা আৰু দৰাৰ সাজত খুব ধুনীয়া দেখা গৈছে দুই তাৰকাকে ৷ নানান খাদ্য সম্ভাৰেৰে অতিথিক আপ্যায়ন কৰা হয় ৷
কে এল ৰাহুল আৰু আথিয়া শেট্টীয়ে এক দীঘলীয়া সময় ধৰি ডেট কৰি আছিল ৷ যদিও নিজৰ সম্পৰ্কৰ কথা কেতিয়াও লুকুৱাই ৰখা নাছিল দুয়োৱে ৷ কিন্তু বিয়াৰ পূৰ্বে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা নকৰিলে ৷ আথিয়াৰ পিতৃ সুনীল শেট্টীয়েহে বিয়াৰ কথা নিশ্চিত কৰে ৷ এজনে আনজনৰ পোছাক পৰিধান কৰাৰ পৰা আৰম্ভ কৰি টীম ইণ্ডিয়াৰ কেইবাখনো খেলত আথিয়াৰ উপস্থিতি আদি বিভিন্ন কাৰণত এই প্ৰেমিক যুগল সদায় চৰ্চাত আছিল ৷
বিগত বছৰত ৰাহুলে আথিয়াৰ জন্মদিনত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল ৷ শনিবাৰৰ পৰা তেওঁলোকৰ বিয়াৰ অনুষ্ঠান সমূহ আৰম্ভ হয় ৷ এই বিয়াখনকলৈ যথেষ্ট উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ দম্পতীহালৰ সংগীত অনুষ্ঠানত কেইবাগৰাকীও চেলেব্ৰিটীয়ে অংশগ্ৰহণ কৰে ।
অৰ্জুন কাপুৰ তেওঁৰ ভগ্নী অংশুলা কাপুৰ আৰু বিখ্যাত ফেশ্বন ফটোগ্ৰাফাৰ ৰোহন শ্ৰেষ্ঠাৰ দৰে চেলেব্ৰিটীক আথিয়া আৰু ৰাহুলৰ সংগীত অনুষ্ঠানত অংশ লোৱা দেখা গৈছিল ৷ বিবাহ স্থলী নিৰ্মাণ কৰা হৈছে খাণ্ডলাত । এতিয়ালৈকে বিবাহ স্থলীৰ ভিতৰৰ কোনো ছবি অনলাইনত প্ৰকাশ পোৱা নাই কাৰণ প্ৰেমিক যুগলে ন’-ফোন নীতি বাছি লোৱা বুলি জানিব পৰা গৈছে ।
শুকুৰবাৰে সন্ধিয়া সুনীল শেট্টীৰ খাণ্ডালাৰ ঘৰখন পোহৰেৰে জিলিকি উঠিছিল আৰু বহুতো অতিথিক পৰম্পৰাগত সাজ পিন্ধি নৃত্য কৰা দেখা গৈছিল ৷ সকলোৱে ৰাহুল আৰু আথিয়া যুগ্ম জীৱন উদযাপন কৰা দেখা গৈছিল । যদিও পাপাৰাজ্জীয়ে কইনা আৰু দৰাৰ ফটো সংগ্ৰহ কৰিব নোৱাৰিলে, কিন্তু পোহৰলৈ অহা ফটোবোৰ আনন্দদায়ক আৰু নিশ্চিত কৰিব পাৰি যে সঁচাকৈয়ে এখন বিয়া হৈ আছে । ক্ৰিকেটাৰ কে এল ৰাহুল বা আথিয়া শেট্টীয়ে কোনেও অৱশ্যে তেওঁলোকৰ বিবাহৰ খবৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাছিল ।
সুনীল শেট্টীয়ে দেওবাৰে তেওঁৰ ফাৰ্মহাউচৰ বাহিৰত ৰৈ থকা পাপাৰাজ্জীৰ সৈতে বাৰ্তালাপ কৰিছিল আৰু তেওঁলোকক এটা প্ৰতিশ্ৰুতি দিছিল । যেতিয়া পাপাৰাজ্জীয়ে ধড়কন অভিনেতাজনক অভিনন্দন জনাই তেতিয়া তেওঁ তেওঁলোকৰ সৈতে সৰুকৈ বাৰ্তালাপ কৰে আৰু প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ তেওঁৰ সন্তান আথিয়া আৰু ৰাহুলক আনুষ্ঠানিক ছবিৰ বাবে গোটেই পৰিয়ালৰ সৈতে লৈ আহিব । তেওঁ কয়, "মে কাল লেকে আতা হুঁ বাচ্চো কো " ৷ অভিনেতাজনে লগতে কয়, "আপনে যো প্যাৰ দিখায়া উচ্কে লিয়ে বহত বহত থেংক ইউ" ৷
এইটোৱেই আছিল পৰিয়ালৰ পৰা বিয়াৰ প্ৰথম আনুষ্ঠানিক নিশ্চিতকৰণ । কে এল ৰাহুল আৰু আথিয়াৰ প্ৰেমৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু অভিনেত্ৰীগৰাকীক ক্ৰিকেটাৰগৰাকীৰ সৈতে টিম ইণ্ডিয়াৰ কেইবাখনত দেখা গৈছিল ।
লগতে পঢ়ক : Tu Jhoothi Main Makkaar trailer: নিজ নিজ বুদ্ধিমত্তাৰে প্ৰেমত পৰে ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ
