আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি আবেগিক হৈ পৰিল একতা কাপুৰ
Published: Nov 21, 2023, 11:58 AM

আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি আবেগিক হৈ পৰিল একতা কাপুৰ
Published: Nov 21, 2023, 11:58 AM
International Emmy Award 2023: আন্তঃৰাষ্ট্ৰীয় এমি বঁটা লাভ কৰিলে একতা কাপুৰে । এমি সঞ্চালকালয় বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত একতা কাপুৰ ।
চিটাৰা ডেস্ক, 21 নৱেম্বৰ: 51 সংখ্যক আন্তঃৰাষ্ট্ৰীয় এমি বঁটা প্ৰদান অনুষ্ঠানত টিভিৰ কুইন তথা চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰক আন্তঃৰাষ্ট্ৰীয় এমি সঞ্চালকালয় বঁটাৰে সন্মানিত কৰা হৈছে । বিশেষ কথাটো হ’ল সন্মানীয় এমি সঞ্চালকালয় বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে একতা কাপুৰ । শিল্প আৰু মনোৰঞ্জনৰ জগতখনত উল্লেখযোগ্য অৱদানৰ বাবে একতা কাপুৰক এই সন্মান প্ৰদান কৰা হৈছে ।
আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰ সন্মান লাভ একতা কাপুৰৰ
‘ভাৰতীয় টেলিভিছনৰ পৰিৱেশত অগ্ৰণী কেৰিয়াৰ আৰু প্ৰভাৱ’ৰ বাবে একতা কাপুৰক সঞ্চালকালয় বঁটাৰে সন্মানিত কৰা হৈছে । একতা কাপুৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা চুটি ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে য’ত তেওঁক মঞ্চত এমি বঁটা গ্ৰহণ কৰা দেখা গৈছে । এই বঁটা লাভ কৰি একতাই ভাষণত কয় যে এই বঁটা ভাৰতৰ বাবে । দ্বিতীয় ক্লিপত তেওঁ নিজৰ এমি বঁটা দেখুৱাই লিখিছে, "ভাৰত, মই আপোনাৰ এমি @iemmys ঘৰলৈ লৈ আহিছো ।"
আগষ্ট মাহত এমি মনোনয়নৰ খবৰ শ্বেয়াৰ কৰিছিল একতাই
উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত একতা কাপুৰে মনোনয়নৰ খবৰ শ্বেয়াৰ কৰি লিখিছিল, “এই সন্মান লাভ কৰাৰ পিচত মই যথেষ্ট উৎসাহিত হৈছো । এই বঁটাটোৱে মোৰ হৃদয়ত এক সন্মানীয় স্থান দখল কৰিছে, এই সন্মানীয় মঞ্চৰ জৰিয়তে মোৰ দেশক বিশ্বব্যাপী প্ৰতিনিধিত্ব কৰাটো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম ।”
আন্তঃৰাষ্ট্ৰীয় এমি ২০২৩ ত বঁটা কৰে বীৰ দাসে
ইয়াৰ লগতে উল্লেখ কৰিব লাগিব যে ২০২৩ চনৰ আন্তঃৰাষ্ট্ৰীয় এমি বঁটাত নেটফ্লিক্সৰ বিশেষ অনুষ্ঠান বীৰ দাস: লেণ্ডিঙৰ বাবে শ্ৰেষ্ঠ কমেডী বঁটা লাভ কৰিছে কমেডিয়ান বীৰ দাসে । এই বঁটা লাভ কৰি আনন্দিত হৈ পৰিছে বীৰ দাস ৷
