Sonu Nigam Birthday: চনু নিগমৰ আজি ৪৮ সংখ্যক জন্মদিন

author img

By

Published : Jul 30, 2022, 4:31 PM IST

Updated : Jul 30, 2022, 7:27 PM IST

HBD Sonu Nigam:

একাধিক গীতেৰে বলীউডক চহকী কৰি তোলা চনু নিগমৰ জনপ্ৰিয়তা আজিও শীৰ্ষত আছে । আজি জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে ৪৮ সংখ্যক জন্মদিন উদযাপন কৰিছে (Sonu Nigam birthday )।

চিটাৰা ডেস্ক, 30 জুলাই : য়েহ দিল দীৱানা, দীৱানা হায়... য়েহ দিল... আদি বিখ্যাত গানেৰে চিৰদিনৰ বাবে শ্ৰোতাৰ মনত নিজৰ এক সুকীয়া স্থান দখল কৰি থকা গায়ক চনু নিগমৰ আজি ওপজা দিন ৷ ১৯৭৩ চনৰ ৩০ জুলাইত ফৰিদাবাদত জন্মগ্ৰহণ কৰিছিল চনু নিগমে ৷ বলীউডৰ প্ৰখ্যাত কণ্ঠশিল্পীজনে আজি উদযাপন কৰিছে ৪৮ সংখ্যক জন্মদিন । সৰু ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বয়সস্থ লোকলৈকে সকলোৱে গুণগুণাই উঠে চনুৰ গান শুনিলেই । এই বিশেষ দিনটোত আমি তেওঁৰ শ্ৰেষ্ঠ কেইটামান গীতৰ সংকলন আপোনালোকলৈ আগবঢ়াইছো ।

1. Har Ek Friend Kamina Hota Hai-Chashme Baddoor

  • " class="align-text-top noRightClick twitterSection" data="">

ডেভিদ ধৱনৰ দ্বাৰা পৰিচালিত এইখন এখন কমেডী ছবি । ছবিখনত অভিনয় কৰিছে আলী জাফৰ, সিদ্ধাৰ্থ, তাপসী পান্নু আৰু দিব্যেন্দু শৰ্মাই। ছবিখনৰ এই গীতটি প্ৰতিজন বন্ধুপ্ৰেমী লোকৰ মুখত থাকে ৷

2. Yeh Dil Deewana-Pardes

  • " class="align-text-top noRightClick twitterSection" data="">

সুভাষ ঘাইৰ দ্বাৰা পৰিচালিত ১৯৯৭ চনত নিৰ্মিত এখন হিট হিন্দী চলচ্চিত্ৰ পৰদেশ । ছবিখনত শ্বাহৰুখ খান, অমৰেশ পুৰী, আলোক নাথ আৰু মহিমা চৌধুৰী, অপূৰ্ব অগ্নিহোত্ৰীয়ে সুন্দৰ অভিনয় কৰিছিল । ছবিখনৰ দিল দীৱানা গীতটি আজিও প্ৰতিজন লোকৰে মুখে মুখে থাকে ।

3. Mere yaar ki shaadi hai-Mere yaar ki shaadi hai

  • " class="align-text-top noRightClick twitterSection" data="">

Mere Yaar Ki Shaadi Hai ২০০২ চনৰ এখন জনপ্ৰিয় হিন্দী ছবি । যশ ৰাজ ফিল্মছৰ দ্বাৰা নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছিল সঞ্জয় গাধাৱীয়ে । মুখ্য চৰিত্ৰত অভিনয় কৰিছিল উদয় চোপ্ৰা, জিমী শ্বেৰগীল, বিপাশা বসু আৰু টিউলিপ যোশীয়ে ।

4. Do Pal-Veer-Zaara

  • " class="align-text-top noRightClick twitterSection" data="">

২০০৪ চনৰ এই হিন্দী ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শ্বাহৰুখ খান, প্ৰীতি জিন্টা আৰু ৰাণী মুখাৰ্জীয়ে । ছবিখনৰ পৰিচালনা কৰিছিল যশ চোপ্ৰাই । ছবিখনৰ এই গীতটোৱে প্ৰতিজন বীৰক তেওঁৰ জাৰাৰ কথা মনত পেলাই দিয়ে ।

5. Sandese Aate Hai-Border

  • " class="align-text-top noRightClick twitterSection" data="">

বৰ্ডাৰ হৈছে ১৯৯৭ চনত হিন্দী ভাষাৰ ব্লকবাষ্টাৰ ছবি । ছবিখন ১৯৭১ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ ওপৰত আধাৰিত । চনুৰ এই গীতটো দেশপ্ৰেমেৰে ভৰা ।

6. Bhagwan Hai Kahan Re Tu-PK

  • " class="align-text-top noRightClick twitterSection" data="">

পি কে পৰিচালনা কৰিছিল ৰাজকুমাৰ হিৰাণীয়ে । ছবিখনৰ প্ৰযোজনা কৰিছে বিধু বিনোদ চোপ্ৰা আৰু সিদ্ধাৰ্থ ৰায় কাপুৰৰ লগতে ৰাজকুমাৰ হিৰাণীয়ে । ২০১৪ চনত মুক্তি লাভ কৰিছিল ছবিখনে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আমীৰ খান, অনুষ্কা শৰ্মা, সঞ্জয় দত্ত, ব’মান ইৰাণী আৰু সুশান্ত সিং ৰাজপুতে ।

7. Mujhse shaadi karogi-Mujhse shaadi karogi

  • " class="align-text-top noRightClick twitterSection" data="">

ডেভিদ ধৱনৰ দ্বাৰা পৰিচালিত ২০০৪ চনত নিৰ্মিত এইখন এখন জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ । এই ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে ছলমান খান, অক্ষয় কুমাৰ আৰু প্ৰিয়ংকা চোপ্ৰাই ।

8. Abhi Mujh Mein Kahin-Agneepath

  • " class="align-text-top noRightClick twitterSection" data="">

কৰণ জোহৰৰ দ্বাৰা ২০১২ চনত নিৰ্মিত হিন্দী ছবি অগ্নিপথ দৰ্শকে আদৰি লৈছিল । ১৯৯০ চনত নিৰ্মিত ছবিখনৰ পুনৰ্নিৰ্মাণ কৰা হৈছিল । উল্লেখযোগ্য যে, পূৰ্বে অমিতাভ বচ্চনে অভিনয় কৰা ছবিখনত মূল চৰিত্ৰ বিজয় দীনানাথ চৌহানৰ চৰিত্ৰত অভিনয় কৰিছিল হৃত্বিক ৰোশনে । মূল গুণ্ডাৰ চৰিত্ৰত দেখা গৈছিল সঞ্জয় দত্তক ।

9. Mere Haath Mein-Fanaa

  • " class="align-text-top noRightClick twitterSection" data="">

২০০৬ চনত মুক্তি পাইছিল ফানা । ছবিখনৰ পৰিচালনা কৰিছিল কুনাল কোহলীয়ে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল টাবু, কাজল, আমীৰ খান আৰু শ্বাইনী আহুজাই ।

Last Updated :Jul 30, 2022, 7:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.