আৰিয়ান জেললৈ যোৱাৰ প্ৰসংগত মুখ খুলিলে গৌৰী খানে

author img

By

Published : Sep 22, 2022, 2:20 PM IST

GAURI KHAN

কফি উইথ কৰণৰ শেহতীয়া খণ্ডটোত আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে গৌৰী খানে । আৰিয়ানক আটক কৰাৰ সময়ত পৰিয়ালটোৱে যিখিনি সময়ৰ মাজেৰে পাৰ হৈছিল তাতকৈ বেয়া আন একো হ’ব নোৱাৰে বুলিও কয় গৌৰীয়ে ।

চিটাৰা ডেস্ক, 22 ছেপ্টেম্বৰ : বাদশ্বাহ শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে কফি উইথ কৰণ 7 ৰ শেহতীয়া খণ্ডটোত আৰিয়ান খানৰ গ্ৰেপ্তাৰৰ ওপৰত নিজৰ মৌনতা ভংগ কৰিলে (Gauri Khan on Aryan Khan drug case)।

কৰণ জোহৰৰ বিতৰ্কিত জনপ্ৰিয় টক শ্ব’ৰ শেহতীয়া খণ্ডটোত নেটফ্লিক্সৰ ৱেব শ্ব’ ‘ফেবুলাছ লাইভছ অৱ্ বলীউড ৱাইভছ’ৰ ষ্টাৰ কাষ্ট গৌৰী খান, মহীপ কাপুৰ আৰু ভাৱনা পাণ্ডেই অংশ লয় ।

শ্ব’টোত কৰণে গৌৰীক সেই কঠিন 30 দিনৰ কথা সোঁৱৰাই দিয়ে যেতিয়া তেওঁৰ ডাঙৰ পুত্ৰ আৰিয়ান খানে মুম্বাইৰ আৰ্থাৰ ৰোড জেলত সাধাৰণ বন্দীসকলৰ সৈতে দিন কটাবলগীয়া হৈছিল । কৰণে কয়, ‘শ্বাহৰুখৰ বাবে বৰ কঠিন সময় আছিল । কেৱল পেছাদাৰীভাৱেই নহয় কিছুদিন আগলৈকে ব্যক্তিগতভাৱেও যি হৈছিল সেয়া আছিল অতি দুখৰ বিষয় । এটা পৰিয়াল হিচাপে মই বুজি পাওঁ যে এনেকুৱা পৰিস্থিতি সহজ নহয় । মই আপোনাক মাতৃ হিচাপে আৰু শ্বাহৰুখক পিতৃ হিচাপে ভালদৰে চিনি পাওঁ আৰু আমি এটা পৰিয়ালৰ দৰে । কিন্তু গৌৰী, সেই সময়ছোৱাত আপোনাক বহুত শক্তিশালী দেখিছিলো, আপুনি কি ক’ব পৰিয়াললৈ বিপদ অহাৰ ইমান কঠিন সময়ত নিজকে কেনেদৰে চম্ভালিছিল' ?

উত্তৰত গৌৰীয়ে কয়, "এটা পৰিয়াল হিচাপে আমি যিখিনি সময়ৰ মাজেৰে পাৰ হৈছো, এগৰাকী মাতৃ হিচাপে, এগৰাকী অভিভাৱক হিচাপে, তাতকৈ বেয়া একো হ'ব নোৱাৰে । কিন্তু আজি, য'ত আমি সকলোৱে এটা পৰিয়াল হিচাপে থিয় দিছো, মই ক'ব পাৰো যে আমি এজন ৷ আমি সকলোৰে মৰম অনুভৱ কৰিছো । আমাৰ সকলো বন্ধু-বান্ধৱীৰ পৰা ইমানবোৰ বাৰ্তা আৰু ইমান মৰম পাইছো আৰু আমি সকলোৰে ওচৰত ধন্য । আমাক সহায় কৰা প্ৰতিজন ব্যক্তিৰ ওচৰত মই কৃতজ্ঞ" ।

উল্লেখযোগ্য মুম্বাইৰ পৰা গোৱা অভিমুখী বিশেষ জাহাজ এখনত ড্ৰাগছৰ এটা অভিজাত পাৰ্টী চলাৰ তথ্য লাভ কৰি NCB ৰ বিষয়াই অভিযান চলাই যোৱা বৰ্ষৰ 2 অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল আৰিয়ানক (Aryan Khan drug case) । গ্ৰেপ্তাৰৰ 25 দিনৰ পাছতেই তেওঁৰ জামিন মঞ্জুৰ কৰিছিল মুম্বাই উচ্চ ন্যায়ালয়ে ।

17 বছৰৰ মূৰত কৰণ জোহৰৰ টক শ্ব’ত প্ৰত্যাৱৰ্তন কৰে গৌৰীয়ে । ইয়াৰ খণ্ডটোত গৌৰীয়ে লাইভ দৰ্শকৰ 48% ভোট লাভ কৰি ৰেপিড-ফায়াৰ ৰাউণ্ডত জয়লাভ কৰে । কৰণ জোহৰৰ দ্বাৰা প্ৰযোজিত ‘দ্য ফেবুলাছ লাইভছ অৱ্ বলীউড ৱাইভছ’ৰ দ্বিতীয় চিজন বৰ্তমান নেটফ্লিক্সত প্ৰচাৰিত হৈছে, যিটো দৰ্শকে আঁকোৱালি লৈছে ।

লগতে পঢ়ক : Raju Srivastava death news: উভতি চাওঁ আহক ৰাজু শ্ৰীবাস্তৱৰ জীৱনলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.