Superman Legacy: আমেৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা জেমছ গনে পৰিচালনা কৰিব ছুপাৰমেন লেগেচি

author img

By

Published : Mar 16, 2023, 9:00 PM IST

DC chief James Gunn all set to direct Superman Legacy

‘ছুপাৰমেন: লেগেচি’ শীৰ্ষক নতুন ছুপাৰমেন ছবিখন পৰিচালনা কৰিব ডিচিৰ মুৰব্বী জেমছ গনে । ২০২৫ চনৰ ১১ জুলাইত মুক্তি লাভ কৰিব ছবিখন (Superman Legacy) ।

চিটাৰা ডেস্ক, 16 মাৰ্চ: আমেৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা তথা ডিচিৰ মুৰব্বী জেমছ গন সম্প্ৰতি ‘ছুপাৰমেন: লেগেচি’ পৰিচালনা কৰিবলৈ সাজু হৈছে (American filmmaker and DC chief James Gunn) । আমেৰিকাৰ এটা বাতৰি সংস্থাত গনে বুধবাৰে প্ৰকাশ কৰে যে তেওঁ পূৰ্বতে ঘোষণা কৰা ছুপাৰমেন ফ্ৰেঞ্চাইজিৰ ৰিবুটৰ নেতৃত্ব দিব (Superman Legacy) । গনে ইতিমধ্যে ইয়াৰ চিত্ৰনাট্য লিখিছে বুলি উল্লেখ কৰিছে ৷ আনহাতে ছাফ্ৰানে প্ৰযোজনা কৰিব ছুপাৰমেন ফ্ৰেঞ্চাইজিখন ।

শেহতীয়াকৈ টুইটাৰত গনে এখন ছবি শ্বেয়াৰ কৰি লিখিছে, "হয়, মই পৰিচালনা কৰিছো ছুপাৰমেন: লেগেচি ৷ ছবিখন ২০২৫ চনৰ ১১ জুলাইত মুক্তি লাভ কৰিব । মোৰ ভাতৃ মেটে মুক্তিৰ তাৰিখ জানিবলৈ পাই মোক ক’লে যে কান্দিবলৈ আৰম্ভ কৰিলে তেওঁ । মই মোৰ ভাতৃক কিয় কান্দিছিলা সুধিলোঁ ।" তেওঁ ক’লে, "ডুড, দেউতাৰ জন্মদিন । মই গম পোৱা নাছিলোঁ ৷ " উল্লেখ্য যে, ছুপাৰমেন: লেগেচি ২০২৫ চনৰ ১১ জুলাইত মুক্তি পাবলৈ সাজু হৈছে ।

গনে এই খবৰটো টুইটাৰত শ্বেয়াৰ কৰাৰ লগতে প্ৰেজেক্টটোৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে এক আৱেগিক কাহিনীও শ্বেয়াৰ কৰে (New Superman movie)। গনে লিখিছে,"মই মোৰ দেউতাকক প্ৰায় তিনি বছৰ আগতে হেৰুৱাইছিলো । তেওঁ মোৰ বেষ্টফ্ৰেণ্ড আছিল । তেওঁ মোক সৰুতে বুজি পোৱা নাছিল, কিন্তু তেওঁ মোৰ কমিক্সৰ প্ৰতি থকা প্ৰেম আৰু মোৰ ছবিৰ প্ৰতি থকা প্ৰেমক সমৰ্থন কৰিছিল আৰু তেওঁৰ অবিহনে মই এতিয়া এই ছবিখন নিৰ্মাণ নকৰিলোহেঁতেন ।"

  • Yes, I’m directing Superman: Legacy to be released on July 11, 2025. My brother Matt told me when he saw the release date he started to cry. I asked him why. He said, “Dude, it’s Dad’s birthday.” I hadn’t realized. pic.twitter.com/ohQNV8nI4g

    — James Gunn (@JamesGunn) March 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

গনে লগতে কয়, "এই পৰ্যন্ত বহুত দীঘলীয়া পথ অতিক্ৰম কৰিছো । মোক বহু বছৰ আগতে ছুপাৰমেনৰ প্ৰস্তাৱ দিয়া হৈছিল - মই প্ৰথমতে নাকচ কৰিছিলো কাৰণ মোৰ এনে কোনো অনুভৱ নাছিল অৰ্থাৎ অনন্য আৰু আৱেগিক অনুভৱ নাছিল যে ছুপাৰমেন ছবিখনক প্ৰাপ্য মৰ্যাদা প্ৰদান কৰিব পাৰিম ।" ছবিখনৰ আনুষ্ঠানিক ঘোষণাৰ পিচতে অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উৎসুকতা ।

লগতে পঢ়ক: Oscars 2023 updates: অস্কাৰ বঁটা বিজয়ীক এনেদৰে অভিনন্দন জ্ঞাপন তাৰকা-ৰাজনীতিবিদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.