Qala trailer launch: পিতৃৰ কৰ্মৰাজিৰে কাম কৰি যোৱাৰ ইচ্ছা বাবিল খানৰ

author img

By

Published : Nov 16, 2022, 11:02 AM IST

Babil

কালাৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত বাবিল খানে স্বীকাৰ কৰে যে তেওঁৰ প্ৰয়াত পিতৃ ইৰফান খানৰ উত্তৰাধিকাৰী হিচাপে জীয়াই থকাৰ কিছু চাপ আছে তেওঁৰ জীৱনত । কালাৰ জৰিয়তে অভিনয় জীৱনৰ অভিষেক ঘটোৱা বাবিলে কয় যে অৱশ্যে তেওঁ নিজৰ সকলো শক্তি নিজৰ শ্ৰেষ্ঠত্ব দিয়াৰ ওপৰত নিয়োগ কৰিছে ।

চিটাৰা ডেস্ক, 16 নৱেম্বৰ : স্বৰ্গীয় অভিনেতা ইৰফান খানৰ পুত্ৰ বাবিলে মঙলবাৰে কয় যে চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰা আৰু তেওঁৰ পিতৃৰ নাম লৈ জীয়াই থকাৰ চিন্তাই তেওঁক আৰম্ভণিতে ভয় খুৱাইছিল ৷ কিন্তু তেওঁ নিজৰ ভয়ক সদ্ব্যৱহাৰ কৰিবলৈ শিকিছে । তেওঁৰ প্ৰথম চলচ্চিত্ৰ "কালা"ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত নৱাগতজনে কয় যে তেওঁ সকলো ধৰণৰ চলচ্চিত্ৰ আৰু চৰিত্ৰতে অভিনয় কৰিব বিচাৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

"আমাৰ এই ভ্ৰম আছে, আমি ভাবো যে আমি আমাৰ যাত্ৰাৰ নিয়ন্ত্ৰণত আছো, কিন্তু তেনে নহয় । জীৱনে মোৰ ওপৰত যি নিক্ষেপ কৰিব তাৰ সৈতে মই উন্নতি কৰিবলৈ চেষ্টা কৰিম । মই সকলো বোৰ অন্বেষণ কৰিব বিচাৰো, মই সকলো ধৰণৰ চলচ্চিত্ৰ কৰিব বিচাৰো আৰু সকলো ধৰণৰ চৰিত্ৰত অভিনয় কৰিব বিচাৰো", বাবিলে সাংবাদিকসকলক এইদৰে কয় ।

অভিনেতাজনে স্বীকাৰ কৰে যে তেওঁৰ ওপৰত এক নিৰ্দিষ্ট চাপ আছে কিন্তু তেওঁ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদানত তেওঁৰ সকলো শক্তি কেন্দ্ৰীভূত কৰিছে । "যথেষ্ট চাপ আছে । দুবছৰ আগতে, যেতিয়া আমি শ্বুটিং কৰি আছিলো, সেই সময়তো চাপ আছিল । ই মোক প্ৰভাৱিত কৰিব, ই মোক ভয় খুৱাব কিন্তু এতিয়া ই মোক উন্নত কাম কৰিবলৈ অনুপ্ৰাণিত কৰে । চাপৰ সংজ্ঞা এতিয়া সলনি হৈছে", বাবিলে লগতে কয় ।

বাবিলৰ পিতৃ ইৰফান খান আছিল ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম বহুমুখী প্ৰতিভাযুক্ত অভিনেতা । বিৰল ৰূপৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ দুবছৰৰ পিছত 2020 চনত 54 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । হিন্দী চলচ্চিত্ৰ জগতত ইনিংছ আৰম্ভ কৰাৰ সময়ত বাবিলৰ গাত ইৰফান খানৰ কি কি গুণ থাকিব বুলি সোধাত তেওঁ কয়, "মেৰে ফাদাৰ কি জো খুবিয়া থি ৱহ লেকে চালে গয়ে । আব মেইন আপনি খুবিয়া এক্সপ্লোৰ কৰুংগা" ৷

মুখ্য চৰিত্ৰত তৃপ্তি ডিমৰীয়ে অভিনয় কৰা কালাত মাকৰ মৰমৰ বাবে হাহাকাৰ কৰি থকা এগৰাকী কন্যাৰ হৃদয় বিদাৰক কাহিনী দেখুওৱা হৈছে । নেটফ্লিক্স ছবিখনৰ পৰিচালক অনবিতা দত্ত ।

সমালোচকৰ প্ৰশংসিত ফিচাৰ ফিল্ম বুলবুলৰ বাবে পৰিচিত দত্তই কয় যে তেওঁ কালাৰ জৰিয়তে এগৰাকী মাতৃ আৰু কন্যাৰ কাহিনী দৰ্শকৰ ওচৰলৈ আগবঢ়াই দিবলৈ আগ্ৰহী । এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু লেখিকা হিচাপে তেওঁ কয় যে তেওঁ কাল্পনিক কাহিনীৰ প্ৰতি আকৰ্ষিত । "এই ধৰণৰ কাহিনীবোৰ মোৰ মনলৈ আহে । মই এই কাহিনীবোৰ ক'বলৈ ভাল পাওঁ কাৰণ এইবোৰ সাৰ্বজনীন সত্য আৰু অনুভৱৰ কাহিনী, যাৰ সৈতে সকলো জড়িত হ’ব পাৰে" ৷

বুলবুলেৰে পৰিচালিকা হিচাপে অভিষেক ঘটোৱাৰ পূৰ্বে দত্তই সংলাপ লেখিকা, চিত্ৰনাট্য লেখক, গল্পকাৰ, দস্তানা, ৰা.ৱান, ষ্টুডেণ্ট অফ দা ইয়েৰ আৰু কুইন আদিৰ দৰে হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ হিচাপে কাম কৰিছিল । 2013 চনত কালাৰ প্ৰথম খচৰা লিখিছিল তেওঁ ৷ বুলবুলত কৰা অভিনয়ৰ বাবে সাৰ্বজনীনভাৱে প্ৰশংসিত হোৱা চলচ্চিত্ৰ নিৰ্মাতা আৰু ডিমৰীৰ মাজত দ্বিতীয়টো সহযোগিতা কালা । ক্লিনছলেট ফিল্মজৰ কৰ্ণেশ শৰ্মাৰ দ্বাৰা প্ৰযোজিত কালা 1 ডিচেম্বৰৰ পৰা নেটফ্লিক্সত দেখিবলৈ পাব আপোনালোকে (Qala release date) ।

লগতে পঢ়ক : Babil Khan latest news দৰ্শকৰ বাবে Qala এটা চাৰপ্ৰাইজ:বাবিল খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.