Ravi Sarma birthday: মাটিৰ মানুহ অভিনেতা ৰবি শৰ্মা

author img

By

Published : Sep 19, 2022, 1:48 PM IST

ravi sarma

90 দশকৰ প্ৰজন্মটোৰ যুৱক-যুৱতীসকলক যদি আজি সোধা যায় আপোনালোকৰ অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা কোন, নিশ্চয়কৈ একেষাৰেই সৰহ সংখ্যকে এটাই নাম ল’ব ‘ৰবি শৰ্মা’ ৷ ব্যক্তিত্বৰ পৰা আৰম্ভ কৰি অভিনয়লৈকে সকলো দিশেৰেই অসমীয়াৰ মনত সুকীয়া স্থান দখল কৰি থকা ৰবি শৰ্মাই আজি উদযাপন কৰিছে 50 বছৰীয়া জন্মদিন (Ravi Sarma age) ৷

চিটাৰা ডেস্ক, 19 ছেপ্টেম্বৰ : নামেই যাৰ পৰিচয়- ৰবি শৰ্মা ৷ আপ্ত বাক্যশাৰীৰ সৈতে নিজৰ নাম সংযুক্ত কৰিবলৈ সৰুৰে পৰাই কষ্ট কৰা ৰবি শৰ্মাই আজি পাইছে সেই কষ্টৰ ফল ৷ অসমত বৰ্তমান সময়ত ৰবি শৰ্মা এক ব্ৰেণ্ড ৷ ব্ৰেণ্ড বুলি এইকাৰণেই অভিহিত কৰা হৈছে কিয়নো ফিটনেছ শব্দটো কাণত পৰাৰ লগে লগে সকলোৰে মানসপটত ভাঁহি উঠে অভিনেতা ৰবি শৰ্মাৰ ছবিখন ৷

গুৱাহাটীৰ পল্টন বজাৰত জন্মগ্ৰহণ কৰা ৰবি শৰ্মাই সৰুৰে পৰাই পিতৃ-মাতৃৰ জৰিয়তে লাভ কৰিছিল ক্ৰীড়াভিত্তিক মনোভাৱ ৷ ৰবি শৰ্মাৰ পিতৃয়ে তেওঁক পঢ়া-শুনাতকৈয়ো অধিক খেলা-ধূলাত মনোনিৱেশ কৰাত গুৰুত্ব দিছিল ৷ আজিৰ যি সফল পৰ্যায়ত তেওঁ উপনীত হৈছেহি তাৰ বাবে তেওঁ পিতৃ তথা এই ক্ৰীড়াজগতৰ ওচৰতেই কৃতজ্ঞ ৷

জীৱন উপলব্ধিৰ ক্ষেত্ৰত তেওঁ সৰুৰে পৰাই জড়িত হৈ অহা এই ক্ৰীড়া বোৰেই তেওঁক যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাহস তথা অনুপ্ৰেৰণা যোগাইছিল বুলি অনুভৱ কৰে অভিনেতাজনে ৷ নেশ্যনেল জিমনাষ্ট হিচাপে পৰিচয় থকা ৰবি শৰ্মা ফিটনেছৰ ক্ষেত্ৰত বহুতৰে বাবে এক প্ৰেৰণা ৷ য’তেই তেওঁ ক্ৰীড়া প্ৰদৰ্শন কৰিছে তাতেই তেওঁ নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল ৷ স্কুল-কলেজ সকলোতে ৰবি শৰ্মাই লাভ কৰিছিল বেষ্ট এথলীটৰ খিতাপ ৷

সাংস্কৃতিক দিশটো তেওঁ লক্ষ্য কৰিছিল মাতৃ বন্দনা শৰ্মায়ে অভিনয় কৰা সময়ছোৱাত ৷ ৰবি শৰ্মাৰ মাতৃ ফালৰ পৰিয়ালৰ প্ৰায় সৰহসংখ্যক লোকেই জড়িত আছিল সাংস্কৃতিক জগত খনৰ সৈতে (Ravi Sarma family) ৷ পিতৃ-মাতৃ দুয়োৱে সৰুৰে পৰাই ৰবিক জীৱন যুঁজত আগবাঢ়ি যোৱাৰ শিক্ষা দিছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ আজি এজন জনাজাত ফিটনেছ ফ্ৰিক ব্যক্তি, এজন সফল অভিনেতা ও সকলোৰে উৰ্ধত এজন প্ৰকৃত মাটিৰ মানুহ হিচাপে আমাৰ আগত ধৰা দিছে ৷

কিন্তু জানি আচৰিত হ’ব যে কেতিয়াও অভিনেতা হোৱাৰ সপোন দেখা নাছিল ৰবি শৰ্মাই ৷ মাতৃ বন্দনা শৰ্মাক ফিল্ম ছেটত বাৰে বাৰে একেটা দৃশ্য়ৰে দৃশ্যগ্ৰহণ কৰি থকা দেখি আমনি পাইছিল ৰবি শৰ্মাই ৷ তাতোতকৈ ডাঙৰ কথাটো হ’ল যে লিপষ্টিক লগোৱাৰ ভয়তো তেওঁ কেতিয়াও ছবিজগতলৈ যাব বিচৰা নাছিল ৷

কলেজ পঢ়ি শেষ কৰাৰ পাছত চাকৰি কৰা ৰবি শৰ্মাৰ জীৱনলৈ চিনেমাৰ অফাৰ আহিছিল কোনো কল্পনা নকৰাকৈ ৷ বিখ্য়াত চলচ্চিত্ৰ নিৰ্মাতা মুনীন বৰুৱাৰ চিনেমা অফাৰ প্ৰথমতে নাকচ কৰিছিল ৰবিয়ে, কিন্তু পিতৃৰ বুজনিত এই অফাৰ গ্ৰহণ কৰি সফলতাৰ সোৱাদ বাৰুকৈয়ে লাভ কৰে তেওঁ ৷ 2000 চনত মুক্তি পোৱা ‘হিয়া দিয়া নিয়া’ ছবিখন অসমীয়া ছবিজগতৰ এখন অন্যতম হিট ছবি ৷ প্ৰথম ছবিখনেই হৈ পৰিছিল ৰবি শৰ্মাৰ জীৱনৰ টাৰ্ণিং পইণ্ট (Ravi Sarma debut film) ৷ তাৰ পিছৰ পৰা আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই ৰবি শৰ্মাই ৷

আজি তেওঁৰ জন্মদিন বিশেষ দিনটোত ইটিভি ভাৰত চিটাৰা পৰিয়ালে তেওঁলৈ যাচিছো জন্মদিনৰ অফুৰন্ত শুভকামনা (Ravi Sarma birthday) ৷ চাওচোন আহক ৰবি শৰ্মা অভিনীত কেইটামান জনপ্ৰিয় গান-

  • " class="align-text-top noRightClick twitterSection" data="">
  • " class="align-text-top noRightClick twitterSection" data="">
  • " class="align-text-top noRightClick twitterSection" data="">
  • " class="align-text-top noRightClick twitterSection" data="">
  • " class="align-text-top noRightClick twitterSection" data="">
  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক : বহুতৰ মাজত একমাত্ৰ স্পষ্টবাদী মতৰ বাবেই জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.