এম্বাৰ হৰ্ড-ৰবাৰ্ট পেটিনছনক 'পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় ব্যক্তি' বুলি কোনে ক’লে ?
Updated on: Jun 23, 2022, 11:11 AM IST

এম্বাৰ হৰ্ড-ৰবাৰ্ট পেটিনছনক 'পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় ব্যক্তি' বুলি কোনে ক’লে ?
Updated on: Jun 23, 2022, 11:11 AM IST
পৰম্পৰাগত ফেচ মেপিং পদ্ধতি ব্যৱহাৰ কৰি ঘোষণা কৰা হয় যে (Greek Golden ratio of beauty) অভিনেতা এম্বাৰ হৰ্ড আৰু ৰবাৰ্ট পেটিনছন পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধুনীয়া আৰু আকৰ্ষণীয় চেহেৰাৰ গৰাকী ।
চিটাৰা ডেস্ক, 22 জুন : হলীউডৰ তাৰকা এম্বাৰ হৰ্ড আৰু ৰবাৰ্ট পেটিনছন পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধুনীয়া ব্যক্তি ৷ এই কথা আমি কোৱা নাই, পৰম্পৰাগত ফেচ মেপিং পদ্ধতি ব্যৱহাৰ কৰি চলোৱা এটা সমীক্ষাৰ পিছত এই তথ্য পোহৰলৈ আহিছে ৷ মাশ্ববলৰ মতে, লণ্ডনৰ চেণ্টাৰ ফৰ এডভান্সড ফেচিয়েল কচমেটিক এণ্ড প্লাষ্টিক চাৰ্জাৰীৰ ড৹ জুলিয়ান ডি চিলভাই ২০১৬ চনত পৃথিৱীৰ আটাইতকৈ ধুনীয়া মুখখন কাৰ আছে জানিবলৈ এটা প্ৰাচীন ফেচ মেপিং কৌশল পিএইচআই (PHI) ব্যৱহাৰ কৰিছিল ৷
তেওঁৰ গৱেষণাৰ পিছত এতিয়া কোৱা হৈছে যে, অভিনেত্ৰী এম্বাৰ হৰ্ড হৈছে 'বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা' আৰু 'বেটমেন' খ্যাত অভিনেতা ৰবাৰ্ট পেটিনছন 'বিশ্বৰ আটাইতকৈ ধুনীয়া পুৰুষ' । 'Phi' হৈছে এক গ্ৰীক ফেচ মেপিং কৌশল, যাক গ্ৰীক গ’ল্ডেন ৰেচিঅ' অফ বিউটি 1.618 বুলিও কোৱা হয় ৷ এই কৌশল মুখখন কিমান শুদ্ধ তাৰ গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় (Phi is a Greek face mapping technique) ।
ড৹ জুলিয়ান ডি চিলভাই এই কৌশলটো ব্যৱহাৰ কৰিছিল আৰু বিচাৰি পাইছিল 'একুৱামেন' খ্যাত অভিনেত্ৰী গৰাকীৰ মুখখনৰ গ্ৰীক সোণালী অনুপাতৰ সৈতে 91.85 শতাংশই মিল আছে, যাৰ ফলত তেওঁ 'বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা' হিচাপে পৰিগণিত হৈছে ৷ তাৰ পিছতেই আছে কিম কাৰ্দাচিয়ান 91.39 শতাংশ আৰু কেণ্ডেল জেনাৰ 90.18 শতাংশৰে সৈতে আছে পঞ্চম স্থানত ।
একেই কৌশল ব্যৱহাৰ কৰি ড৹ জুলিয়ান ডি চিলভাই ঘোষণা কৰিছিল যে ৰবাৰ্ট পেটিনছন হৈছে 92.15 শতাংশ শুদ্ধতাৰ সৈতে 'বিশ্বৰ আটাইতকৈ ধুনীয়া মানুহ' (Robert Pattinson news) ৷ তাৰ পিছত আছে 91.64 শতাংশ শুদ্ধতাৰ সৈতে 'মেন অফ ষ্টীল' অভিনেতা হেনৰী কেভিল ৷ ব্ৰেডলী কুপাৰ আৰু ব্ৰেড পিট 90.55 শতাংশ আৰু 90.51 শতাংশৰ সৈতে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে ।
বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু অনুৰাগীসকলে ইয়াৰ বাবে এম্বাৰ আৰু ৰবাৰ্টক অভিনন্দন জনায় (Greek Golden ratio of beauty) । এম্বাৰ হৰ্ডে অলপতে তেওঁৰ প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ গোচৰত চৰ্চালৈ আহিছিল ৷
এম্বাৰ হৰ্ডক পৰৱৰ্তী সময়ত ডিচি কমিক্স 'দ্য একুৱামেন 2'ত দেখিবলৈ পোৱা যাব (Amber Heard new movie) ৷ আনহাতে ৰবাৰ পেটিনছনক শেহতীয়াকৈ ডিচি কমিক্স 'দ্য বেটমেন'ত দেখা গৈছিল ৷
লগতে পঢ়ক : কাৰ সংগ পাই নাগা চৈতন্যই পাহৰি গ’ল প্ৰাক্তন পত্নী সামান্থাক
