Valentine Day 2023: মালাইকাৰ লগত নেদেখা ফটো শ্বেয়াৰ কৰিলে অৰ্জুন কাপুৰে

author img

By

Published : Feb 14, 2023, 4:48 PM IST

Valentine Day

ভেলেণ্টাইন ডে’ত নিজৰ লেডী লাভ মালাইকা আৰোৰাৰ সৈতে আগতে নেদেখা ফটো শ্বেয়াৰ কৰি অৰ্জুন কাপুৰে যাঁচিছে প্ৰেম দিৱসৰ শুভেচ্ছা (Arjun Kapoor Malaika Arora news) ৷ চাওক ফটো-

চিটাৰা ডেস্ক, 14 ফেব্ৰুৱাৰী : প্ৰেমৰ দিনটোত ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে প্ৰেমজনিত অসংখ্য পোষ্ট ৷ সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি তাৰকাসকলেও নিজ নিজ প্ৰিয়জনৰ সৈতে সুন্দৰ সুন্দৰ ফটোৰে ভৰাই পেলাইছে ছ’চিয়েল মিডিয়া ৷ বলীউডৰ জনপ্ৰিয় দম্পতী সমূহে আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক বিশেষ দিনটোত ট্ৰিট দিছে ৷ অনুৰাগীসকল মতলীয়া হৈ পৰিছে নিজৰ প্ৰিয় তাৰকাসকলৰ আগতে নেদেখা ফটো দেখি ৷

বলীউডৰ অন্যতম চৰ্চিত প্ৰেমিকযুগল অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰা তেওঁলোকৰ মাজত থকা বয়সৰ ব্যৱধানৰ বাবে প্ৰায়ে চৰ্চাত থাকে ৷ বহুতে বয়সৰ ব্যৱধানৰ বাবে ট্ৰ’ল কৰে যদিও তেওঁলোকৰ অনুৰাগীৰ সংখ্যাও বহুত ৷ ঋণাত্মক কথাৰ পৰা আঁতৰি থাকি দুয়ো মাথো জীৱনত সুখেৰে আগবাঢ়ি গৈছে ৷ তেওঁলোকৰ কথা-বতৰা, খোজ-কাটল, ছ’চিয়েল মিডিয়া পোষ্টলৈ চালে সহজেই ধৰিব পাৰি যে বয়সৰ কথাই কেতিয়াও তেওঁলোকক আমনি কৰা নাই ৷

Valentine Day
মালাইকা আৰোৰা

অৰ্জুন কাপুৰৰ ইনষ্টাগ্ৰাম পোষ্ট

বিশেষ দিনটোত অৰ্জুনে নিজৰ ইনষ্টাগ্ৰামত মালাইকাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে আৰু কেপছনত দিয়ে এটা হাৰ্ট ইম’জী (Arjun Kapoor instagram) ৷ ভেলেণ্টাইন ডে’ত অভিনেতাজনে প্ৰেমিকা মালাইকাক আকৰ্ষণীয় ৰূপত যাঁচিছে শুভেচ্ছা ৷ এই ভেলেণ্টাইনৰ পোষ্টটোত অৰ্জুন-মালাইকাক এক স্মৰণীয় তথা ৰোমান্টিক মুহূৰ্তত দেখা গৈছে ৷ ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে শুভেচ্ছাবাণীৰে উপচি পৰে অৰ্জুনৰ ইনষ্টাগ্ৰাম ৷ বলীউড তাৰকাসকলেও মন্তব্য কৰিছে ফটোখনত ৷

Valentine Day
অৰ্জুন-মালাইকা

অৰ্জুনৰ পোষ্টটোৰ প্ৰতি মালাইকাৰ প্ৰতিক্ৰিয়া

ভেলেণ্টাইন ডে’ত অৰ্জুন কাপুৰৰ এই মৰমলগা পোষ্টটো ছ’চিয়েল মিডিয়াৰ শিৰোনাম হৈ পৰিছে । অৰ্জুন-মালাইকাই সময় সুবিধা পালেই নিজৰ প্ৰেম মুকলিকৈ প্ৰকাশ কৰে ৷ অনুৰাগী আৰু বলীউড তাৰকাসকলৰ লগতে অৰ্জুন কাপুৰৰ এই প্ৰেমেৰে ভৰা এই পোষ্টটোত মালাইকাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মলাইকাই এই পোষ্টটোত দুটাকৈ ৰঙা হৃদয়ৰ ইম’জী শ্বেয়াৰ কৰিছে ।

Valentine Day
মালাইকাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী

আনহাতে, মালাইকাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে কেইবাখনো ফটো ( Malaika Arora instagram) ৷ মালাইকাই ব্ৰেকফাষ্ট আৰু কেকৰ ছবিত মাই ভেলেণ্টাইন লিখি প্ৰেমিক অৰ্জুন কাপুৰলৈ বাট চাই থকাৰ কথা ইনষ্টা ষ্ট’ৰীৰ জৰিয়তে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Valentines Day 2023: প্ৰেমৰ বিশেষ দিনটোত জানো আহক কেইটামান প্ৰেৰণাদায়ক প্ৰেম কাহিনীৰ বিষয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.