Aamir Khan birthday: আজি মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানৰ জন্মদিন
Published: Mar 14, 2023, 12:24 PM


Aamir Khan birthday: আজি মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানৰ জন্মদিন
Published: Mar 14, 2023, 12:24 PM
আজি আমিৰ খানৰ জন্মদিন (Aamir Khan birthday) ৷ আপুনি জানেনে শ্ৰীদেৱীৰ বিপৰীতে একেখন ছবিত অভিনয় কৰিবলৈ নাকচ কৰিছিল আমিৰ খানে ৷ কিন্তু কিয় ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷
চিটাৰা ডেস্ক, 14 মাৰ্চ: বলীউডৰ ছুপাৰষ্টাৰ তথা মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানৰ আজি জন্মদিন (Aamir Khan birthday) ৷ ৩০ বছৰতকৈও অধিক সময়ৰ কেৰিয়াৰৰ জৰিয়তে আমিৰ খানে ভাৰতীয় ছবি জগতত অন্যতম উল্লেখযোগ্য অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে ।
৯ টা ফিল্মফেয়াৰ বঁটা, চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা এএচিটিএ বঁটাকে ধৰি অসংখ্য বঁটা লাভ কৰিছে । ২০০৩ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু ২০১০ চনত পদ্মভূষণ উপাধিৰে সন্মানিত কৰিছিল অভিনেতাগৰাকীক ৷ ২০১৭ চনত চীন চৰকাৰৰ পৰা সন্মানীয় উপাধি লাভ কৰে (Aamir Khan) ।
আমিৰ খানে প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত শিশু অভিনেতা হিচাপে ককা নাছিৰ হুছেইনৰ ছবি য়াদৌ কি বাৰাত (১৯৭৩) ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল ছবি জগতত ৷ ইয়াৰ পিচত কায়ামত ছে কায়ামত টক (১৯৮৮) ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ পূৰ্ণকালীন অভিনয় জীৱন আৰম্ভ কৰে ।
ৰাখ (১৯৮৯) ছবিত তেওঁৰ অভিনয়ে বিশেষ উল্লেখ শাখাত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৯০ চনত দিল (১৯৯০), ৰাজা হিন্দুস্তানী (১৯৯৬) আদি কেইবাখনো ব্যৱসায়িকভাৱে সফল ছবিত অভিনয় কৰি নিজকে আগশাৰীৰ অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰে অভিনেতাগৰাকীয়ে ।
মিষ্টাৰ পাৰ্ফেকচনিষ্টে শ্ৰীদেৱীৰ সৈতে ছবিত অভিনয় কৰিবলৈ নাকচ কৰিছিল
ভাৰতীয় ছবি জগতৰ মোহময়ী অভিনেত্ৰী তথা প্ৰয়াত আইকনিক ছুপাৰষ্টাৰ হৈছে শ্ৰীদেৱী । পাঁচ দশকজোৰা অভিনয়কালত দৰ্শক তথা অনুৰাগীৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷ অমিতাভ বচ্চন, জীতেন্দ্ৰ, ধৰ্মেন্দ্ৰ আদিৰ দৰে ছুপাৰষ্টাৰৰ আধিপত্য থকা বলিউডত তেতিয়াই তেখেতে নিজৰ মন্ত্ৰমুগ্ধ অভিনয়ৰে চলচ্চিত্ৰ জগতখনক যেন এক প্ৰকাৰে বশ কৰি পেলাইছিল ।
অৱশ্যে আমিৰ খানে শ্ৰীদেৱীৰ সৈতে এখন ছবিত অভিনয় কৰিবলৈ নাকচ কৰিছিল (Mr Perfectionist once refused a film opposite Sridevi) ৷ কিন্তু কি কাৰণত অভিনেত্ৰীগৰাকীৰ সৈতে কাম কৰিবলৈ অস্বীকাৰ কৰিছিল আমিৰ খানে ? ছুপাৰ সফল প্ৰথম ছবি ‘কায়ামত ছে কায়ামত তক’ৰ পিচত নিশাটোৰ ভিতৰতে চেনচেচন হৈ পৰিছিল আমিৰ খান । গতিকে অভিনেতাগৰাকীৰ জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰি ছবি নিৰ্মাতাসকলে আমিৰ খানক সেই সময়ৰ অন্যতম নায়িকা শ্ৰীদেৱীৰ বিপৰীতে অভিনয় কৰিবলৈ কোৱা হৈছিল । আমিৰ খানে আৰু শ্ৰীদেৱী একেলগে ফটোশ্বুটো কৰিছিল ।
খবৰ অনুসৰি অভিনেতাগৰাকীয়ে অনুভৱ কৰিছিল যে শ্ৰীদেৱীৰ সৈতে তেওঁৰ যুটি দৰ্শকে মানি ল’ব নোৱাৰিব ৷ কাৰণ অভিনেতাগৰাকীয়ে বিবেচনা কৰিছিল যে শ্ৰীদেৱীক তেওঁৰ তুলনাত ডাঙৰ যেন লাগে আৰু তেতিয়া অভিনেতাগৰাকীয়ে কলেজীয়া ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল।
লগতে পঢ়ক: Remembering Sridevi: শ্ৰীদেৱীৰ মৃত্যুবাৰ্ষিকীত জানো আহক তেখেতৰ বিষয়ে কেইটামান নজনা কথা . . .
