68th national film awards 2022, কোনে কোনে লাভ কৰি 68 সংখ্যক ৰাষ্ট্ৰীয় বঁটা

author img

By

Published : Sep 30, 2022, 4:00 PM IST

national film

68 National Awards: 68 সংখ্যক ৰাষ্ট্ৰীয় বঁটা 2020 আজি অনুষ্ঠিত হ'ব । প্ৰবীণ অভিনেত্ৰী আশা পাৰেখে দাদাচাহেব ফাল্কে বঁটা লাভ কৰাৰ লগতে অজয় দেৱগণে লাভ কৰিব ৰাষ্ট্ৰীয় বঁটা । ক’ৰণা কালত লকডাউনৰ বাবে স্থগিত ৰখা হৈছিল এই অনুষ্ঠান ।

চিটাৰা ডেস্ক, 30 ছেপ্টেম্বৰ : 30 ছেপ্টেম্বৰত 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব । চিনেমাৰ সৈতে জড়িত বহু চেলেব্ৰিটীক বিভিন্ন শাখাত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হ’ব । দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে শিল্পীসকলক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2020 ৰে সন্মানিত কৰিব । চলিত বৰ্ষৰ জুলাই মাহত ঘোষণা কৰা হৈছিল 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । বলীউডৰ অভিনেতা অজয় ​​দেৱগণ আৰু দক্ষিণৰ অভিনেতা সূৰ্যা যৌথভাৱে নিৰ্বাচিত হৈছিল শ্ৰেষ্ঠ অভিনেতা বঁটাৰ বাবে । সমান্তৰালকৈ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক আজি দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব ।

ক’ৰণা মহামাৰীৰ বাবে স্থগিত ৰখা হৈছিল এই অনুষ্ঠান

দক্ষিণ অভিনেতা সূৰ্যাই ছবি ‘সূৰাৰাই পত্ৰু’ আৰু অজয়ে ছবি ‘তানহাজী : দ্য আনচাং ৱাৰিয়াৰ’ৰ বাবে যৌথভাৱে লাভ কৰিব শ্ৰেষ্ঠ অভিনেতাৰ বঁটা । বিয়লি 4 বজাৰ পৰা 5 বজাৰ ভিতৰত আৰম্ভ হ’ব এই অনুষ্ঠান । এই বঁটাসমূহৰ বাবে বিজয়ীসকলৰ নাম বিশেষ জুৰীয়ে নিৰ্বাচন কৰিছে । ক’ৰণা কালত লকডাউনৰ বাবে স্থগিত ৰখা হৈছিল এই অনুষ্ঠান ।

কোনে কোনে লাভ কৰিব 68 সংখ্যক ৰাষ্ট্ৰীয় বঁটা ?

1. শ্ৰেষ্ঠ অভিনেতা - অজয় দেৱগণ আৰু দক্ষিণৰ অভিনেতা সুৰ্যা

2. শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ - তুলসীদাস জুনিয়ৰ

3. শ্ৰেষ্ঠ অভিনেত্ৰী - অপৰ্ণা বালামুৰালি (সূৰাৰাই পত্ৰুৰ বাবে)

4. শ্ৰেষ্ঠ সহযোগী অভিনেতা - বিজু মেনন (এ কে অয়াপ্পানাম কোশিয়ুমৰ বাবে)

5. শ্ৰেষ্ঠ পৰিচালক - মালায়ালম পৰিচালক সচিদানন্দন কেআৰ (অয়াপ্পানাম কোশিয়ুম)

6. শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী – লক্ষ্মী প্ৰিয়া চন্দ্ৰমৌলী (Shivaranjiniyam Inum Sila Pengalum চলচ্চিত্ৰৰ বাবে)

7. স্পেচিয়েল মেনছন জুৰী বঁটা - শিশু শিল্পী বৰুণ বুদ্ধদেৱ

8. সৰ্বাধিক চলচ্চিত্ৰ অনুকূল ৰাজ্য - মধ্যপ্ৰদেশ

9. বিশেষ উল্লেখ ৰাজ্য - উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ

10. বেষ্ট ৰাইটিং অন চিনেমা এৱাৰ্ড - The Longest Kiss

11. শ্ৰেষ্ঠ ফিচাৰ ফিল্ম - সূৰাৰাই পত্ৰু

12. শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ- তানহাজী : দ্য আনচাং ৱাৰিয়াৰ

13. শ্রেষ্ঠ প্লেবেক গায়ক মহিলা - Nanchamma (Ayyappanam Koshiyum)

14. শ্ৰেষ্ঠ প্লেবেক গায়ক পুৰুষ - ৰাহুল দেশপাণ্ডে (মাৰাঠী ছবি I AM Vasantrao ৰ বাবে)

15. শ্ৰেষ্ঠ গীত - মনোজ মুন্তাশিৰ (সাইনাৰ বাবে)

16. আশা পাৰেখ - দাদাচাহেব ফাল্কে বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.