ভাৰতৰ 75 তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ ল’ব আমেৰিকাৰ গায়িকা মেৰী মিলবেনে

author img

By

Published : Aug 6, 2022, 8:46 PM IST

Updated : Aug 6, 2022, 9:06 PM IST

U.S. singer Mary Millben to attend Independence Day celebrations in India

আফ্ৰিকান-আমেৰিকান গায়িকা মেৰী মিলবেনে 2020 চনত ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি ভাৰতত চৰ্চালৈ আহিছিল(African American singer Mary Milben) । তাৰ পিছত একে বৰ্ষতে তেওঁ দেৱালীত 'ওম জয় জগদীশ হৰে' গীতটো পৰিবেশন কৰিছিল । ইয়াৰ পাছতেই শেহতীয়াকৈ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদে মেৰী মিলবেনক ভাৰতৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায় ৷

চিটাৰা ডেস্ক, 6 আগষ্ট: "ওম জয় জগদীশ হ’ৰে" আৰু "জন গন মন"ক এক নতুন শৈলীত উপস্থাপন কৰি দৰ্শকৰ বিপুল সমাদল লাভ কৰা আফ্ৰিকান-আমেৰিকান গায়িকা মেৰী মিলবেনে ভাৰতৰ 75 তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ ল'ব(Mary Millben to attend Independence Day celebrations) ৷ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ (আইচিচিআৰ) আমন্ত্ৰণত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ ল’বলৈ দিল্লীলৈ আহিব আমেৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী ৷

ভাৰতলৈ অহাৰ আগতে মিলবেনে এক বিবৃতি জাৰি কৰি কয় যে, "1959 চনত ভাৰত ভ্ৰমণ কৰা ড৹ মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ পদাংক অনুসৰণ কৰি ভাৰতৰ 75 সংখ্যক স্বাধীনতা দিৱস উদযাপনত সাংস্কৃতিক ৰাষ্ট্ৰদূত হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাই মই অত্যন্ত গৌৰৱান্বিত ।"

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদে আমন্ত্ৰণ জনোৱা মিলবেন হৈছে প্ৰথম আমেৰিকান শিল্পী(American singer Mary Millben ) । তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰা আনুষ্ঠানিক অতিথি হ'ব । তেওঁ এই সমৃদ্ধ মাতৃভূমিৰ অভিজ্ঞতা লাভ কৰিবলৈ পাই তথা ভাৰত আৰু সমগ্ৰ বিশ্বৰ ভাৰতীয় সম্প্ৰদায়ৰ সৈতে ভাৰতৰ স্বাধীনতাৰ দিৱস উদযাপন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক মিত্ৰতা অধিক শক্তিশালী কৰিবলৈ সুযোগ পাই আনন্দিত হোৱাৰ কথা উল্লেখ কৰে ।

তেওঁ লগতে কয় যে, "মই মোৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত, মোৰ হৃদস্পন্দনে ড৹ মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ কথাবোৰ পুনৰাবৃত্তি কৰি আছে যে, আন দেশলৈ মই পৰ্যটক হিচাপে যাব পাৰোঁ, কিন্তু ভাৰতত মই তীৰ্থযাত্ৰী হিচাপে আহো । মিলবেনে তেওঁৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ উপৰিও লক্ষ্ণৌ ভ্ৰমণ কৰাৰ কথা জানিব পৰা হৈছে ।

উল্লেখ্য যে, আফ্ৰিকান-আমেৰিকান গায়িকা মেৰী মিলবেনে 2020 চনত ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি ভাৰতত চৰ্চালৈ আহিছিল । তাৰ পিছত একে বৰ্ষতে তেওঁ দেৱালীত 'ওম জয় জগদীশ হৰে' গীতটো পৰিবেশন কৰিছিল । বিগত বৰ্ষৰ এপ্ৰিলত, তেওঁ অফিচিয়েল টুইটাৰ হেণ্ডেলত ৰাষ্ট্ৰপতি জ’ বিডেনক ভাৰতক সহায় বাবে আহ্বান জনাইছিল । তেওঁ কৈছিল যে, ৰাষ্ট্ৰপতিয়ে আগবাঢ়ি আহি মানৱীয় দুৰ্যোগৰ সন্মুখীন হোৱা ভাৰতক সহায় কৰিব লাগে ।

লগতে পঢ়ক : Esha Gupta video: চকুৰ টোপনি নাইকিয়া হৈ যাব আপোনাৰ ঈশা গুপ্তাৰ শেহতীয়া ভিডিঅ’ দেখি!

Last Updated :Aug 6, 2022, 9:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.