গুপ্তধনৰ সন্ধান : কি হ’ল Hollywood মাৰ্কা সন্ধানকাৰীৰ বিলৈ

author img

By

Published : Nov 15, 2021, 9:35 PM IST

treasure-hunting-in-sivasgar

হলিউদ মাৰ্কা টেকনিকত গুপ্তধনৰ সন্ধান কৰিলে এটা গেঙে ৷ সফল হ’ল নে অভিযান ? জানো আহক ৷

শিৱসাগৰ, 15 নবেম্বৰ : আপুনি ৰহস্য উপন্যাসৰ অনুৰাগী নেকি ? প্ৰাচীন কোনো ৰজা-মহাৰাজাৰ সম্পত্তি উদ্ধাৰৰ পৰিকল্পনা কৰা উপন্যাসৰ কোনো চৰিত্ৰই আপোনাৰ কল্পনাৰ পৃথিৱীত ঘৰ সাজে নেকি ? অথবা কোনো ৰহস্যঘন ছবিত গুপ্তধনৰ প্ৰসংগ থাকিলে কোনোবাটো দৃশ্যত আপুনিও হয়তো শিহৰিত হৈ পৰে ৷ পিছে আজি আমি লৈ অহা এই বাতৰিত নাই কোনো কল্পনাৰ স্থান পিছে কাল্পনিক কোনো উপন্যাসৰ কাহিনীৰ সৈতে ইয়াৰ সামঞ্জস্যও নুই কৰিব নোৱাৰি ৷

গুপ্তধনৰ সন্ধান : কি হ’ল Hollywood মাৰ্কা সন্ধানকাৰীৰ বিলৈ

ঘটনাৰ কেন্দ্ৰবিন্দু এটা বিশেষ দল অথবা গেং ৷ এই গেংটোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে পুৰণি সম্পদৰ সন্ধান কৰা । সম্পূৰ্ণ হলিউদ মাৰ্কা টেকনিকত এই দলটোৱে মাটিৰ তলত থকা গুপ্ত ধনৰ সন্ধান চলায় ৷ শেহতীয়াকৈ শিৱসাগৰৰ বেতবাৰীত গুপ্ত ধনৰ সন্ধানত চলাইছিল দলটোৱে ৷ পিছে কথাতেই কয় নহয়, এশ গৰু মাৰিলে বাঘৰো মৰণ ৷

যথা সময়ত অৰ্থাৎ দেওবাৰে নিশা সোণ বিচাৰি অভিযান চলালে দলটোৱে ৷ অভিযানো অভিযান হাইটেক অভিযান ৷ মেটেল ডিটেক্টৰ লৈ দলটোৱে চলালে পোত যোৱা সোণ তথা আন সম্পদৰ সন্ধান ৷

পিছে এই কাৰু-কায়দা দেখি ঘটনা সন্দৰ্ভত সন্দেহৰ সৃষ্টি হ’ল গাঁওবাসীৰ মাজত ৷ সন্দেহ হোৱাত আৰক্ষীক এই সকলো খবৰ দিয়ে স্থানীয় লোক সকলে ৷ আৰক্ষীয়ে গুপ্ত ধনৰ সন্ধান কৰা তিনি লোকক আটক কৰাৰ লগতে তিনিখন দুচকীয়া বাহন জব্দ কৰে । এতিয়াও ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে অৱশ্যে বিশেষ তথ্য প্ৰদানৰ পৰা বিৰত আছে আৰক্ষী ।

লগতে পঢ়ক : চাহ শ্ৰমিকৰ ঘৰত নৈশযাপনেৰে দলক বচোৱাৰ চেষ্টা ভূপেন বৰাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.