ধনৰ বাবে কৃষ্ণ ভক্তক ঠগি বিপদত পৰিল কোন ?

author img

By

Published : Sep 25, 2021, 7:29 PM IST

fraud-arrested-after-he-tried-to-con-iskon-members

একাংশ কৃষ্ণ ভক্তক ৰেলৱেত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন প্ৰতাৰক ৷ জানো আহক কেনেদৰে প্ৰতাৰক জনে ঠগিলে ভক্ত সকলক ৷

ডিফু, ২৫ ছেপ্তেম্বৰ : ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত সকলৰ পৰা অসৎ উপায়েৰে ধন সংগ্ৰহ কৰিবলৈ তৎপৰ হৈ পৰিছে একাংশ প্ৰতাৰক ৷ যোৱা শুকুৰবাৰে ডিফু ৰংথিয়াংস্থিত ইস্কন মন্দিৰৰ একাংশ দৰিদ্ৰ ভক্তৰ পৰা চাকৰি দিয়াৰ প্ৰলোভন দি সংগ্ৰহ কৰা ধনৰ অভিযোগত এটা প্ৰতাৰক ৰঙা ঘৰৰ আলহী হোৱা ঘটনা পোহৰলৈ আহিছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, যোৱা ২২ ছেপ্তেম্বৰত ডিফু ৰংথিয়াংস্থিত ইস্ক'ন মন্দিৰত এজন অচিনাক্ত লোক হঠাৎ মন্দিৰটোত আভিৰ্ভাৱ হৈ মন্দিৰটোৰ প্ৰভু জিকেম টেৰাঙক কয় যে তেওঁ প্ৰকাশ দাস আৰু ৰেলৱে ডিপাৰ্টমেণ্টৰ ভিজিলেন্সৰ এগৰাকী উচ্চ পদস্থ বিষয়া আৰু ইস্ক'নৰ আজীৱন সদস্য ৷ সেয়ে ইস্ক'নৰ দুখীয়া দৰিদ্ৰ সদস্য সকলক ST কোটাত ৰেলৱে’ৰ চাকৰিৰ ব্যৱস্থা কৰি দিয়াৰ সুবিধা তেওঁৰ হাতত আছে ৷

ধনৰ বাবে কৃষ্ণ ভক্তক ঠগি বিপদত পৰিল কোন ?

প্ৰতিটো ইস্ক'ন মন্দিৰৰ পৰা ৫ জনকৈ সদস্যক তেনে চাকৰি দিয়া হ’ব আৰু চাকৰি পঞ্জীয়নৰ বাবে প্ৰতিজনে তিনি হাজাৰ টকাকৈ পাঁছ জনৰ পৰা মুঠ ১৫ হাজাৰ টকা সংগ্ৰহ কৰিবলৈ কয় লোকজনে ৷ সেই মতে জিকেম টেৰাঙে ইস্কন মন্দিৰৰ ৫ জন সদস্যক এই কথা অৱগত কৰে ৷ ইয়াৰ পিছত ৫ সদস্যই মুঠ ১৫ হাজাৰ টকা লোকজনক আদায় দিয়ে ৷

পিছে টকা হাতত পৰাৰ লগে লগেই লোকজন অন্তৰ্ধান হৈ পৰে ৷ ইস্কনৰ সদস্য সকলে প্ৰতাৰকজনক বিচাৰি ৰেল ষ্টেচনত খবৰ কৰিও লোকজনৰ কোনো সম্ভেদ নাপালে ৷ অৱশ্যে, পিছত লোকজনক ডিফু নগৰত ঘুৰি থকা দেখা পাই কালি হৰিলালবস্তি ভিডিপিৰ হতুৱাই লোকজনক কৰায়ত্ব কৰি ডিফু থানাত চমজাই দিয়া হয় ৷

এই সন্দৰ্ভত ইস্কন মন্দিৰৰ জিকেম টেৰাঙৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৯/৪০৬/৪২০ ধাৰাত ডিফু থানাত ২৭৮/২০৭১ নম্বৰত এক গোচৰ ৰুজু কৰি লোক জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ সোধ পোছৰ অন্তত লোকজন কামৰূপ (মেট্ৰ')ৰ মালিগাঁও স্থিত পাণ্ডু চাৰি নং ফেৰীঘাটৰ সুবোধ সেনৰ পুত্ৰ পাৰ্থ সেন বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কিদৰে প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী কৰা হয় অসমীয়া কিশোৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.