ভূমি বিবাদক কেন্দ্ৰ কৰি হাইলাকান্দিত সংঘাট: মৃত্যু এজনৰ

author img

By

Published : Apr 7, 2021, 11:00 PM IST

fight-regarding-land

বুধবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাটৰ ফলত এজন লোকৰ মৃত্যু হৈছে । ভূমিক কেন্দ্ৰ কৰিয়েই সংঘাট সৃষ্টি হৈছিল দুটা ফৈদৰ মাজত । এই সংঘাটত নিহত হয় জামাল উদ্দিন মজুমদাৰ নামৰ এগৰাকী ব্যক্তি ৷ ন্যায়ালয়ত গোচৰ চলি থক‍া অবস্থাত এটা পক্ষই পথটো দখল কৰিবলৈ চেষ্টা চলোৱাৰ ফলত কাজিয়াৰ সুত্ৰপাত হয়।

কাছাৰ, 7 এপ্ৰিল: ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাটৰ ফলত হাইলাকান্দিত মৃত্যু হৈছে এজন লোকৰ । ভূমিক কেন্দ্ৰ কৰিয়েই সংঘাট সৃষ্টি হৈছিল দুটা ফৈদৰ মাজত । এই সংঘাটত নিহত হয় জামাল উদ্দিন মজুমদাৰ নামৰ এগৰাকী ব্যক্তি । গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে আন দুজন ব্যক্তি । জিলাখনৰ মাটিজুৰি এলেকাৰ বড়-হাইলাকান্দি গাওঁত সংঘটিত হৈছে এই ঘটনা । ঘটনা অনুসৰি দীৰ্ঘ দিনৰ পৰা গাওঁখনৰ দুটা পৰিয়ালৰ মাজত এটা পথক কেন্দ্ৰ কৰি চলি আছিল বিবাদ । বিবাদৰ মিমাংসাৰ বাবে ন্যায়ালয়ৰও দ্বাৰস্থ হৈছিল । কিন্তু ন্যায়ালয়ত গোচৰ চলি থক‍া অবস্থাত এটা পক্ষই পথটো দখল কৰিবলৈ চেষ্টা চলোৱাৰ ফলত কাজিয়াৰ সুত্ৰপাত হয় । জামাল উদ্দিন মজুমদাৰে প্ৰতিবেশী ছেলিম উদ্দিন, ফৰিজ উদ্দিন আৰু সোনাৰ উদ্দিন'ক বাধা প্ৰদান কৰোতে তেওঁ লোকে জামালুদ্দিন ৰ ওপৰত লাঠিৰে আক্ৰমন চলায় বুলি জনাইছে প্ৰত্যক্ষ দৰ্শীয়ে । পিছত পৰিয়ালৰ লোকে জ‍ামাল উদ্দিনক হাইলাকান্দি এচ কে ৰায় অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসালয়ত মৃত্যুক সাবটি লয় তেওঁ । এই ঘটনাত কুতুব উদ্দিন মজুমদাৰ আৰু বিলাল উদ্দিন মজুমদাৰ নামৰ আন দুই ব্যক্তিও গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হৈছে । তেওঁলোক বৰ্তমানে হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালত চিকিৎসাধীন হৈ আছে ।

ঘটনাৰ পিছত প্ৰতিবেশী ছেলিম উদ্দিন মজুমদাৰ, ফৰিজ উদ্দিন মজুমদাৰ, সোনাৰ উদ্দিন মজুমদাৰ আৰু নুৰ উদ্দিন মজুমদাৰক অভিযুক্ত কৰি বন্দুকমাৰা আৰক্ষী চকীত এটা গোচৰ ৰজু কৰিছে জামাল উদ্দিনৰ পৰিয়ালৰ লোকে । বৰ্তমানে হাইলাক‌ান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু সদৰ থানাৰ ওছি প্ৰণব ডেকা বিশাল আৰক্ষী বাহিনী সহ ঘটনাস্থলীত উপস্থিত হৈছে । কিন্তু এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিব পৰা নাই এজনো অভিযুক্তক । ঘটনাক কেন্দ্ৰ কৰি এতিয়াও উত্তেজনা বিৰাজ কৰি আছে সমগ্ৰ মাটিজুৰি এলেকাত।

লগতে পঢ়ক : মাস্ক সদৃশ মানৱ শৃংখলেৰে অভিলেখ কুম্ভ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.