ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Sep 10, 2022, 12:28 PM IST

Two drugs supplier arrested at Digboi

ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে প্ৰায় 39.87 গ্ৰাম ড্ৰাগছ জব্দ কৰে(Digboi police arrested drug peddlers) ।

তিনিচুকীয়া, 10 ছেপ্টেম্বৰ : ডিগবৈ আৰক্ষীয়ে শুকুৰবাৰে নিশা বুজন পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰে(Drug Peddler arrested at Digboi) ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে হাউছিং বালিজানৰ ৰিংকু দাস আৰু ডিগবৈ ৰাইডাঙৰ বিকাশ বৰুৱা বুলি জানিব পৰা গৈছে । ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে প্ৰায় ৩৯.৭৮ গ্ৰাম ড্ৰাগছসহ দুটা মোবাইল ফোন, দুটা লাইটাৰ আৰু তিনিটা প্লাষ্টিকৰ টেমা জব্দ কৰিবলৈ সক্ষম হয় ।

ডিগবৈত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

ডিগবৈ আৰক্ষীয়ে ডিগবৈ পাটকাই ৰিৰ্জটৰ কাষৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী দুটাক আটক কৰে । যুৱকদ্বয়ে ডুমডুমাৰ বাবলু কৰ্মকাৰ নামৰ ব্যক্তিজনৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰি আনিছিল ৷ আৰক্ষীয়ে এই সন্দৰ্ভত লাভ কৰা এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । সম্প্ৰতি উক্ত ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম অৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ তিনিচুকীয়া জিলাতো অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান ।

লগতে পঢ়ক: ধন আত্মসাৎ কৰি আটক হ’ল গাঁওৰক্ষী বাহিনীৰ সম্পাদকসহ তিনিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.