এজন প্ৰাক্তন আলফা নেতাৰ প্ৰায় দুই দশকযোৰা সংগ্ৰামৰ কাহিনী

author img

By

Published : Sep 3, 2021, 4:43 PM IST

special interview with former ulfa sonit chetia

এজন প্ৰাক্তন আলফা নেতাৰ প্ৰায় দুই দশকযোৰা সংগ্ৰামৰ কাহিনী । বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সংগ্ৰামৰ যাত্ৰা অতিবাহিত কৰিছিল ৷ এতিয়া আলফাৰ প্ৰতি কেনে মনোভাৱ তেওঁৰ ? সকলো বিৱৰি ক’লে ইটিভি ভাৰতৰ কেমেৰাৰ আগত...

তিনিচুকীয়া, 3 ছেপ্টেম্বৰ : আজিৰে পৰা প্ৰায় চাৰিটা দশকৰ পূৰ্বে স্বাধীন অসমৰ সপোন দেখি ভৰ যৌৱন ত্যাগ কৰি একাংশ যুৱকে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ জন্ম দিছিল । পৰৱৰ্তী সময়ত এই সশস্ত্ৰ সংগ্ৰামত অসমৰ ইমূৰৰ পৰা সিমূৰৰলৈ বহু তেজাল যুৱক-যুৱতীয়ে স্বাধীন অসম গঢ়িবলৈ আলফাত যোগদান কৰিছিল ।

উল্লেখযোগ্য যে, আলফাক মষিমূৰ কৰিবলৈ ভাৰত চৰকাৰে অসমৰ ওপৰত জাপি দিছিল সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA ৷ সামৰিক শাসন জাপি দি অসমৰ চুকে-কোণে সামৰিক অভিযান চলাই বহু তেজাল যুৱকক হত্যা, পংগু কৰাৰ লগতে বহু নিৰীহ যুৱক-যুৱতীক আলফা দমনৰ নামত বহু অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছিল ।

এজন প্ৰাক্তন আলফা নেতাৰ প্ৰায় দুই দশকযোৰা সংগ্ৰামৰ কাহিনী

পৰৱৰ্তী সময়ত বহু যুৱক-যুৱতীক মূল সুঁতিলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল । অপাৰেশ্যন অল ক্লীয়াৰ, অপাৰেশ্যন ৰাইনো আৰু অপাৰেশ্যন বজৰঙে বাৰুকৈয়ে থান-বান কৰিছিল আলফাক ৷ এই সকলৰ মাজৰে এজন ব্যক্তি যিজনে প্ৰায় দুটা দশকতকৈ অধিক কাল ভূটান আৰু ম্যানমাৰৰ গভীৰ অৰণ্যৰ মাজত থাকি পুনৰ মূলসুঁতিলৈ ঘূৰি আহিল । তেওঁৰ নাম হৈছে শোণিত চুতীয়া ওৰফে তৰংগ অসম ।

উল্লেখযোগ্য যে, তেওঁ ভূটানত ২০০৩ চনৰ অপাৰেশ্যন অল ক্লীয়াৰত ভাৰতীয় সেনাবাহিনীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় তৰংগ অসম । প্ৰায় দুটা বছৰ কাৰাবাস খটাৰ পাছত মুকলি আকাশৰ তললৈ আহি সামাজিকভাৱে বিবাহ পাশত আৱদ্ধ হয় আৰু ইয়াৰ পিছত পুনৰ ২০১৪ চনত ডেৰ বছৰীয়া পুত্ৰ সন্তান আৰু পত্নীক লগত লৈ গভীৰ অৰণ্যলৈ ঢাপলি মেলে । কিন্তু প্ৰায় ৬ বছৰ কাল আলফা শিবিৰত থাকি ২০২১ ৰ মে' মাহত পুনৰ মূল সুঁতিলৈ ঘূৰি আহে ।

বৰ্তমান কেনেদৰে জীৱন অতিবাহিত কৰিছে এইগৰাকী আলফা সদস্যই ? যুৱ প্ৰজন্মৰ প্ৰতি কি আহ্বান তেওঁৰ সকলো সামৰি চাওক তেওঁৰ সৈতে এক বিশেষ সাক্ষাৎাৰ ৷

লগতে পঢ়ক : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামাকৰণৰ নতুন সিদ্ধান্তক আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.