গহপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে

author img

By

Published : Sep 10, 2022, 7:45 AM IST

One death in road accident at Gohpur

নিহত যুৱকজনৰ ঘৰ গহপুৰ বৰিগাঁৱত ৷ AS01 BC 8323 নম্বৰৰ তীব্ৰবেগী এখন মালবাহী ট্ৰাকক অভাৰটেক কৰিব বিচাৰিছিল বাইক আৰোহী যুৱকজনে ৷ অভাৰটেক কৰিয়েই ট্ৰাকখনৰ সন্মুখত পৰি যায় যুৱকজন ।

বিশ্বনাথ, ৯ ছেপ্টেম্বৰ: গহপুৰৰ গোপালপুৰ অঞ্চলত শুক্ৰবাৰে সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই এজন যুৱকে (Road accident in Gohpur) ৷ এখন ট্ৰাক আৰু বাইকৰ মাজত হোৱা এই দুৰ্ঘটনাটোত নিহত যুৱকজন মৃদুপৱন বৰা( ১৯) বুলি জানিব পৰা গৈছে ৷

One death in road accident at Gohpur
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন

যুৱকজনৰ ঘৰ গহপুৰ বৰিগাঁৱত ৷ AS01 BC 8323 নম্বৰৰ তীব্ৰবেগী এখন মালবাহী ট্ৰাকক অভাৰটেক কৰিব বিচাৰিছিল বাইক আৰোহী যুৱকজনে ৷ অভাৰটেক কৰিয়েই ট্ৰাকখনৰ সন্মুখত পৰি যায় যুৱকজন ।

ইয়াৰ পিছতেই ট্ৰাকখনে প্ৰায় ১০০ মিটাৰ চোচৰাই নিয়ে বাইক (AS12 K 8045) আৰোহী মৃদুপৱন বৰাক । যাৰ ফলত মৃত্যু হয় যুৱকজনৰ ।
এই ঘটনাৰ পাছতেই গহপুৰ আৰক্ষী এটা দল উপস্থিত হৈ ট্ৰাকখন জব্দ কৰে ।

লগতে পঢ়ক: অৰুণাচলত বিক্ৰীৰ যো-জা চলাওতেই উদ্ধাৰ অসমৰ শিশুঃ দুই অপহৰণকাৰীকো আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.