অৰুণাচলত বিক্ৰীৰ যো-জা চলাওতেই উদ্ধাৰ অসমৰ শিশুঃ দুই অপহৰণকাৰীকো আটক

author img

By

Published : Sep 10, 2022, 7:12 AM IST

দুই অপহৰণকাৰী

ই-ৰিক্সাত ফুৰোৱাৰ চলেৰে আবু তাহেৰে শিশুটিক বিশ্বনাথ চাৰিআলি ৰেল ষ্টেচনলৈ লৈ যায় । তাৰ পৰা ৰেলত ফুৰোৱাৰ চলৰে শিশুটিক অৰুণাচল প্ৰদেশৰ নাহৰলগুণলৈ নিয়া হয় । ডেৰ লাখ টকাত শিশুটিক নাহৰলগুনত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল এই কুখ্যাত আবু তাহেৰে ।

বিশ্বনাথ,10 ছেপ্টেম্বৰ: বিশ্বনাথত যিকোনো মুহুৰ্ততে পণ্যৰ দৰে বিক্ৰি হ'ব পাৰে শিশু । বন কৰা কামত নিয়োজনৰ বাবে চুবুৰীয়া অৰুণাচল প্ৰদেশত হঠাৎ কদৰ বাঢ়িছে অসমৰ শিশু শ্ৰমিকৰ । শুকুৰবাৰেও প্ৰতিবেশী অৰুণাচল প্ৰদেশৰ নাহৰলগুণত (Naharlagun in Arunachal Pradesh) উদ্ধাৰ কৰা হৈছে বিশ্বনাথৰ এটি ৬ বছৰীয়া শিশু ।

বিশ্বনাথৰ ফলফলিৰ পৰা খেলি থকা অৱস্থাত শিশুটোক লৈ যোৱা হৈছিল অৰুণাচললৈ । বিশ্বনাথৰ কুমলীয়াৰ আবু তাহেৰে নামৰ শিশু বিক্ৰেতাজনৰ প্ৰৰোচনাতে এই কুকাৰ্য সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

দুই অপহৰণকাৰী
দুই অপহৰণকাৰী

প্ৰথমে শিশুটিক আইচক্ৰীম খুৱাবলৈ এখন দোকানলৈ নিয়ে । ইয়াৰ পিছতে ই-ৰিক্সাত ফুৰোৱাৰ চলেৰে আবু তাহেৰে শিশুটিক বিশ্বনাথ চাৰিআলি ৰেল ষ্টেচনলৈ লৈ যায় (Biswanath Chariali Railway Station) । তাৰ পৰা ৰেলত ফুৰোৱাৰ চলৰে শিশুটিক অৰুণাচল প্ৰদেশৰ নাহৰলগুণলৈ নিয়া হয় । ডেৰ লাখ টকাত শিশুটিক নাহৰলগুনত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল এই কুখ্যাত আবু তাহেৰে ।

আবু তাহেৰে ফাকি দি শিশুটিক বিক্ৰিৰ চেষ্টা চলোৱাত স্থানীয় লোকৰ সন্দেহ ওপজাত অৰুণাচল আৰক্ষীক অৱগত কৰে । ইতিমধ্যে এই সমগ্ৰ ঘটনা বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ (Biswanath Police Station) ভাৰপ্ৰাপ্ত বিষয়া চন্দন হাজোৱাৰীৰ দৃষ্টিগোচৰ হয় ।

আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত ততালিকে বিশ্বনাথ আৰক্ষীৰ এটা দলে নাহৰলগুণ আৰক্ষীৰ সহযোগত নাহৰলগুণৰ পৰা শিশুটোক উদ্ধাৰ কৰে । আবু তাহেৰৰ লগতে এই জঘন্য ঘটনাৰ লগত জড়িত বৰপুখুৰীৰ ললিত কেওট নামৰ আন এজন লোককো আৰক্ষীয়ে আটক কৰিছে । ধৃত দুয়োজনকে আৰক্ষীয়ে সোধাপোচা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: অৰুণাচল‌ৰ ইষ্ট চিয়াং জিলাৰ ৰুকচিনত আজিৰে আৰম্ভ চলুং উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.