আমগুৰিত বহু হাজাৰ চুলাইৰ পাছ নষ্ট

author img

By

Published : Sep 25, 2021, 12:21 PM IST

Sulai Destroy at amguri

আমগুৰিৰ আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান ৷ পথাৰ আৰু বাঁহনিৰ মাজত বহুকেইটা ড্ৰামত লুকুৱাই ৰখা হৈছিল হাজাৰ হাজাৰ লিটাৰ চুলাইৰ পাছ ৷ বিভাগে পাছসমূহ বিনষ্ট কৰিবলৈ সক্ষম হয় ৷

আমগুৰি, 25 ছেপ্টেম্বৰ : অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আমগুৰিৰ আবকাৰী বিভাগে । শুকুৰবাৰে আবকাৰী বিভাগে বৰুৱাপুখুৰী কোঁৱৰ গাঁৱত অভিযান চলাই বহু হাজাৰ চুলাইৰ পাছ নষ্ট কৰিবলৈ সক্ষম হয় । পথাৰ আৰু বাঁহনিৰ মাজত বহুকেইটা ড্ৰামত লুকুৱাই ৰখা হৈছিল হাজাৰ হাজাৰ লিটাৰ চুলাইৰ পাছ ৷

Sulai Destroy at amguri
আমগুৰিত বহু হাজাৰ চুলাইৰ পাছ নষ্ট

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক চুলাই ভাটি ভাঙিবলৈ নিৰ্দেশ দিয়াৰ পাছৰে পৰা আমগুৰি আবকাৰী বিভাগে অব্যাহত ৰাখিছে চুলাই বিৰোধী অভিযান । আমগুৰি আবকাৰী বিভাগে অভিযান চলাই ১২০০ লিটাৰ চুলাইৰ পাছ নষ্ট কৰাৰ লগতে বহুকেইটা চুলাইৰ ভাটি ভাঙিবলৈ সক্ষম হয় ।

Sulai Destroy at amguri
আমগুৰিত বহু হাজাৰ চুলাইৰ পাছ নষ্ট

উল্লেখ্য যে, অধিকাংশ চুলাই ব্যৱসায়ীয়ে অস্বাস্থ্যকৰভাৱে বাঁহনিৰ তলত, চাহ বাগিচাৰ মাজত অতি মাৰাত্মকভাৱে সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলি প্ৰস্তুত কৰি আহিছে বৰবিহ সদৃশ চুলাই । শেহতীয়াকৈ চুলাই ঘাটিৰ পৰা মাৰাত্মক কৰ’ণা ভাইৰাছৰ অধিক সংক্ৰমণ হোৱা বুলি প্ৰতিবেদন পোৱাৰ পিছতে এইক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ লগতে আবকাৰী বিভাগে ।

Sulai Destroy at amguri
আমগুৰিত বহু হাজাৰ চুলাইৰ পাছ নষ্ট

লগতে পঢ়ক : নগাঁৱত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.