New Assamese film : নাজিৰাত অসমীয়া ছবি ‘তুলসী’ৰ শুভমুক্তি

author img

By

Published : Jul 3, 2022, 5:28 PM IST

New Assamese film

অসমীয়া ছবিয়ে আনিছে আন এক আশাৰ বতৰা ৷ লোকেল উৎপাত, দাদা তুমি দুষ্ট বৰৰ পাচত এইবাৰ নাজিৰা বোলছবি গৃহত শুভ মুক্তি লাভ কৰিছে নতুন অসমীয়া ছবি ‘তুলসী’য়ে (New Assamese Film Tulakhi) ৷

নাজিৰা, 3 জুলাই : অসমীয়া ছবি জগতৰ বাবে এক সুখবৰ ৷ লোকেল উৎপাত, দাদা তুমি দুষ্ট বৰৰ পাচত এইবাৰ ছবিগৃহলৈ আহিছে আন এক অসমীয়া ছবি ‘তুলসী’ (New Assamese Film Tulakhi) ৷ শনিবাৰে শিৱসাগৰ জিলাৰ নাজিৰা বোলছবি গৃহত ‘তুলসী’ নামৰ নতুন অসমীয়া কথাছবিখনে মুক্তি লাভ কৰে ৷

এন এইচ আলট্ৰা এন্টাটেইনমেন্টে প্ৰডাকচনো বেনাৰত নিৰ্মিত নতুন অসমীয়া কথাছবিখনে (New Assamese film) প্ৰথম দিনাই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ টীম তুলসীক কেন্দ্ৰ কৰি অনুৰাগীসকলৰ মাজতো ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হয় ৷ নাজিৰাৰ বোলছবি গৃহত মুক্তি লাভ কৰা ‘তুলসী’ কথাছবিখনৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে নাজিৰাৰ বিশিষ্ট সমাজকৰ্মী নৱশ্যাম মেছ, শিক্ষাবিদ ৰাজেন শৰ্মা আৰু শিক্ষয়িত্ৰী দিপালী ৰাজকুমাৰী ৷

নাজিৰাত শুভমুক্তি অসমীয়া ছবি তুলসী

যুৱ প্ৰজন্মৰ উদীয়মান পৰিচালক নুৰুল হকৰ পৰিচালনাৰে নিৰ্মিত কথাছবিখনত অভিনয় কৰিছে জয়ধ্বজ ৰাজকোঁৱৰৰ লগতে বহুকগৰাকী নৱাগত অভিনেতা-অভিনেত্ৰীয়ে ৷ একচন, মনোৰঞ্জন আৰু হাস্যৰসেৰে ভৰপূৰ ছবিখন উপভোগ কৰি দৰ্শকে ভাল পাব বুলি মন্তব্য কৰে ছবি পৰিচালকগৰাকীয়ে ৷

লগতে ছবিগৃহত গৈ অসমবাসীক তুলসী ছবিখন উপভোগ কৰিবলৈ অনুৰোধ জনাইছে টীম তুলসীৰ শিল্পী তথা কলা কুশলীসকলে ৷

লগতে পঢ়ক : শিমলুগুৰিত গঁড় চাবলৈ ৰাইজৰ হেতা ওপৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.