পৰম্পৰা ৰক্ষা কৰি শিৱসাগৰৰ দৌল্লা পৰিয়াললৈ দেৱী দ’লৰ পূজাৰ নৈবেদ্য

author img

By

Published : Oct 3, 2022, 10:09 PM IST

Maha Ashtami puja celebrated at Sivasagar

আজি মহাঅষ্টমী ৷ সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো পালন কৰা হৈছে অষ্টমী পূজা(Maha Ashtami puja celebrated at Sivasagar) । শিৱসাগৰৰ ঐতিহাসিক দেৱী দ’লতো পতা হৈছে মহাঅষ্টমীৰ পূজা। দেৱী দ’লৰ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি আজি দৌল কৰ্তৃপক্ষই দৌল্লা পৰিয়াললৈ পূজাৰ নৈবেদ্য, এটা জীৱন্ত ছাগলী প্ৰদান কৰাৰ লগতে বৰপাত্ৰগোহাঁই পৰিয়াললৈ পূজাৰ প্ৰসাদ অৰ্পণ কৰে ৷

শিৱসাগৰ, 3 নৱেম্বৰ: দেশৰ লগতে ৰাজ্যত দুৰ্গা পূজাৰ ব্যাপক উৎসাহ । ষষ্ঠীৰ দিনা দেৱীক স্থাপন কৰাকলৈ সোমবাৰে অষ্টমীৰ বৰ বলিৰ দিনা দেৱী ভক্তসকলৰ ভক্তি তুংগত উঠিছে (Maha Ashtami puja celebrated at Sivasagar) । সকলোৱে শাক্ত নিয়ম অনুসৰি দেৱীৰ চৰণত সেৱা লৈছে । মনত বাঞ্চা ৰখাসকলে আগবঢ়াইছে বলিৰ নৈবেদ্য । শিৱসাগৰ নগৰৰ আহোম দিনৰ প্ৰায় তিনিশ বছৰ পুৰণি দেৱী দ’লত আজি সম্পন্ন হৈছে বলি বিধান (Durga Puja in Devi Doul in Sivasagar) ।

শিৱসাগৰত ধৰ্মীয় বিশ্বাস ভক্তিৰ মাজত দেখা গৈছে এক বিৰল পৰম্পৰা । সম্প্ৰীতিৰ নিদৰ্শন । আজিৰ দিনটোত দেৱী দ'লৰ পূজাৰ এভাগ প্ৰদান কৰা হয় শিৱসাগৰ নগৰৰ মুছলিম দৌল্লা পৰিয়ালক (Assamese Muslim family of the Doullahs) । আহোম ৰাজত্ব কালত দ'ল স্থাপন কৰাৰ সময়ত দেৱী দ'লত পূজা অৰ্চনাৰ সময়ত ঢাক বজাবলৈ নিয়োগ কৰা হৈছিল দৌল্লা পৰিয়ালক । তেতিয়াৰ দিনত তেওঁলোকে দেৱী পূজাৰ অষ্টমীৰ দিনা বলিৰ এভাগ লাভ কৰিছিল ।

পৰম্পৰা ৰক্ষা কৰি দৌল্লা পৰিয়াললৈ পূজাৰ নৈবেদ্য

সময়ত দ'লত ঢাক বজোৱাৰ নিয়ম নোহোৱা হ'ল যদিও দেৱী পূজাৰ এভাগ দৌল্লা পৰিয়াললৈ প্ৰদান কৰাৰ পৰম্পৰা চলি থাকিল । এই পৰম্পৰা সমগ্ৰ ভাৰততে বিৰল । ধৰ্মীয় ভিন্নতাৰ মাজত মৰমৰ এনাজৰী(Hindu-Muslim unity) । দৌল্লা পৰিয়ালৰ লগতে পুৰণি নিয়ম অনুসৰি বৰপাত্ৰ গোঁহাই পৰিয়ালকো পূজাৰ ভাগ প্ৰদান কৰা হয় । আজি মহাঅষ্টমীৰ দিনা দেৱী দ'লত এক আনুষ্ঠানিক কাৰ্যসূচী ৰূপায়ণ কৰি দুয়োটা পৰিয়াললৈ দেৱী পূজাৰ শৰাই প্ৰদান কৰা হয় ।

লগতে পঢ়ক: তেজপুৰ ঐতিহাসিক ভৈৰবী মন্দিৰত অষ্টমীৰ পূজা পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.