শাসকীয় দলৰ বিধায়কৰ নেতৃত্বত শিৱসাগৰত চলে কয়লা চিণ্ডিকেট: লুৰীণজ্যোতি গগৈ

author img

By

Published : Sep 28, 2022, 8:16 PM IST

Assam Jatiya Parishad President Lurinjyoti Gogoi

শিৱসাগৰত চলা কয়লা চিণ্ডিকেটক লৈ সৰৱ লুৰিণজ্যোতি গগৈ(Coal syndicate in Assam) ৷ সোণাৰিৰ বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু বিহুবৰৰ বিজেপি নেতা সুৰেশ কোঁৱৰৰ নেতৃত্বত কয়লা চিণ্ডিকেট চলি থকাৰ অভিযোগ নেতাগৰাকীৰ ৷ বিৰোধী শিবিৰৰ বিধায়ক অখিল গগৈক শিৱসাগৰ জিলাৰ উন্নয়নৰ ক্ষেত্ৰত অধিক সক্ৰিয় হোৱাৰ আহ্বান লুৰীণৰ ।

শিৱসাগৰ, 28 ছেপ্টেম্বৰ: শিৱসাগৰ জিলাৰ উন্নয়নৰ পৰিৱৰ্তে সমষ্টিটোৰ শাসকীয় দলৰ বিধায়কে কয়লা চিণ্ডিকেটত জড়িত হৈ পৰাৰ গুৰুতৰ অভিযোগ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে(Assam Jatiya Parishad President Lurinjyoti Gogoi) ৷ অজাপৰ সভাপতিগৰাকীয়ে বুধবাৰে শিৱসাগৰ জিলাত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে ৷

তেওঁ সংবাদমেলত শিৱসাগৰ জিলাৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ বাবে অধিক সৱল আৰু সক্ৰিয় হোৱাৰ আহ্বান জনায় । লুৰীণজ্যোতি গগৈয়ে সংবাদমেলত শিৱসাগৰক লৈ বিজেপি দলৰ প্ৰতাৰণা দাঙি ধৰি বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

শিৱসাগৰক উন্নয়নৰ ক্ষেত্ৰত উপেক্ষিত কৰি ৰখা বুলি চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে লুৰীণজ্যোতি গগৈয়ে । তেওঁ চৰকাৰৰ পৃষ্ঠপোষকতাত বৰ্তমান শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভিন্ন প্ৰান্তত কয়লা চিণ্ডিকেট চলাই থকাৰো অভিযোগ উত্থাপন কৰে সংবাদমেলত (Coal syndicate in Sivasagar) ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সংবাদমেল

বিশেষকৈ শিৱসাগৰ জিলাৰ প্ৰধানকৈ বিহুবৰ, নিমনাগড়, ভজো আদিত সোণাৰিৰ বিজেপি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ (Sonari MLA Dharmeswar Konwar) আৰু বিহুবৰৰ বিজেপি নেতা সুৰেশ কোঁৱৰৰ নেতৃত্বত কয়লা চিণ্ডিকেট চলি থকাৰ অভিযোগ কৰে ৷ কয়লা চিণ্ডিকেটৰ প্ৰতিখন ট্ৰাকৰ পৰা সুৰেশ কোঁৱৰে 10 হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে । ইয়াৰে 3 হাজাৰ টকা থানালৈ আৰু এটা অংশ দিছপুৰলৈ যায় বুলি উল্লেখ কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷

তেওঁ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন, নলা নৰ্দমা উন্নয়ন, সমবায় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত, আজান পীৰ দৰগাহৰ উন্নয়ন তথা সংৰক্ষণত চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে । তেওঁ শিৱসাগৰ সমষ্টিৰ উন্নয়নত বিৰোধী শিবিৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক অধিক সক্ৰিয় ভূমিকা লোৱাৰ বাবে আহ্বান জনায় ।

ইপিনে অনাগত লোকসভা নিৰ্বাচনত বিৰোধী দলসমূহ বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে থিয় দিয়াৰো পোষকতা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : Assam CM reaction on PFI Ban: গৰুখুটি কাণ্ড আৰু কা আন্দোলনৰ আঁৰত আছিল পি এফ আই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.