এখন চহৰক লৈ দুই কিন্নৰৰ দলৰ মাজত প্ৰচণ্ড যুদ্ধ

author img

By

Published : Aug 31, 2021, 9:53 PM IST

two groups of kinnar in a war to have their own control over silchar

দুটাকৈ কিন্নৰৰ দলৰ মাজত অসমৰ এখন আগশাৰীৰ চহৰ দখল কৰিবলৈ এতিয়া সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিৱেশৰ ৷ ইয়াৰে এটা দলে দাবী কৰা মতে তেওঁলোক স্থানীয় তথা খিলঞ্জীয়া কিন্নৰ ইয়াৰ বিপৰীতে আনটো দলে বহিঃ ৰাজ্যৰ পৰা অসমলৈ আহি চহৰখন দখল কৰিবলৈ যত্ন কৰিছে ৷ সবিশেষ জানিবলৈ পঢ়ক আমাৰ বিশেষ প্ৰতিবেদন ৷

শিলচৰ, 31 আগষ্ট : একাংশ চুবুৰীয়া ৰাজ্যই আগ্ৰাসী চৰিত্ৰ অক্ষুন্ন ৰাখি অসমৰ সীমান্ত এলেকাৰ ভূমি বেদখল কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ দৰেই এক বিশেষ ঘটনাই এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে শিলচৰ চহৰত, একাংশ বহিৰাজ্যৰ কিন্নৰে সম্প্ৰতি চহৰখন দখল কৰিব লোৱাৰ অভিযোগ উত্থাপিত কৰি আৰক্ষীৰ কাষ চাপিছে অসমীয়া কিন্নৰ সকল ৷ শেহতীয়াকৈ, বহিঃ ৰাজ্যৰ পৰা প্ৰায় 70 জনীয়া কিন্নৰৰ এটা ডাঙৰ দলে শিলচৰ চহৰত প্ৰৱেশ কৰিছে ।

দুই কিন্নৰৰ দলৰ মাজত প্ৰচণ্ড যুদ্ধ : কাৰ দখললৈ যাব শিলচৰ ?

ইফালে, এই ঘটনাৰ খবৰ পাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিন্নৰ সকলৰ আন এটা বৃহৎ দল গৈ শিলচৰ চহৰত উপস্থিত হৈছে ৷ এই দুই দলৰ মাজত এতিয়া চহৰখন দখল কৰিবলৈ এক কথাত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বহিঃ ৰাজ্যৰ পৰা অহা কিন্নৰৰ দলটোৱে সোমবাৰে গাড়ী ৰিজাৰ্ভ কৰি শিলচৰ চহৰৰ বিভিন্ন স্থানত স্থানীয় কিন্নৰ সকলৰ উপৰত আক্ৰমণ চলায় ।

ইয়াৰ পিছতেই চহৰখনৰ স্থায়ী কিন্নৰ সকলে সোমবাৰে বিয়লি শিলচৰ সদৰ আৰক্ষী থানাত উপস্থিত হয় ৷ সম্প্ৰতি দলটোৱে আৰক্ষীৰ ওচৰত তেওঁলোকৰ সুৰক্ষাৰ দাবী জনাইছে বুলি জানিবলৈ দিছে ।

ইয়াৰোপৰি তেওঁলোকে জানিবলৈ দিয়ে যে, বেলেগ দলৰ কিন্নৰ সকল কেৱলমাত্ৰ বহিঃ ৰাজ্যৰ পৰাই নহয়, বাংলাদেশৰ পৰাও অসমলৈ আহিছে । এই বহিৰাগত কিন্নৰ সকলে স্থানীয় কিন্নৰ সকলক চহৰৰ পৰা বাহিৰ কৰি চহৰখন দখল কৰিব বিচাৰে । কিন্তু, অসমৰ স্থায়ী কিন্নৰসকলে সেয়া হ'বলৈ নিদিব বুলি মন্তব্য কৰি তেওঁলোকে এই ক্ষেত্ৰত এতিয়া স্থানীয় প্ৰশাসন আৰু ৰাজ্য চৰকাৰে উপযুক্ত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক : কুখ্যাত ডকাইত কিতাব আলীক গ্ৰেপ্তাৰ; ৰহস্য হৈ পৰিছে এটা বিশেষ পিস্তল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.