11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 5, 2021, 11:01 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত কিশোৰৰ মৃত্যু

কেৰালাত পুনৰ পোহৰলৈ আহিছে মাৰাত্মক নিপা ভাইৰাছৰ ঘটনা ৷ ৰাজ্যখনৰ কোজিকোডেত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ এটি 12 বছৰীয়া কিশোৰৰ মৃত্যু ঘটে ৷

পাঠদানৰ বাবে সাজু মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্ৰমে খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ এই অনুসৰি কেতবোৰ বিশেষ নীতি-নিৰ্দেশনাৰ মাজেৰে ৬ ছেপ্তেম্বৰৰ পৰা খোলা হ'ব শিক্ষানুষ্ঠানসমূহ ৷ হোষ্টেল সমূহৰক্ষেত্ৰতো বিশেষ নিৰ্দেশনা জাৰি চৰকাৰৰ ৷

শিৱসাগৰত টাইপাৰ উত্তাল প্ৰতিবাদ

টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলৰ দাবী, চৰকাৰে শীঘ্ৰে টাই আহোমক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে স্বায়ত্ব শাসন প্ৰদান কৰক ।

শিৱসাগৰত উদযাপন ঐক্য সেনাৰ প্ৰতিষ্ঠা দিৱস

শিৱসাগৰত উদযাপন ঐক্য সেনা অসমৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীতে সত্ৰীয়া সংস্কৃতিৰ সাধক, সত্ৰাধিকাৰ লীলাকান্ত মহন্তক প্ৰদান কৰ্মশ্ৰী বঁটা ৷

শিৱসাগৰত ডকাইতিৰ চেষ্টা : ডকাইত আটক

শিৱসাগৰত চাহপাত ভৰ্তি ট্ৰাকত ডকাইতি সংঘটিত কৰাৰ চেষ্টা দুৰ্বৃত্তৰ ৷ স্থানীয় ৰাইজৰ তৎপৰতাত ৰক্ষা পৰিল ট্ৰাক চালকৰ প্ৰাণ ৷ ধৃত এজন ডকাইত ৷

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত লোকবন্ধু দিৱস উদযাপন

মহানগৰীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান(B Borooah Cancer Institute)ৰ প্ৰেক্ষাগৃহত লোকবন্ধু দিৱস(Lokabandhu Day) উদযাপন ৷ ডাঃ ভূৱনেশ্বৰ বৰুৱাৰ(Dr Bhubaneswar Borooah) 128 সংখ্যক জন্মদিন উপলক্ষে উদযাপন এই দিৱস ৷ অনুষ্ঠানত ডাঃ ভূৱনেশ্বৰ বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘লোকবন্ধু’(Lokabandhu) চলচ্চিত্ৰখন প্ৰদৰ্শিত হয় ৷

বাঙালী সংগঠনক কঠোৰ সকীয়নি মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ

বাঙালী সংগঠনক কঠোৰ সকীয়নি মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ । বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ওপৰত বাঙালী সংগঠনে এজাহাৰ দাখিল কৰি যি ভয় দেখুৱাইছে তাক কেতিয়াও মানি লোৱা নহ'ব বুলি উল্লেখ কৰে মটক ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীয়ে ।

Happy Birthday পংকজ ত্ৰিপাঠী : বিহাৰৰ এখন সৰু গাঁৱৰ পৰা বলীউডলৈ

এসময়ত আন্ধেৰীৰ ৰাস্তাত কাম বিচাৰি সকলোৰে অনুনয়-বিনয় কৰাৰ পৰা ঘৰৰ পাৰ্কিঙত পৰিচালকে আহি ছবিৰ বাবে অফাৰ কৰালৈ সহজ নাছিল পংকজ ত্ৰিপাঠীৰ বলীউডৰ এই যাত্ৰা ৷ তেওঁৰ সংগ্ৰাম আৰু ধৈৰ্যৰ কাহিনী আমাৰ বাবে অনুপ্ৰেৰণা ৷

পাণবজাৰ আৰক্ষীৰ জালত ৩ গভাইত চোৰ

চোৰৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ অভিযান অব্যাহত । ম'বাইল চোৰৰ বিৰুদ্ধে এইবাৰ পাণবজাৰ আৰক্ষীয়ে চলালে অভিযান । অভিযানত আটক তিনিটাকৈ চোৰ ৷

পূৰ্বৰ শিক্ষামন্ত্ৰীয়ে গেলাই থৈ গ’ল শিক্ষা বিভাগ : SMSS ৰ সদস্য

নামভৰ্তিৰ বাবে আসনৰ নাটনিক কেন্দ্ৰ কৰি হোৱা সমস্যা সমাধানৰ প্ৰতিবাদত উত্তাল সৰুপথাৰৰ ধনশিৰি মহকুমা ৷ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত শনিবাৰে ইয়াৰ সমাধান বিচাৰি প্ৰতিবাদত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গ ৷ ৰাজ্যৰ প্ৰায় সকলো প্ৰান্তৰে ছাত্ৰ-ছাত্ৰীসকল সন্মুখীন হৈছে এই সমস্যাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.