7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Aug 20, 2022, 6:59 PM IST

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

আছু আৰু সাহিত্য সভাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী

আছু আৰু সাহিত্য সভাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আছুৰ মতে চৰকাৰ চলিব লাগিলে মুখ্যমন্ত্ৰী শ্বহীদ ন্যাসত গৈ বহি থকা ভাল হ’ব বুলি মন্তব্য কৰে ড৹ শৰ্মাই ৷ সাহিত্য সভাৰ সভাপতি কুলধৰ শকীয়াই(Asom Sahitya Sabha President) নিজৰ পুত্ৰক ইংৰাজী মাধ্যমত পঢ়াইছে । তেওঁ কথা ক’লে আমি কিয় শুনিম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আৰক্ষীৰ বাহনত আইইডি স্থাপনত জড়িত থকাৰ সন্দেহত আন এজনক গ্ৰেপ্তাৰ

মহাৰাষ্ট্ৰৰ ATSৰ দলে শনিবাৰে ৰাজেন্দ্ৰ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে । পাঞ্জাৱ আৰক্ষী আৰু ATSৰ দলে আহমেদনগৰ জিলাৰ শিৰডী চহৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে লোকজনক (Man arrested from Shirdi for planting IED)। পাঞ্জাৱৰ উপ-পৰিদৰ্শক দিলবাগ সিঙৰ এছইউভিৰ তলত আইইডি লুকুৱাই থোৱা ঘটনাত জড়িত থকাৰ সন্দেহত লোকজনক গ্ৰেপ্তাৰ ।

গুৱাহাটী মহানগৰীত বন্ধ হ’ব ১৬ খন চৰকাৰী বিদ্যালয়

শিক্ষাৰ সংস্কাৰৰ নামত চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে কামৰূপ মহানগৰ জিলাৰ ১৬ খনকৈ চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ বাবে শিক্ষা বিভাগে জাৰি কৰিছে নিৰ্দেশনা । ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাৰ বাবে একত্ৰীকৰণ কৰিব মহানগৰৰ ১৬ খনকৈ বিদ্যালয় । ৩০ তকৈ কম শিক্ষাৰ্থী থকাৰ বাবেই গ্ৰহণ কৰিছে এই সিদ্ধান্ত (Some government schools will be closed in Guwahati)।

১৩ গৰাকী শিক্ষকৰ ৫ গৰাকীয়ে নাহে বিদ্যালয়লৈ

চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ কৰ্মত গাফিলতি (Work Culture of govt teachers of Assam)। বঙাইগাঁৱৰ এখন বিদ্যালয়ত ৰাইজৰ প্ৰতিবাদ । একেদিনাই ১৩ গৰাকী শিক্ষকৰ ভিতৰত ৫ গৰাকীয়ে উপস্থিত নাই বিদ্যালয়ত । শিক্ষকৰ অনুপস্থিতিৰ বাবে শিক্ষাৰ্থীৰ শিক্ষা আহৰণত বাধা ।

বৰপেটাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান

ৰাজ্যজুৰি বানত ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰে সাহায্য প্ৰদান কৰে । শনিবাৰে এই সাহায্য প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় (Government relief for flood affected people of Assam)। বৰপেটাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বানপীড়িতসকলক সাহায্য প্ৰদান কৰে ।

বোন্দাত গোৰ্খা সম্প্ৰদায়ৰ দুদিনীয়া ভানু জয়ন্তী সমাৰোহ

দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা বোন্দাত আয়োজন কৰা হয় ৫১ সংখ্যক ভানু জয়ন্তী সমাৰোহ (Vanu Jayanti celebrations of Gorkha community at Bonda) ৷ এই সমাৰোহৰ পতাকা উত্তোলন কৰে ভানু জয়ন্তী সমাৰোহ সমিতিৰ সভানেত্ৰী লক্ষ্মী চুবেদীয়ে আৰু শ্বহীদ তৰ্পন কৰে বোন্দাৰ গাঁওবুঢ়া ভানা ৰাম লালুঙে ।

হোজাইৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ

শনিবাৰে হোজাইৰ জিলা সদৰ শংকৰদেৱ নগৰৰ কাছাৰী মৈদানত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় এক বিশেষ সভা ৷ এই সভাতে জিলাখনত বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক সৰ্বমুঠ ১২,১৩,৭৩,১০০ টকা প্ৰদান কৰা হয় ৷ সকলো হিতাধীকাৰীক নিজ নিজ একাউন্টত এই টকাখিনি ভৰাই দিয়া হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta distributes cheques to flood affected families in Hojai) ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সপোনক লৈ চিন্তিত হৈ পৰিছে বাঘবৰৰ বিধায়ক

ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিধায়ক শ্বেৰমান আলী ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সন্মুখতে ৰাজহ চক্ৰ বিষয়াগৰাকীৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰিলে বিধায়কগৰাকীয়ে (Baghbar Mla Sherman Ali against revenue circle officer) ৷

ত্ৰিপুৰাৰ আদিবাসী গাঁৱৰ ৰবৰ খেতিৰ মাজত উদ্ধাৰ নৰ কংকাল

ত্ৰিপুৰাৰ বেলোনিয়া মহকুমাৰ অন্তৰ্গত ৰিয়াং পাৰা কচাৰী গাঁৱত উদ্ধাৰ নৰ কংকাল (Human skeleton recovered in Tripura)। ৰবৰ খেতিৰ মাজত উদ্ধাৰ হৈছে নৰ কংকালটো । আৰক্ষী আৰু ফৰেনচিকৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

শান্তি আৰু আইন-শৃংখলা অবিহনে উদ্যোগৰ সম্প্ৰসাৰণ অসম্ভৱ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ সাহাই শনিবাৰে আগৰতলা চহৰৰ উপকণ্ঠৰ বোধজং নগৰৰ ঔদ্যোগিক চহৰ পৰিদৰ্শন কৰি এই কথা কয় ৷ আজিৰ দিনটোতে তেওঁ ঔদ্যোগিক সম্পত্তি পৰিদৰ্শন কৰি উদ্যোগপতি আৰু বিষয়াসকলৰ সৈতে পৃথকে বৈঠক অনুষ্ঠিত কৰে আৰু তাত কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰে (Tripura Chief Minister Manik Saha visited industrial city) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.