নলবাৰীত প্ৰজ্ঞা যোজনাৰ অধীনত বিশেষ টেট পৰীক্ষাৰ প্ৰশিক্ষণ

author img

By

Published : Sep 16, 2021, 2:06 PM IST

special-tet-exam-training-under-pragya-yojana-at-nalbari

ৰাজ্যত 28 অক্টোবৰত অনুষ্ঠিত হ’ব বিশেষ টেট পৰীক্ষা ৷ টেট পৰীক্ষাত অৱৰ্তীণ হ’ব বিচৰা নলবাৰী জিলাৰ যুৱক-যুৱতীসকলৰ সহায়ক হোৱাকৈ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ টেট পৰীক্ষাৰ প্ৰশিক্ষণ কাৰ্যসূচী ৷

নলবাৰী, 16 ছেপ্টেম্বৰ : শিক্ষাৰ নৱদ্বীপ নলবাৰীত টেট পৰীক্ষাৰ্থীক বিশেষ প্ৰশিক্ষণ দিয়াৰ বাবে বুধবাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰজ্ঞা যোজনাৰ অধীনত নলবাৰী জিলা নাট্য মন্দিৰত অনুষ্ঠিত কৰা হয় এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ । অনুষ্ঠানৰ আৰম্ভণিতে নলবাৰীৰ সংস্কৃত পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা প্ৰজ্ঞাৰ সভাপতি দীপক শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে ।

special-tet-exam-training-under-pragya-yojana-at-nalbari
নলবাৰীত প্ৰজ্ঞা যোজনাৰ অধীনত বিশেষ টেট পৰীক্ষাৰ প্ৰশিক্ষণ

বিশেষ টেট পৰীক্ষাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত । ননীগোপাল মহন্তই জয়ন্ত মল্ল বৰুৱাৰ পদক্ষেপক এক বৌদ্ধিক নেতৃত্ব বুলি উল্লেখ কৰে । তেওঁ বৰ্তমান যুগটো মানৱ সম্পদৰ যুগ বুলি উল্লেখ কৰি প্ৰযুক্তিৰ বিকাশৰ জৰিয়তেহে দেশৰ বিকাশৰ লগতে উন্নয়ন সম্ভৱ বুলি মন্তব্য কৰে ।

নলবাৰীত প্ৰজ্ঞা যোজনাৰ অধীনত বিশেষ টেট পৰীক্ষাৰ প্ৰশিক্ষণ

আনহাতে, এই প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল হোতা তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই অনুষ্ঠানত বৌদ্ধিক দিশত নলবাৰীৰ ভূমিকাৰ কথা ব্যক্ত কৰে । অনুস্থানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকন, নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ কমল নাৰায়ণ পাটোৱাৰী, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কৃষ্ণ চন্দ্ৰ গৌড়, নলবাৰী বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক : সকলো জিলাতে টেট পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ দাবী ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.