নলবাৰীৰ ঘগ্ৰাপাৰত মেডিকেল কলেজৰ বাহনৰ খুন্দাত নিহত এজন

author img

By

Published : Sep 23, 2022, 4:21 PM IST

Updated : Sep 23, 2022, 5:20 PM IST

Road accident in Nalbari One died

শুকুৰবাৰে নলবাৰীত মেডিকেল কলেজৰ বাহনৰ খুন্দাত নিহত হৈছে এজন লোক (Road accident in Nalbari)৷ নিহত ব্যক্তিজন ধনৰা গাঁৱৰ বাপন কলিতা (৪২) বুলি জানিব পৰা গৈছে ৷

নলবাৰী, 23 ছেপ্টেম্বৰ: নলবাৰীত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ নলবাৰীৰ ঘগ্ৰাপাৰত নিৰ্মীয়মান অৱস্থাত থকা মেডিকেল কলেজখনৰ নিৰ্মাণত ব্যস্ত থকা এখন ডাম্পাৰৰ খুন্দাত মৃত্যু হয় লোকজনৰ (Road accident in Nalbari) ৷

ঘটনা অনুসৰি, ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত নাৰপাৰাত নিৰ্মাণ হৈ থকা মেডিকেল কলেজখনৰ নিৰ্মাণত ব্যস্ত থকা এখন ডাম্পাৰে দোকানৰ সন্মুখত থিয় হৈ থাকোতে লোকজনক খুন্দা মাৰে (Man killed after medical college vehicle collision) ৷ নিহত লোকজন ধনৰা গাঁৱৰ বাপন কলিতা (৪২ ) বুলি জানিব পৰা গৈছে ৷

নলবাৰীৰ ঘগ্ৰাপাৰত মেডিকেল কলেজৰ বাহনৰ খুন্দাত নিহত এজন

অৱশ্যে লোকজনক ততাতৈয়াকৈ স্থানীয় ৰাইজে নলবাৰী স্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ উল্লেখ যে ইয়াৰ পুৰ্বেও ডাম্পাৰৰ খুন্দাতেই ঘগ্ৰাপাৰৰ আমৰাৰ এজন যুৱকৰ মৃত্যু হৈছিল । সম্প্ৰতি এই ঘটনাই ক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে নাৰপাৰাত ৷

ইফালে স্থানীয় ৰাইজে মেডিকেল কলেজখনৰ কৰ্তৃপক্ষক বাৰাম্বাৰ এই বিষয়ে জনোৱাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: নগাঁৱত পথ দুৰ্ঘটনাত গুৰুতভাৱে আহত ডিব্ৰুগড়ৰ মহিলা চিকিৎসক

Last Updated :Sep 23, 2022, 5:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.