Bardaisila Theater : বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি

author img

By

Published : Jul 29, 2022, 10:53 PM IST

Bardaisila Theater

অসমৰৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি (Bardaisila Theater inaugurated in Nalbari)। আজি বিয়লিৰ ভাগত নলবাৰীৰ পূৱ বনগাঁৱত মাংগলিক ৰীতি-নীতিৰে আখৰা গৃহ মুকলি কৰা হয় বৰদৈচিলা থিয়েটাৰৰ ।

নলবাৰী, ২৯ জুলাই : ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি (Bordoichila mobile theater)। ক'ভিডকালীন পৰিস্থিতিৰ পিছত পুনৰ ন-উদ্যমেৰে ২০২২-২৩ নাট্য বৰ্ষৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰি আখৰাৰ বাবে সাজু হৈ উঠিছে বৰদৈচিলা থিয়েটাৰ (Mobile theaters of Assam) । এইবেলি ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰৰ আজি শুভ মহুৰত কৰা হয় ।

বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি

পূৱ বনগাঁ‌ৱত থকা স্থায়ী আখৰা শিবিৰত নাৰিকল ভাঙি থিয়েটাৰখনৰ আনুষ্ঠানিকভাৱে শুভ মহুৰত কৰে বিশিষ্ট সমাজকৰ্মী তথা এমট্ৰনৰ উপ-মহাপ্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থই । বৰদৈচিলা থিয়েটাৰত এইবাৰ ৰাজ্যৰ দুগৰাকীকৈ জনপ্ৰিয় নাট্যকাৰৰ তিনিখনকৈ নাট কৰা হ'ব মঞ্চস্থ ।

Bardaisila Theater
বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি

নাটকেইখন হ'ল নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্যৰ "মহাদেৱ", দেশ কঁপাই যোৱা চাঞ্চল্যকৰ ধুবুৰী হত্যাকাণ্ডৰ পটভূমিত ৰচিত "ফাঁচীকাঠত ৰাজখোৱা" আৰু পল্লৱ পৱনৰ "হেণ্ডকাফ" ৷

Bardaisila Theater
বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি

বৰদৈচিলাৰ মঞ্চত এইবাৰ অভিনয় কৰিব বোলছবি আৰু মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা তপন দাস, সুদক্ষ অভিনেতা নিৰঞ্জন দাস, তপন শইকীয়া, পংকুল বৰা, মোহময়ী অভিনেত্ৰী কল্পনা কলিতা, বিস্মিতা বৰুৱা, মমতা মজুমদাৰকে ধৰি ভালেসংখ্যক অভিনেতা-অভিনেত্ৰীয়ে ।

Bardaisila Theater
বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি

আগষ্ট মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হ'ব বৰদৈচিলা থিয়েটাৰৰ নাট্য যাত্ৰা । আজিৰ শুভ অনুষ্ঠানত প্ৰযোজক নজৰুল ইছলামৰ লগতে অন্যান্য কলা-কুশলী আৰু অভিনেতা-অভিনেত্ৰীসকল উপস্থিত থাকে ৷ এমট্ৰনৰ উপ-মহাপ্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই ফিটা কাটি আখৰা গৃহৰ শুভ উদ্বোধন কৰে ।
লগতে পঢ়ক : Kuri Bosor Jail to be telecast: প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰ্দাত কলাগুৰুৰ "কুৰি বছৰ জেইল"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.