নলবাৰী ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Oct 2, 2022, 2:26 PM IST

89th-nalbari-raas-mahotsav-to-be-held-on-7-november

নলবাৰীৰ হৰিমন্দিৰৰ বাকৰিত অনুষ্ঠিত হ’ব 89 তম ৰাস মহোৎসৱ (89th Nalbari Raas Mahotsav) ৷ ৰাস উদযাপনক কেন্দ্ৰ কৰি প্ৰতিবছৰে উখল-মাখল হয় নলবাৰীৰ বুকু ৷ শ্ৰী শ্ৰী হৰিমন্দিৰতো 7 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ পালন কৰা হ’ব ৰাস মহোৎসৱ (Nalbari Raas Mahotsav to be held on 7 November) ৷

নলবাৰী, 2 অক্টোবৰ: অসমৰ ৰাস মহোসৱ বুলি ক’লেই নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ (Raas Festival of Sri Sri Harimandir) কথাই মনলৈ আহে৷ উজনি-নামনিৰ হাজাৰ হাজাৰ লোকেৰে ভৰি পৰে নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাসস্থলী । এইবেলি 7 নৱেম্বৰৰ পৰা 19 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত আৰম্ভ হ'ব ৰাস মহোৎসৱ (Nalbari Raas Mahotsav to be held on 7 November ) । 1933 চনৰ পৰা আৰম্ভ হোৱা ৰাস মহোৎসৱে এইবাৰ 89 বৰ্ষত ভৰি দিব (89th Nalbari Raas Mahotsav) ।

ৰাস মহোৎসৱ উদযাপনৰ নতুন কমিটিৰ সভাপতি নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Minister Jayanta Malla Baruah) এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে । উল্লেখ্য যে, বিগত দুটা বছৰ ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত ৰাস মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল ৷

ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি

যদিও এইবেলি ক’ভিড পৰিৱেশ কিছু উন্নত হোৱাত বিশাল আয়োজনেৰে এই মৃন্ময় মূৰ্তি প্ৰধান ৰাস মহোৎসৱ অনুষ্ঠিত কৰিবলৈ দিনে নিশাই ব্যস্ত হৈ আছে ৰাস উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলে ৷ প্ৰতিবছৰে ভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই বিশাল ৰাস মহোৎসৱ ৷

ইপিনে নলবাৰীৰ ৰাস মানে হ’ল ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত নাট্যযুদ্ধ । সেই অনুসৰি ৰাস মহোৎসৱৰ মাজতে 5 খনতকৈও অধিক ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব বুলি জনায় নলবাৰী হৰিমন্দিৰ কমিটিয়ে ৷

লগতে পঢ়ক: মহাসপ্তমীৰ উচাহৰ মাজতে হাইভল্টেজ ক্ৰিকেট মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.